--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ৰাজনীতিৰ প্ৰভাৱশালী নেতাসমূহৰ ভিতৰত অন্যতম  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম শেহতীয়াকৈ শান্তিৰ নোবেল বটাঁৰ বাবে উচ্চাৰিত হৈছে৷

ইউৰোপত চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈ নোবেল কমিটিৰ উপ-সভাপতি এশ্লে ট’জেই প্ৰধানমন্ত্ৰী মোদীক শান্তিৰ নোবেল বঁটাৰ প্ৰবল দাবীদাৰ হিচাপে অভিহিত কৰে৷

এশ্লে ট’জেৰ মতে,প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধ পৰিণাম সম্পৰ্কে বুজাই সেইয়া অনুকৰণীয়,তেখেতে পাৰমাণৱিক যুদ্ধৰ পৰিণতি সম্পৰ্কেও কঠোৰ বুজনি দিছে৷আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সেয়েহে এনে নেতাৰ প্ৰয়োজন আছে৷

তদুপৰি ট’জেৰ মতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শান্তিৰ নোবেল বঁটাৰ প্ৰবল দাবীদাৰ কাৰণ তেখেত এজন বিশ্বাসী নেতা যিজনে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব৷লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ সেই ৰাষ্ট্ৰনেতাসমূহৰ ভিতৰত অন্যতম যিসকলে বিশ্বশান্তিৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷

এশ্লেই জনোৱা অনুসৰি,ভাৰতক এখন বিকশিত দেশ বনোৱাত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকা অনস্বীকাৰ্য৷ভাৰতবৰ্ষই শান্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে৷তেওঁ লগতে উল্লেখ কৰে যে বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আটাইতকৈ বিশ্বাসী ৰাষ্ট্ৰনেতা৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু