--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি চুম্বন৷ সেই সময়কণত নীবিড় হৈছিল দুয়ো৷ ইজনে-সিজনৰ ওঠৰ পৰশে আলোড়িত কৰিছিল সময়খিনিও৷ কিন্তু এয়া বাস্তৱৰ প্ৰেমিক যুগলৰ প্ৰেমৰ উন্মাদনা নহয়; এয়া ৰীল লাইফৰ কিছু দৃশ্যাংশ৷ এই চুম্বনে এতিয়া সৃষ্টি কৰিছে বিতৰ্কৰ৷ তেতিয়া সময় আছিল ২০১৭৷ বিতৰ্কই লগ নেৰা অভিনেত্ৰী কংগনা ৰাণাৱট আৰু অভিনেতা শ্বাহিদ কাপুৰৰ ছবি ৰেঙ্গুনৰ প্ৰচাৰ চলি আছিল৷ আৰু তেনে সময়তে কৰা এক মন্তব্যই সকলোকে কৰি তুলিছিল আচৰিত৷ শ্বাহিদ আৰু কংগনাৰ চুম্বন শ্বাহিদ কাপুৰ আৰু কংগনা ৰাণাৱটে বিশাল ভৰদ্বাজৰ ২০১৭ চনৰ ছবি ৰেঙ্গুনৰ প্ৰচাৰ আৰম্ভ কৰিছিল৷ আৰু এই প্ৰচাৰৰ সময়তে এক শীতল যুদ্ধৰ সৃষ্টি হৈছিল, পাছত কম সময়তে এই যুদ্ধই ভয়ংকৰ ৰূপ লৈছিল। ছবিখনত শ্বাহিদৰ সৈতে কংগনাৰ এটি চুম্বন দৃশ্য৷ হিন্দী বোলছবিত চুম্বনৰ দৃশ্য সহজলভ্য৷ এই চুম্বনে পাছলৈ ইমান ভয়ংকৰ ৰূপ লয় যে শেষত ইয়াৰ বাবে শ্বাহিদ আৰু কংগনাৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষৰ৷ কংগনাই চুম্বনটোক কদর্য বুলি বৰ্ণনা কৰিছিল৷ কংগনাৰ বৰ্ণনাটোৱে বলীউডৰ উদ্যোগটোত যথেষ্ট আলোড়ন সৃষ্টি কৰিছিল। শ্বাহিদ আৰু কংগনাৰ চুম্বনশ্বাহিদ আৰু কংগনাক 'ৰেঙ্গুন'ত এটি চুম্বনৰ দৃশ্য প্ৰদৰ্শন কৰা দেখা গৈছিল। দুয়োগৰাকী অভিনেতাই অৰ্ধ-উলংগ অৱস্থাত আছিল আৰু তেওঁলোকৰ শৰীৰত বোকা লাগি আছিল। ছবিখনত শ্বাহিদৰ গোঁফ আছিল আৰু চুম্বনৰ সময়ত এই গোঁফে এক প্ৰকাৰৰ অস্বস্তিকৰ কৰি তুলিছিল কংগনাক৷ এক সাক্ষাৎকাৰত ছবিখনৰ বহুচৰ্চিত চুম্বন দৃশ্যৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ‘মই চলচ্চিত্ৰৰ অন্তৰংগ দৃশ্য ভাল নাপাওঁ। সেইবোৰ দৃশ্যগ্ৰহণ কৰা আটাইতকৈ কঠিন। কাৰোবাৰ সৈতে আপোনাৰ এটা আনুষ্ঠানিক সমীকৰণ আছে আৰু হঠাতে আপুনি ইজনে সিজনক চুম্বন কৰিব লাগে। শ্বাহিদৰ গোঁফৰ বাবে এইটো বহুত কঠিন হৈ পৰিছিল’ কংগনাই সাক্ষাৎকাৰটোত এনেদৰে কৈছিল। আনহাতে, শ্বাহিদে কংগনাৰ মন্তব্যত বৰ অস্বস্তিকৰ অনুভৱ কৰিছিল। উল্লেখ্য যে, ফিল্মফেয়াৰে শ্বাহিদক এই বিষয়ে প্ৰশ্ন কৰিছিল আৰু তাৰ উত্তৰত কংগনাৰ ৱান-লাইনাৰৰ প্ৰতি আগ্ৰহ আছে বুলি তেওঁ দাবী কৰিছিল। শ্বাহিদৰ মতে, চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ সময়ত দুয়োৰে এটা পেছাদাৰী সমীকৰণ আছিল। ফলস্বৰূপে, এই মন্তব্যই তেওঁকো আচৰিত কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক