--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় জনৰ চুমাৰ বাবে এতিয়া আৰু হাহাকাৰ কৰি থাকিব নালাগে৷ এতিয়া মনে বিচৰা মতে লোক এজনে চুমা খাই থাকিব পাৰিব৷ চীনৰ এখন বিশ্ববিদ্যালয়ে এই অনন্য "চুম্বন সঁজুলি" উদ্ভাৱন কৰিছে৷   চীনা ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে  বিভিন্ন ধৰণে এই বিষয়ত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিএনএনৰ মতে আৱিষ্কাৰটো চাংঝৌ ভকেচনেল  ইনষ্টিটিউট অফ মেকাট্ৰনিক টেকন'লজীৰ দ্বাৰা পেটেন্ট কৰোৱা হৈছে।

দূৰে দূৰে থকা  দম্পতীসকলক "প্ৰকৃত" শাৰীৰিক ঘনিষ্ঠতা অনুভৱ কৰিবলৈ  এই যন্ত্ৰই সহায় কিব৷ যন্ত্ৰটোত চিলিকনেৰে কৃত্ৰিম  ওঁঠ তৈয়াৰ কৰা হৈছে৷ এই অনন্য "চুম্বন সঁজুলি"ত প্ৰেচাৰ চেন্সৰ আৰু একচুৱেটৰৰ আছে।ফলত চুম্বনৰ মধুৰতা অধিক বৃদ্ধি পাব৷  চুম্বন গতিৰ উপৰি ডিভাইচটোৱে ব্যৱহাৰকাৰীয়ে কৰা শব্দও প্ৰেৰণ কৰিব পাৰে। 

ডিভাইচটো ব্যৱহাৰ কৰিবলৈ, ব্যৱহাৰকাৰীসকল কেৱল এটা ম'বাইল এপ ডাউনলোড কৰিব লাগিব আৰু ডিভাইচটো ফোনৰ চাৰ্জিং পোৰ্টত প্লাগ কৰিব লাগিব।  চীনৰ গ্লোবেল টাইমছক  যন্ত্ৰ বিধৰ  আৱিষ্কাৰক জিয়াং ঝংলিয়ে কয়, "এয়া এক মহান আৱিষ্কাৰ হিচাবে পৰিগণিত হ’ব৷’’জিয়াঙে ২০১৯  চনত পেটেন্টৰ বাবে আবেদন কৰিছিল কিন্তু পেটেন্টটো জানুৱাৰী ২০২৩ তহে লাভ কৰে । 


তেওঁ এতিয়া আশা কৰিছে যে এই সঁজুলিটোত আগ্ৰহী কোনোবাই অধিক ৰু নিখুঁত কৰিব পাৰে। ইফালে, চীনা ছ'চিয়েল মিডিয়া ৱেইবোত ডিভাইচটোৱে এক আলোড়নৰ সৃষ্টি কৰিছে।  কিছুমানে ইয়াক "অশ্লীল" আৰু "ভয়ংকৰ" বুলি সমালোচনা কৰিছিল। কিছুমানে আনকি নাবালকসকলে এনে যন্ত্ৰ  ক্ৰয় আৰু ব্যৱহাৰ কৰিব পাৰে বুলিও বহুতে  উদ্বেগ ব্যক্ত কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক