--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোন বেছি কথা চহকী, পুৰুষ নে মহিলা? প্ৰশ্নটোৰ উত্তৰ তপৰাই দিয়াটো সাধাৰণ মানুহৰ বাবে কঠিন কাম৷ কিন্তু এই কঠিন কামটোকেগৱেষণাৰ জৰিয়তে সহজ কৰি তুলিছে বিজ্ঞানীসকলে৷ শেহতীয়া বহু বৈজ্ঞানিক গৱেষণাত প্ৰকাশ পাইছে যে পুৰুষতকৈ প্ৰায়ভাগ মহিলাই বহু বেছি কথা কয়৷

 বৈজ্ঞানিক গৱেষণাত দাবী কৰা হৈছে  যে মহিলাসকলে দিনে প্ৰায় ২০,০০০ শব্দ কয় - সাধাৰণ পুৰুষতকৈ এয়া  প্ৰায় ১৩,০০০ শব্দ  বেছি।  বিজ্ঞানীসকলে লগতে কৈছে  যে ফক্সপ ২ প্ৰ'টিনৰ আধিক্যৰ বাবেই   মহিলাসকল অধিক  কথকী  হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে জানিব পাৰিছে  যে মগজুত অধিক ফক্সপ২  (যাক 'ভাষাৰ প্ৰ'টিন বুলি জনা যায়) প্ৰ'টিন থকা লোকসকলৰ কথা কোৱাৰ প্ৰৱণতা বেছি৷ 

 নিগনিৰ ওপৰত গৱেষণা চলাই বিজ্ঞানীসকলে এই সত্যত উপনীত হৈছে৷  গৱেষকসকলৰ মতে মহিলাৰ ক্ষেত্ৰত এনে প্ৰ’টিন  বেছিকৈ থকা দেখা যায়৷ জাৰ্নেল অফ নিউৰোচাইন্সতো এই বিষয়ে  প্ৰতিবেদন প্ৰকাশ পাইছিল৷  মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে  দহজন ল'ৰা আৰু ১০ গৰাকী ছোৱালীৰ নমুনা পৰীক্ষা কৰিছিল ৷ পৰীক্ষাটোত দেখা গৈছিল যে ছোৱালীবোৰৰ ল'ৰাতকৈ  ফক্সপ২ প্ৰ'টিনৰ ৩০ শতাংশ অধিক আছে৷গৱেষক মাৰ্গাৰেট মেককাৰ্থীয়ে কয় : 'আমাৰ পৰ্যৱেক্ষণৰ ওপৰত আধাৰ কৰি, আমি ছোৱালীৰ ক্ষেত্ৰত ফক্সপ২-ৰ উচ্চ স্তৰ আৰু পুৰুষৰ ক্ষেত্ৰত ফক্সপ২-ৰ কম  স্তৰ দেখিবলৈ পাইছিলো,৷ 

 'অধ্যয়নবোৰে দেখুৱাইছে  ছোৱালীয়ে  ল'ৰাতকৈ আগতে আৰু অধিক সোনকালে কথা ক'বলৈ শিকে। তেওঁলোকে তেওঁলোকৰ প্ৰথম শব্দ আৰু বাক্য ল’ৰাতকৈ আগতে প্ৰস্তুত কৰিবলৈ সক্ষম হয়৷ ছোৱালীৰ  শব্দভাণ্ডাৰো বেছ টনকিয়াল  আৰু একে বয়সৰ ল'ৰাতকৈ অধিক বাক্যৰ প্ৰকাৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে, এই প্ৰ’টিন আৱিষ্কাৰ কৰা অক্সফৰ্ডৰ গৱেষক  চাইমন ফিচাৰেকয় যে ইমান কম সংখ্যক লোকৰ অধ্যয়নৰ পৰা এনে ডাঙৰ সিদ্ধান্ত লোৱাটো সম্পূৰ্ণ শুদ্ধ কথা নহবওঁ পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু