--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড০ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচি ৰিছাৰ্চ এণ্ড এনালাইছিছৰ নিৰন্তৰ পৰিচালনাৰ অৰ্থে উত্তৰ পূব পৰিষদ(এনইচি) শ্বিলং, আইআইএম, শ্বিলং আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়(ডনাৰ)ৰ মাজত ২০২৪ বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত  এক বুজাবুজিৰ চুক্তি সম্পাদন হয়। শ্বিলঙৰ উত্তৰ পূব পৰিষদৰ সচিবালয়ত অনুষ্ঠিত চুক্তি স্বাক্ষৰ অনুষ্ঠানত ৱেবলিংকৰ জড়িয়তে উপস্থিত থাকে  উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়(এমডিওএনইআৰ)ৰ প্ৰতিনিধি।

 উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী অংশুমান দে, এনইচিৰ সচিব শ্ৰী মোজেছ কে চালাই আৰু আইআইএম, শ্বিলঙৰ সঞ্চালক অধ্যাপক ডি পি গোৱেলে    উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ আৰু ডনাৰ, এনইচি আৰু আইআইএম শ্বিলঙৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।

 ড০ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচি ৰিছাৰ্চ এণ্ড এনালাইছিছ ১৫ অক্টোবৰ ২০১৬ত আইআইএম, শ্বিলং আৰু উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় (এমডিওএনইআৰ) আৰু উত্তৰ-পূব পৰিষদৰ মাজত স্বাক্ষৰিত  এক ত্ৰিপাক্ষিক চুক্তিৰ মৰ্মে  সৃষ্টি কৰা হৈছিল। উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহ আৰু বিভিন্ন  সংস্থাক প্ৰকল্প সমূহৰ সঠিক পৰিকল্পনা আৰু কাৰ্যকৰীকৰণত সহায় কৰাৰ অৰ্থে এক অত্যাধুনিক কেন্দ্ৰ হিচাপে এই কেন্দ্ৰই  আত্মপ্ৰকাশ কৰিছিল। এই কেন্দ্ৰ লক্ষ্য হৈছে উদ্ভাৱন সম্পৰ্কীয়  কাৰ্যকলাপক উদগনি যোগোৱা।  বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি আইআইএম, শ্বিলঙৰ সঞ্চালক অধ্যাপক ডি পি গোৱেলে  কেন্দ্ৰটোকলৈ আনন্দ প্ৰকাশ কৰাৰ লগতে  প্ৰয়াত ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ কৰ্মৰাজি তথা  তেওঁৰ উন্নয়ন আৰু   উদ্ভাৱনীমূলক দৃষ্টিভংগীৰ বিষয়ে আলোকপাত কৰে। তেওঁ শেহতীয়া বছৰবোৰত ড০ কালাম কেন্দ্ৰই  গ্ৰহণ  কৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়েও আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে বুজাবুজি চুক্তিৰ স্বাক্ষৰে  তিনিওটা গুৰুত্বপূৰ্ণ সংস্থাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰিব আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ গতি ত্বৰান্বিত  কৰিব।

উত্তৰ-পূব পৰিষদৰ সচিব শ্ৰী মোজেছ চালাইয়ে কেন্দ্ৰটো কিদৰে ভবা ধৰণে  আৰম্ভ হৈছে  সেই বিষয়ত মন্তব্য কৰে আৰু সকলো সঠিকভাবে পৰিচালিত হোৱাত   সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কেন্দ্ৰটোক অঞ্চলটোৱে আশা কৰা ধৰণে উন্নয়নৰ ধাৰা গতিশীল কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক উপযুক্ত  নীতি, নিৰ্দেশনাৰ বিষয়ত  চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। তেওঁ ড০ এ পি জে আব্দুল কালাম কেন্দ্ৰৰ প্ৰশাসনিক ভৱন নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাবেও  আনন্দ প্ৰকাশ কৰে। সেই নিৰ্মাণকাৰ্য   উত্তৰ-পূব পৰিষদৰ  জৰিয়তে ডনাৰ  মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত সম্পন্ন কৰা হৈছে। তেওঁ কেন্দ্ৰটোৰ আনুষ্ঠানিক উদ্বোধনৰ বাবে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰো দৃষ্টি আকৰ্ষণ কৰে।

 উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে কেন্দ্ৰটোকলৈ আনন্দ প্ৰকাশ কৰাৰ লগতে  শুভেচ্ছাও জ্ঞাপন কৰে আৰু এই কেন্দ্ৰ অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ 'থিংক টেংক' হিচাপে পৰিগণিত হ’ব বুলি আশা প্ৰকাশ  কৰে। তেওঁ আইআইএম,  শ্বিলঙৰ পৰা ড০ কালাম কেন্দ্ৰৰ জৰিয়তে উত্তৰ-পূব উন্নয়ন ফেলোৰ প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়তো আলোকপাত কৰে । তেওঁ কয় যে এনে পদক্ষেপে  প্ৰশাসনৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব আৰু  অঞ্চলটোত সুশাসনৰ পৰিবেশ গঢ়াত  গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁ কেন্দ্ৰটোৰ বিকাশৰ বাবে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে  সকলো সম্ভৱপৰ সমৰ্থন আগবঢ়াব বুলি  আশ্বাস প্ৰদান কৰে।

 আইআইএম, শ্বিলঙৰ ব'ৰ্ড অৱ গভৰ্ণৰছৰ সদস্য শ্ৰী অতুল কুলকাৰ্ণীয়ে অনুষ্ঠানটোত ভাছুৱেলী উপস্থিত থাকে। তেওঁ কয় যে কেন্দ্ৰটোৱে  অঞ্চলটোৰ আশা-আকাংক্ষা পূৰণ কৰাত সহায় কৰিব।  উদ্যোগ, শিক্ষা, নীতিৰ বিকাশৰ লগতে  প্ৰশিক্ষণ আৰু ৰাজ্য চৰকাৰক সুশাসন প্ৰদানত সহায় কৰাৰ ক্ষেত্ৰত ড০ কালাম কেন্দ্ৰৰ গুৰুত্বৰ বিষয়েও কুলকাৰ্ণীয়ে আলোকপাত   কৰে।

 বুজাবুজি চুক্তিৰ সম্প্ৰসাৰণেৰে  ড০ কালাম কেন্দ্ৰই অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে কাম কৰিব।ড০ কালাম কেন্দ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত  কাম কৰিব, যাৰ ভিতৰত আছে ১. প্ৰশিক্ষণ আৰু বিকাশ ২. গৱেষণা আৰু পৰামৰ্শ ৩. নীতিৰ প্ৰচাৰ ৪. জ্ঞানৰ প্ৰসাৰ আৰু ৬. সাধাৰণ নাগৰিকক সামৰি লোৱা। কেন্দ্ৰটোৱে  নিম্নলিখিত উদ্দেশ্যসমূহ সামৰি লৈছেঃ 

 
১. সৰ্বশ্ৰেষ্ঠ ব্যৱস্থাপনা পদ্ধতি, ব্যৱস্থাপনা পৰিকাঠামো, সুদূৰপ্ৰসাৰী  দৃষ্টিভংগী আৰু ব্যৱসায়িক আৰ্হিৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ বাবে এক 'থিংক টেংক' হিচাপে আত্মপ্ৰকাশ কৰা, ৰাষ্ট্ৰীয় বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূব অঞ্চলক এক গুৰুত্বপূৰ্ণ অৱদান যোগোৱা অঞ্চল হিচাপে পৰিগণিত  কৰা।

 
২.উত্তৰ-পূব অঞ্চলত সম্পদৰ ব্যৱহাৰৰ দক্ষতা আৰু স্থিৰতাৰ  বিষয়ে তথ্য প্ৰদান কৰা।

 
৩. উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যত উপনীত হ’বলৈ  উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ বিষয়ত  পৰিকাঠামো প্ৰদান কৰা ।  উত্তৰ-পূব অঞ্চলৰ অন্যান্য প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰি উত্তৰ-পূব অঞ্চলৰ সামগ্ৰিক বিকাশৰ অৰ্থে  এক দীৰ্ঘম্যাদী দৃষ্টিভংগী বিকশিত কৰাত উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় /উত্তৰ-পূব পৰিষদক  সহায় কৰা।

 
৪. কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ উভয়ৰে  নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ সৈতে জড়িত বিষয়াসকলৰ  পাঠ্যক্ৰম ৰচনা আৰু দক্ষতা বৃদ্ধিত প্ৰতিষ্ঠানসমূহক সহায় কৰি অঞ্চলটোত মানৱ সম্পদ উন্নয়নৰ গতি ত্বৰান্বিত কৰা।

 
৫.  উত্তৰ-পূব অঞ্চলৰ  বিকাশৰ সৈতে প্ৰাসঙ্গিক বিভিন্ন বিষয়ৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ অন্যান্য প্ৰতিষ্ঠানৰ সৈতে সংযোগ  স্থাপন কৰা আৰু সহযোগিতামূলক গৱেষণা, বিশ্লেষণ তথা পৰামৰ্শ আদিৰ বাবে  প্ৰতিষ্ঠানিক সংযোগ  স্থাপন কৰা।

 
৬. উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়, উত্তৰ-পূব পৰিষদ  আৰু ৰাজ্যৰ সৈতে  সন্মিলিভাবে  উত্তৰ-পূব অঞ্চলৰ বিকাশ সম্পৰ্কীয়  কাৰ্যসূচীৰ বিষয়ত গৱেষণা আৰু বিশ্লেষণ কৰা তথা  ইয়াৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে উত্তৰ-পূব অঞ্চলৰ গাওঁবোৰত উন্নয়নমূলক কাৰ্যসূচী/আঁচনিবোৰত ৰৈ যোৱা  ব্যৱধান আদি  চিনাক্ত কৰা।

 

 ৭. সাম্ভাব্য খণ্ডবোৰত উদ্ভাৱন আৰু উদ্যোগীৰ  জৰিয়তে উত্তৰ-পূব অঞ্চলৰ  অৰ্থনৈতিক বিকাশক উৎসাহিত কৰাত সহায় কৰা।

 

৮.বজাৰ সম্পৰ্কীয়  তথ্য  সংগ্ৰহ কৰি উত্তৰ-পূব অঞ্চলৰ  পৰা  ৰপ্তানি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় ক্ষেত্ৰ আদি  চিনাক্ত কৰা।

 
৯.উত্তৰ-পূব অঞ্চলৰ সকলো ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা  নতুন ধাৰণা আৰু জ্ঞানৰ ক্ষেত্ৰ  সৃষ্টি কৰাত সহায় কৰা।

 ১০. ড০ কালাম কেন্দ্ৰ আৰু উত্তৰ-পূব পৰিষদৰ অত্যাধুনিক সম্পদ কেন্দ্ৰই পাৰস্পৰিক পৰিপূৰক হিচাবে কাম কৰাৰ লগতে  উন্নয়নৰ  শক্তিশালী উপায়ৰ নিৰ্ধাৰণৰ বিষয়ত যিকোনো প্ৰচেষ্টাৰ পুনৰাবৃত্তি পৰিহাৰ কৰি কাম কৰি যাব ।

 

কেন্দ্ৰটোৱে অঞ্চলটোৰ প্ৰকৃত বিকাশৰ সম্ভাৱনা বিকশিত কৰিবলৈ   উত্তৰ-পূব পৰিষদ, ৰাজ্য চৰকাৰ আৰু উত্তৰ-পূব অঞ্চলৰ আগশাৰীৰ  প্ৰতিষ্ঠানসমূহৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহৰ সহযোগত  কাম কৰি যাব  বুলি আশা কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক
৭৫ বছৰ! কাক লক্ষ্য কৰি মন্তব্য মোহন ভাগৱতৰ
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?