--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ককাদেউতা হ'ল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণ। প্ৰথমবাৰলৈ ককা হ'বলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে কণ্ঠশিল্পী গৰাকী। উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণে সকলোকে জনায় এই ভাল খবৰ। উদিত নাৰায়ণৰ বোৱাৰী তথা আদিত্যৰ পত্নী শ্বেতা আগৰৱালে জন্ম দিয়ে এটি কন্যা সন্তান। উদিত নাৰায়ণ আদিত্য নাৰায়ণে কয় যে, ''সকলোৱে কৈ আছিল আমাৰ এটা পুত্ৰ হ'ব। কিন্তু মই ঈশ্বৰক মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ যে আমাৰ এজনী ছোৱালী জন্ম হ'ব লাগে। মই ভাবো যে ছোৱালীবোৰ পিতৃৰ আটাইতকৈ মনৰ ওচৰৰ। মই বহুত সুখী যে আমাৰ ঘৰলৈ লক্ষ্মী আহিছে। মোৰ পিতৃ-মাতৃও এই কথাত বহুত সুখী। মই আৰু শ্বেতা পতি-পত্নীৰ পৰা পিতৃ-মাতৃ হ'বলৈ পাই এতিয়া অত্যন্ত গৌৰৱান্বিত।" আদিত্যই লগতে কয় যে ''শ্বেতাৰ প্ৰতি মোৰ মৰম আৰু সন্মান দুগুণ হৈছে। এগৰাকী মহিলাই গৰ্ভধাৰণৰ পৰ্যায়ত বহুতো কষ্টৰ মাজেৰে এটি কেঁচুৱা জন্ম দিয়ে।" উদিত নাৰায়ণ উল্লেখ্য যে শ্বেতাই যোৱা ২৪ ফেব্ৰুৱাৰীত মুম্বাইৰ এখন চিকিৎসালয়ত কন্যা সন্তানটিৰ জন্ম দিয়ে। কথাটো ইমানদিনে লুকুৱাই ৰাখি আজিহে সংবাদ মাধ্যমক জনায় নাৰায়ণ পৰিয়ালে। ২০২০ চনৰ ১ ডিচেম্বৰত ডেৰ বছৰৰ ডাঙৰ শ্বেতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আদিত্য নাৰায়ণ। ককাক উদিত নাৰায়ণ আৰু নতুনকৈ পিতৃ-মাতৃ হোৱা আদিত্য-শ্বেতাক শুভকামনাৰে উপচাই পেলাইছে বলীউডৰ শিল্পীসকলৰ লগতে অনুৰাগীসকলে। আৰু পঢ়কঃ মছজিদত আত্মঘাতী বিস্ফোৰণ! ৩০ জনৰ মৃত্যু,৫০ৰো অধিক গুৰুতৰভাৱে আহত

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু