--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে আমাক বহুত খনিজ পদাৰ্থৰ প্ৰয়োজন, ইয়াৰে এটা হ’ল আইৰণ। বহু সময়ত জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে আমি এই গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানটোৰ পৰা বঞ্চিত হৈ পৰো। আইৰণৰ উপস্থিতিৰ বাবে আমাৰ শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত ৰক্তকণিকা উৎপন্ন হয়। আইৰণৰ অভাৱ হ’লে ৰক্তহীনতাৰ বলি হ’ব পাৰে।

আইৰণৰ অভাৱত এনে লক্ষণ দেখা যায়

-সকলো সময়তে ভাগৰুৱা অনুভৱ।
-সঘনাই জিভা শুকান হোৱা
-বহুত পিয়াহ লগা।
-সকলো সময়তে দুৰ্বল অনুভৱ কৰা।
-অত্যধিক চুলি সৰি পৰা
-ডিঙিৰ বিষ বৃদ্ধি
-শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱা।

কিমান বয়সত কিমান আইৰণৰ প্ৰয়োজন হয়?

ভাৰতৰ বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱে কয় যে পুৰুষ আৰু মহিলাৰ প্ৰতিটো বয়সতে আইৰণৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ। শিশুতকৈ যুৱক-যুৱতীক এই খনিজ অধিক প্ৰয়োজন। যিহেতু মহিলাসকলে প্ৰতিমাহে মাহেকীয়াৰ সময়ত ৰক্তক্ষৰণৰ সন্মুখীন হ’বলগীয়া হয়, সেয়েহে তেওঁলোকক পুৰুষতকৈ অধিক আইৰণৰ প্ৰয়োজন হয়।

৪ৰ পৰা ৮ বছৰ বয়সৰ শিশু – দৈনিক ১০ মিলিগ্ৰাম আইৰণ
৯ৰ পৰা ১৩ বছৰ বয়সৰ – দৈনিক ৮ মিলিগ্ৰাম আইৰণ
১৯ৰ পৰা ৫০ বছৰ বয়সৰ মহিলা – দৈনিক ১৮ মিলিগ্ৰাম আইৰণ
১৯ৰ পৰা ৫০ বছৰ বয়সৰ পুৰুষ – দৈনিক ৮ মিলিগ্ৰাম আইৰণ

আইৰণ সমৃদ্ধ খাদ্য

আপুনি বুজি পাইছে যে আমাৰ শৰীৰৰ স্বাস্থ্যৰ বাবে আমাক নিয়মীয়াকৈ আইৰণৰ প্ৰয়োজন হয়, জানি লওক কোনবোৰ খাদ্য সামগ্ৰী খালে শৰীৰে এই খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পাব।

-আলমণ্ড
-কাজু
-আখৰোট
-তুলসী
-গুড়
-বাদাম
-তিল
-বীটৰুট
-আমলখি
-জামু
-পিস্তা
-নেমু
-ডালিম
-আপেল
-পালেংশাক
-কিচমিচ
-অঞ্জীৰ
-মধুৰী
-কল
-গজালি ওলোৱা মগু

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু