--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে আমাক বহুত খনিজ পদাৰ্থৰ প্ৰয়োজন, ইয়াৰে এটা হ’ল আইৰণ। বহু সময়ত জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আমি এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানটোৰ পৰা বঞ্চিত হৈ পৰো। আইৰণৰ উপস্থিতিৰ বাবে আমাৰ শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত ৰক্তকণিকা উৎপন্ন হয়। আইৰণৰ অভাৱ হ’লে ৰক্তহীনতাৰ বলি হ’ব পাৰে।

আইৰণৰ অভাৱত এনে লক্ষণ দেখা যায়

-সকলো সময়তে ভাগৰুৱা অনুভৱ।
-সঘনাই জিভা শুকান হোৱা
-বহুত পিয়াহ লগা।
-সকলো সময়তে দুৰ্বল অনুভৱ কৰা।
-অত্যধিক চুলি সৰি পৰা
-ডিঙিৰ বিষ বৃদ্ধি
-শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা।

কিমান বয়সত কিমান আইৰণৰ প্ৰয়োজন হয়?

ভাৰতৰ বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱে কয় যে পুৰুষ আৰু মহিলাৰ প্ৰতিটো বয়সতে আইৰণৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। শিশুতকৈ যুৱক-যুৱতীক এই খনিজ অধিক প্ৰয়োজন। যিহেতু মহিলাসকলে প্ৰতিমাহে মাহেকীয়াৰ সময়ত ৰক্তক্ষৰণৰ সন্মুখীন হ’বলগীয়া হয়, সেয়েহে তেওঁলোকক পুৰুষতকৈ অধিক আইৰণৰ প্ৰয়োজন হয়।

৪ৰ পৰা ৮ বছৰ বয়সৰ শিশু – দৈনিক ১০ মিলিগ্ৰাম আইৰণ
৯ৰ পৰা ১৩ বছৰ বয়সৰ – দৈনিক ৮ মিলিগ্ৰাম আইৰণ
১৯ৰ পৰা ৫০ বছৰ বয়সৰ মহিলা – দৈনিক ১৮ মিলিগ্ৰাম আইৰণ
১৯ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ – দৈনিক ৮ মিলিগ্ৰাম আইৰণ

আইৰণ সমৃদ্ধ খাদ্য

আপুনি বুজি পাইছে যে আমাৰ শৰীৰৰ স্বাস্থ্যৰ বাবে আমাক নিয়মীয়াকৈ আইৰণৰ প্ৰয়োজন হয়, জানি লওক কোনবোৰ খাদ্য সামগ্ৰী খালে শৰীৰে এই খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পাব।

-আলমণ্ড
-কাজু
-আখৰোট
-তুলসী
-গুড়
-বাদাম
-তিল
-বীটৰুট
-আমলখি
-জামু
-পিস্তা
-নেমু
-ডালিম
-আপেল
-পালেংশাক
-কিচমিচ
-অঞ্জীৰ
-মধুৰী
-কল
-গজালি ওলোৱা মগু

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement