--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নদীত তিমি নাথকে, তিমিৰ  বাসস্থান সাগৰ। কিন্তু কেতিয়াবা নদীতো চোপ লৈ থাকিব পাৰে মৃত্যুদূতে। ঠিক তেনে এক ঘটনাই ঘটিছে মহাৰাষ্ট্ৰত।   মাছ ধৰিবলৈ গভীৰ পানীত নামিছিল এজন যুৱকে।  সেই সময়তে নদীত থকা এটা প্ৰকাণ্ড তিমিয়ে ৩২ বছৰীয়া বিকি গোৱাৰী নামৰ যুৱকজনৰ ভৰিত কামোৰ মাৰে। 

ফলত বেয়াকৈ  আঘাতপ্ৰাপ্ত হয় যুৱকজন। ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মনোৰ অঞ্চলত সংঘটিত হৈছে। মনোৰৰ ওচৰৰ বৈত্ৰানা নদীত তিমিয়ে যুৱকজনক আক্ৰমণ কৰে। কিন্তু সেই সময়ত নৈৰ কাষত আন বহু লোক থকা বাবে যুৱকজনক সংকটজনক অৱস্থাত  উদ্ধাৰ কৰিব পৰা যায়। নদীত তিমিৰ উপস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে  তিমিটো  চাবলৈ মানুহে ভিৰ কৰে। তিমিটোৰ ওজন  ২০০ কিলোগ্ৰামতকৈ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।  

 গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত  চিকিৎসাৰ বাবে দাদৰা নগৰৰ বিনোৱা ভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে যুৱক জনৰ ভৰিত কামোৰা তিমিটোক স্থানীয় একাংশ লোকে পানীৰ মাজতেই হত্যা কৰে। কিন্তু নদীত কিদৰে সোমাল তিমি? ধাৰণা কৰা অনুসৰি জোৱাৰৰ সময়ত তিমিটো সাগৰৰ পৰা নদীত আহি সোমাইছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement