--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী, দুগৰাকী নহয় তিনি শতাধিক সুন্দৰী যুৱতীয়ে এতিয়া বিয়াৰ বাবে দৰাৰ অপেক্ষাত ৰৈছে। কিন্তু বহুতেই সুন্দৰী যুৱতীসকলক বিয়া পাতিবলৈ আগুৱাই অহা নাই। কাৰণ কোনোৱাই যদি সেই ঠাইৰ যুৱতীক বিয়া কৰোৱায় তেন্তে হৈ থাকিব লাগিব ঘৰ জোঁৱাই! হয়, ঠাই খনৰ নিয়মেই তেনেকুৱা। এনে অদ্ভুত নিয়মৰ বাবেই এতিয়া তাত তিনি শধাধিক যুৱতীয়ে দৰাৰ অপেক্ষাত উজাগৰী নিশা কটাবলগীয়া হৈছে।

ব্ৰাজিলৰ এখন গাঁৱত তিনি শতাধিক  বিবাহযোগ্য যুৱতীয়ে এই পৰিস্থিতিৰ সন্মুখীন হৈছে। গাওঁখনৰ বাসিন্দাসকলৰ গৰিষ্ঠসংখ্যকেই  হৈছে মহিলা। মহিলাসকলেই ঘৰৰ লগতে  বাহিৰৰ কাম-কাজো চম্ভালে। সেয়েহে ঠাই খনত এনে নিয়ম প্ৰচলন আছে যে যদি এজন পুৰুষে এই গাওঁখনত আহি বাস কৰাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁলোকে মহিলাৰ প্ৰাধান্য স্বীকাৰ কৰিব লাগিব।  যদি এই চৰ্তটো স্বীকাৰ কৰা হয়, তেন্তে  তেনে পুৰুষক  গাওঁখনৰ  যুৱতীক বিয়া কৰাবলৈ অনুমতি দিয়া হয়।  


বিয়াৰ পিছত দৰাই  পত্নীৰ সৈতে সেই গাঁৱতে থাকিব লাগিব। এই নিয়মৰ বাবে বহু ছোৱালীয়ে  বিয়া হোৱাৰ সুযোগ পোৱা নাই। ব্ৰাজিলৰ নয়েভা ডো কৰ্ডেইৰো ৰ সৰু গাওঁখনত প্ৰায় ৬০০ গৰাকী মহিলাই বাস কৰে। তেওঁলোকৰ ভিতৰত ৩০০ গৰাকী যুৱতী। তেওঁলোকৰ বিবাহৰ উপযুক্ত  বয়সত হৈছে।   এই গাওঁখনৰ বাসিন্দাসকলে তেওঁলোকৰ জোঁৱায়েকক গাওঁখনতে চিৰদিনৰ বাবে ঘৰ জোঁৱাই কৰি ৰাখিব বিচাৰে।

দৰাচলতে ইয়াৰ আঁৰত এটা  কাহিনী আছে। প্ৰচলিত কাহিনী অনুসৰি   ১৮৯১ চনত এই গাওঁখন মহিলাসকলে নিৰ্মাণ কৰিছিল। মাৰিয়া চেনহোৰিনা ডি লিমা নামৰ এগৰাকী যুৱতীক বলপূৰ্বক বিয়াত বহিবলৈ বাধ্য কৰোৱা  হৈছিল। কিন্তু তেওঁ কিছুদিন পিছতে  স্বামীক এৰি দেউতাকৰ ঘৰলৈ ঘূৰি আহিছিল।  তেওঁ 'নইভা ডো কৰ্ডেইৰো' গাওঁলৈ আহি  মহিলাৰ এটা গোট গঠন কৰিছিল। সেই গোটৰ নতুন নিয়ম অনুসৰি এই সম্প্ৰদায়ৰ ছোৱালীবোৰে বিয়াৰ পিছত শহুৰেকৰ ঘৰলৈ নাযাব, স্বামীয়েহে পত্নীৰ ঘৰলৈ আহিব লাগিব।

 যুগ যুগ ধৰি চলি অহা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাক উৎখাত কৰাৰ বাবেই এনে নিয়ম কৰা হৈছিল।  কিন্তু বহু পুৰুষে এই নিয়ম মানি চলিবলৈ  আপত্তি কৰিছে।  সেইকাৰণে বিয়াৰ সপোন দেখিও এই গাঁৱৰ বহু যুৱতীয়ে বিয়া হ’ব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক