--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ককাদেউতা হ'ল বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণ। প্ৰথমবাৰলৈ ককা হ'বলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে কণ্ঠশিল্পী গৰাকী। উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণে সকলোকে জনায় এই ভাল খবৰ। উদিত নাৰায়ণৰ বোৱাৰী তথা আদিত্যৰ পত্নী শ্বেতা আগৰৱালে জন্ম দিয়ে এটি কন্যা সন্তান। উদিত নাৰায়ণ আদিত্য নাৰায়ণে কয় যে, ''সকলোৱে কৈ আছিল আমাৰ এটা পুত্ৰ হ'ব। কিন্তু মই ঈশ্বৰক মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ যে আমাৰ এজনী ছোৱালী জন্ম হ'ব লাগে। মই ভাবো যে ছোৱালীবোৰ পিতৃৰ আটাইতকৈ মনৰ ওচৰৰ। মই বহুত সুখী যে আমাৰ ঘৰলৈ লক্ষ্মী আহিছে। মোৰ পিতৃ-মাতৃও এই কথাত বহুত সুখী। মই আৰু শ্বেতা পতি-পত্নীৰ পৰা পিতৃ-মাতৃ হ'বলৈ পাই এতিয়া অত্যন্ত গৌৰৱান্বিত।" আদিত্যই লগতে কয় যে ''শ্বেতাৰ প্ৰতি মোৰ মৰম আৰু সন্মান দুগুণ হৈছে। এগৰাকী মহিলাই গৰ্ভধাৰণৰ পৰ্যায়ত বহুতো কষ্টৰ মাজেৰে এটি কেঁচুৱা জন্ম দিয়ে।" উদিত নাৰায়ণ উল্লেখ্য যে শ্বেতাই যোৱা ২৪ ফেব্ৰুৱাৰীত মুম্বাইৰ এখন চিকিৎসালয়ত কন্যা সন্তানটিৰ জন্ম দিয়ে। কথাটো ইমানদিনে লুকুৱাই ৰাখি আজিহে সংবাদ মাধ্যমক জনায় নাৰায়ণ পৰিয়ালে। ২০২০ চনৰ ১ ডিচেম্বৰত ডেৰ বছৰৰ ডাঙৰ শ্বেতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আদিত্য নাৰায়ণ। ককাক উদিত নাৰায়ণ আৰু নতুনকৈ পিতৃ-মাতৃ হোৱা আদিত্য-শ্বেতাক শুভকামনাৰে উপচাই পেলাইছে বলীউডৰ শিল্পীসকলৰ লগতে অনুৰাগীসকলে। আৰু পঢ়কঃ মছজিদত আত্মঘাতী বিস্ফোৰণ! ৩০ জনৰ মৃত্যু,৫০ৰো অধিক গুৰুতৰভাৱে আহত

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য