--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয় জনৰ চুমাৰ বাবে এতিয়া আৰু হাহাকাৰ কৰি থাকিব নালাগে৷ এতিয়া মনে বিচৰা মতে লোক এজনে চুমা খাই থাকিব পাৰিব৷ চীনৰ এখন বিশ্ববিদ্যালয়ে এই অনন্য "চুম্বন সঁজুলি" উদ্ভাৱন কৰিছে৷   চীনা ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে  বিভিন্ন ধৰণে এই বিষয়ত  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিএনএনৰ মতে আৱিষ্কাৰটো চাংঝৌ ভকেচনেল  ইনষ্টিটিউট অফ মেকাট্ৰনিক টেকন'লজীৰ দ্বাৰা পেটেন্ট কৰোৱা হৈছে।

দূৰে দূৰে থকা  দম্পতীসকলক "প্ৰকৃত" শাৰীৰিক ঘনিষ্ঠতা অনুভৱ কৰিবলৈ  এই যন্ত্ৰই সহায় কিব৷ যন্ত্ৰটোত চিলিকনেৰে কৃত্ৰিম  ওঁঠ তৈয়াৰ কৰা হৈছে৷ এই অনন্য "চুম্বন সঁজুলি"ত প্ৰেচাৰ চেন্সৰ আৰু একচুৱেটৰৰ আছে।ফলত চুম্বনৰ মধুৰতা অধিক বৃদ্ধি পাব৷  চুম্বন গতিৰ উপৰি ডিভাইচটোৱে ব্যৱহাৰকাৰীয়ে কৰা শব্দও প্ৰেৰণ কৰিব পাৰে। 

ডিভাইচটো ব্যৱহাৰ কৰিবলৈ, ব্যৱহাৰকাৰীসকল কেৱল এটা ম'বাইল এপ ডাউনলোড কৰিব লাগিব আৰু ডিভাইচটো ফোনৰ চাৰ্জিং পোৰ্টত প্লাগ কৰিব লাগিব।  চীনৰ গ্লোবেল টাইমছক  যন্ত্ৰ বিধৰ  আৱিষ্কাৰক জিয়াং ঝংলিয়ে কয়, "এয়া এক মহান আৱিষ্কাৰ হিচাবে পৰিগণিত হ’ব৷’’জিয়াঙে ২০১৯  চনত পেটেন্টৰ বাবে আবেদন কৰিছিল কিন্তু পেটেন্টটো জানুৱাৰী ২০২৩ তহে লাভ কৰে । 


তেওঁ এতিয়া আশা কৰিছে যে এই সঁজুলিটোত আগ্ৰহী কোনোবাই অধিক ৰু নিখুঁত কৰিব পাৰে। ইফালে, চীনা ছ'চিয়েল মিডিয়া ৱেইবোত ডিভাইচটোৱে এক আলোড়নৰ সৃষ্টি কৰিছে।  কিছুমানে ইয়াক "অশ্লীল" আৰু "ভয়ংকৰ" বুলি সমালোচনা কৰিছিল। কিছুমানে আনকি নাবালকসকলে এনে যন্ত্ৰ  ক্ৰয় আৰু ব্যৱহাৰ কৰিব পাৰে বুলিও বহুতে  উদ্বেগ ব্যক্ত কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু