--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোন বেছি কথা চহকী, পুৰুষ নে মহিলা? প্ৰশ্নটোৰ উত্তৰ তপৰাই দিয়াটো সাধাৰণ মানুহৰ বাবে কঠিন কাম৷ কিন্তু এই কঠিন কামটোকেগৱেষণাৰ জৰিয়তে সহজ কৰি তুলিছে বিজ্ঞানীসকলে৷ শেহতীয়া বহু বৈজ্ঞানিক গৱেষণাত প্ৰকাশ পাইছে যে পুৰুষতকৈ প্ৰায়ভাগ মহিলাই বহু বেছি কথা কয়৷

 বৈজ্ঞানিক গৱেষণাত দাবী কৰা হৈছে  যে মহিলাসকলে দিনে প্ৰায় ২০,০০০ শব্দ কয় - সাধাৰণ পুৰুষতকৈ এয়া  প্ৰায় ১৩,০০০ শব্দ  বেছি।  বিজ্ঞানীসকলে লগতে কৈছে  যে ফক্সপ ২ প্ৰ'টিনৰ আধিক্যৰ বাবেই   মহিলাসকল অধিক  কথকী  হয়৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে জানিব পাৰিছে  যে মগজুত অধিক ফক্সপ২  (যাক 'ভাষাৰ প্ৰ'টিন বুলি জনা যায়) প্ৰ'টিন থকা লোকসকলৰ কথা কোৱাৰ প্ৰৱণতা বেছি৷ 

 নিগনিৰ ওপৰত গৱেষণা চলাই বিজ্ঞানীসকলে এই সত্যত উপনীত হৈছে৷  গৱেষকসকলৰ মতে মহিলাৰ ক্ষেত্ৰত এনে প্ৰ’টিন  বেছিকৈ থকা দেখা যায়৷ জাৰ্নেল অফ নিউৰোচাইন্সতো এই বিষয়ে  প্ৰতিবেদন প্ৰকাশ পাইছিল৷  মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে  দহজন ল'ৰা আৰু ১০ গৰাকী ছোৱালীৰ নমুনা পৰীক্ষা কৰিছিল ৷ পৰীক্ষাটোত দেখা গৈছিল যে ছোৱালীবোৰৰ ল'ৰাতকৈ  ফক্সপ২ প্ৰ'টিনৰ ৩০ শতাংশ অধিক আছে৷গৱেষক মাৰ্গাৰেট মেককাৰ্থীয়ে কয় : 'আমাৰ পৰ্যৱেক্ষণৰ ওপৰত আধাৰ কৰি, আমি ছোৱালীৰ ক্ষেত্ৰত ফক্সপ২-ৰ উচ্চ স্তৰ আৰু পুৰুষৰ ক্ষেত্ৰত ফক্সপ২-ৰ কম  স্তৰ দেখিবলৈ পাইছিলো,৷ 

 'অধ্যয়নবোৰে দেখুৱাইছে  ছোৱালীয়ে  ল'ৰাতকৈ আগতে আৰু অধিক সোনকালে কথা ক'বলৈ শিকে। তেওঁলোকে তেওঁলোকৰ প্ৰথম শব্দ আৰু বাক্য ল’ৰাতকৈ আগতে প্ৰস্তুত কৰিবলৈ সক্ষম হয়৷ ছোৱালীৰ  শব্দভাণ্ডাৰো বেছ টনকিয়াল  আৰু একে বয়সৰ ল'ৰাতকৈ অধিক বাক্যৰ প্ৰকাৰ ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে, এই প্ৰ’টিন আৱিষ্কাৰ কৰা অক্সফৰ্ডৰ গৱেষক  চাইমন ফিচাৰেকয় যে ইমান কম সংখ্যক লোকৰ অধ্যয়নৰ পৰা এনে ডাঙৰ সিদ্ধান্ত লোৱাটো সম্পূৰ্ণ শুদ্ধ কথা নহবওঁ পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement