--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন ডি আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ, ই কেলচিয়াম শোষণত সহায় কৰে, যিয়ে হাড় আৰু দাঁতৰ শক্তি বজাই ৰাখে। এই পুষ্টিকৰ পদাৰ্থটোক ‘ছানশ্বাইন ভিটামিন’ বুলিও কোৱা হয়, কিয়নো ইয়াক আহৰণ কৰিবলৈ সাধাৰণতে সূৰ্যৰ পোহৰত বহিবলগীয়া হয়। বিশেষকৈ ৰাতিপুৱাৰ সূৰ্য্যৰ পোহৰ আমাৰ বাবে অতি উপকাৰী, কিন্তু সকলোৱে ৰ’দত বহিবলৈ সময় নাপায় বা কেতিয়াবা চহৰৰ ফ্লেটত বাস কৰা মানুহেও সূৰ্য্যৰ পোহৰ ভালদৰে নাপায়। এনে পৰিস্থিতিত তেওঁলোকে কেনেকৈ লাভ কৰিব ভিটামিন ডি?

এই খাদ্যসমূহ খাই ভিটামিন ডি লাভ কৰক

সূৰ্যৰ পোহৰে ভিটামিন ডিৰ সৰ্বোত্তম উৎস, কিন্তু কিছুমান বিশেষ ধৰণৰ খাদ্য খাইও এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান লাভ কৰিব পাৰে, আহকচোন সেই খাদ্য সামগ্ৰী কি কি জানি লওঁ।

-গৰুৰ গাখীৰ
-কাঠফুলা
-কণী
-ভিটামিন ডিৰ ছাপ্লিমেণ্ট
-মাছ
-দালিয়া
-ধানজাতীয় শস্য

ভিটামিন ডিৰ বাবে সূৰ্য্যৰ পোহৰ কিয় উত্তম?

বহু খাদ্য খালে ভিটামিন ডি পাব যদিও তথাপিও দৈনিক ১০ৰ পৰা ২০ মিনিট ৰ’দত বহি থকাৰ অভ্যাস এৰি নিদিব, কাৰণ ই আপোনাৰ শৰীৰক বহুখিনি উপকৃত কৰিব পাৰে।

দৈনিক ৰ’দত কিছু সময় কটালে আপুনি শিথিলতা অনুভৱ কৰিব, যাৰ ফলত পেশীৰ বিষ কমি যায়, আপোনাৰ মগজুৰ জ্ঞান বিকাশ উন্নত হয়।

যেতিয়া আপুনি ৰ’দৰ সংস্পৰ্শত থাকে তেতিয়া আমাৰ মগজুৱে চেৰ’টনিন নামৰ হৰম’ন এটা নিৰ্গত কৰিবলৈ আৰম্ভ কৰে, যিয়ে আপোনাৰ মেজাজ উন্নত কৰে আৰু মানসিক চাপৰ পৰা মুক্ত কৰে।

গৰ্ভৱতী মহিলাই দৈনিক কিছু সময় ৰ’দত গা ধুব লাগে কাৰণ ভিটামিন ডিৰ সহায়ত প্ৰসৱ আৰু জন্মৰ লগত জড়িত সংক্ৰমণৰ পৰা হাত সাৰিবলৈ সহায় কৰে।

বহু গৱেষণাত প্ৰমাণিত হৈছে যে ৰ’দত গা ধুলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যাৰ ফলত আপুনি বহু ধৰণৰ সংক্ৰমণ আৰু ৰোগৰ পৰা ৰক্ষা পৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটৰ অপহৃত কিশোৰী নগাঁৱৰ হোটেলৰ পৰা উদ্ধাৰ
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি