--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কৌশম্বী জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। যৌতুকত বুলেট নোপোৱাৰ বাবে এজন দৰাই কইনা আনিবলৈ যোৱাত অস্বীকাৰ কৰে। এই কথা শুনাৰ পাছতেই কইনাগৃহত হাহাকাৰ লাগে। কেইঘণ্টামান আগলৈকে সুখী হৈ থকা মানুহবোৰৰ মনটো নিৰাশাৰে ভৰি পৰিল। এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দিছে ভুক্তভোগীয়ে। সৰয়াকিল থানা এলেকাৰ চন্দনাপুৰৰ বাসিন্দা শিৱলোচনে শ্ৰমিক হিচাপে কাম কৰি পৰিয়াল চলাই আছে। প্ৰয়াগৰাজৰ ধুমনগঞ্জ ৰমমান পূৰ্বা নিবাসী ছালিগ্ৰামৰ পুত্ৰ পংকজৰ সৈতে এবছৰ পূৰ্বে কন্যা বন্দনাৰ বিয়া ঠিক হৈছিল।

পুৱাৰে পৰা বন্দনাৰ পিতৃ আত্মীয়ৰ লগত বিয়াৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিল। অতিথিৰে ভৰি পৰিল ৰভাতলী। ইফালে হঠাৎ সন্ধিয়া বন্দনাৰ মোবাইলত দৰা পংকজৰ ফোন আহিল, যৌতুকৰ বুলেট আহিল নে নাই বুলি বন্দনাক প্ৰশ্ন কৰে পংকজে। এই সন্দৰ্ভত বন্দনাই কয় যে বিয়া ঠিক হোৱাৰ আগতে যৌতুক অবিহনে বিয়া হোৱাৰ কথা আছিল, গতিকে বুলেট দিয়াৰ কোনো প্ৰশ্নই উত্থাপন নহয়।

এই কথা শুনি দৰা পংকজে ফোনযোগে বন্দনক স্পষ্টকৈ ক’লে যে ''বুলেট নিদিলে মই কইনা আনিবলৈ নাযাওঁ। দৰা হিচাপে আন কাৰোবাক বাছি লৈ তুমি বিয়া কৰাই লোৱা।'' দৰাৰ পৰা এই কথা শুনি বন্দনা আৰু তেওঁৰ পৰিয়ালটো হতভম্ব হৈ পৰিল। হঠাতে বিয়াৰ সকলো আনন্দ ধূলিসাৎ হৈ পৰিল। বিয়াৰ সকলো কাম-কাজ স্থগিত ৰখা হ’ল। আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে। আৰক্ষীয়ে তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক