--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী, দুগৰাকী নহয় তিনি শতাধিক সুন্দৰী যুৱতীয়ে এতিয়া বিয়াৰ বাবে দৰাৰ অপেক্ষাত ৰৈছে। কিন্তু বহুতেই সুন্দৰী যুৱতীসকলক বিয়া পাতিবলৈ আগুৱাই অহা নাই। কাৰণ কোনোৱাই যদি সেই ঠাইৰ যুৱতীক বিয়া কৰোৱায় তেন্তে হৈ থাকিব লাগিব ঘৰ জোঁৱাই! হয়, ঠাই খনৰ নিয়মেই তেনেকুৱা। এনে অদ্ভুত নিয়মৰ বাবেই এতিয়া তাত তিনি শধাধিক যুৱতীয়ে দৰাৰ অপেক্ষাত উজাগৰী নিশা কটাবলগীয়া হৈছে।

ব্ৰাজিলৰ এখন গাঁৱত তিনি শতাধিক  বিবাহযোগ্য যুৱতীয়ে এই পৰিস্থিতিৰ সন্মুখীন হৈছে। গাওঁখনৰ বাসিন্দাসকলৰ গৰিষ্ঠসংখ্যকেই  হৈছে মহিলা। মহিলাসকলেই ঘৰৰ লগতে  বাহিৰৰ কাম-কাজো চম্ভালে। সেয়েহে ঠাই খনত এনে নিয়ম প্ৰচলন আছে যে যদি এজন পুৰুষে এই গাওঁখনত আহি বাস কৰাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁলোকে মহিলাৰ প্ৰাধান্য স্বীকাৰ কৰিব লাগিব।  যদি এই চৰ্তটো স্বীকাৰ কৰা হয়, তেন্তে  তেনে পুৰুষক  গাওঁখনৰ  যুৱতীক বিয়া কৰাবলৈ অনুমতি দিয়া হয়।  


বিয়াৰ পিছত দৰাই  পত্নীৰ সৈতে সেই গাঁৱতে থাকিব লাগিব। এই নিয়মৰ বাবে বহু ছোৱালীয়ে  বিয়া হোৱাৰ সুযোগ পোৱা নাই। ব্ৰাজিলৰ নয়েভা ডো কৰ্ডেইৰো ৰ সৰু গাওঁখনত প্ৰায় ৬০০ গৰাকী মহিলাই বাস কৰে। তেওঁলোকৰ ভিতৰত ৩০০ গৰাকী যুৱতী। তেওঁলোকৰ বিবাহৰ উপযুক্ত  বয়সত হৈছে।   এই গাওঁখনৰ বাসিন্দাসকলে তেওঁলোকৰ জোঁৱায়েকক গাওঁখনতে চিৰদিনৰ বাবে ঘৰ জোঁৱাই কৰি ৰাখিব বিচাৰে।

দৰাচলতে ইয়াৰ আঁৰত এটা  কাহিনী আছে। প্ৰচলিত কাহিনী অনুসৰি   ১৮৯১ চনত এই গাওঁখন মহিলাসকলে নিৰ্মাণ কৰিছিল। মাৰিয়া চেনহোৰিনা ডি লিমা নামৰ এগৰাকী যুৱতীক বলপূৰ্বক বিয়াত বহিবলৈ বাধ্য কৰোৱা  হৈছিল। কিন্তু তেওঁ কিছুদিন পিছতে  স্বামীক এৰি দেউতাকৰ ঘৰলৈ ঘূৰি আহিছিল।  তেওঁ 'নইভা ডো কৰ্ডেইৰো' গাওঁলৈ আহি  মহিলাৰ এটা গোট গঠন কৰিছিল। সেই গোটৰ নতুন নিয়ম অনুসৰি এই সম্প্ৰদায়ৰ ছোৱালীবোৰে বিয়াৰ পিছত শহুৰেকৰ ঘৰলৈ নাযাব, স্বামীয়েহে পত্নীৰ ঘৰলৈ আহিব লাগিব।

 যুগ যুগ ধৰি চলি অহা পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাক উৎখাত কৰাৰ বাবেই এনে নিয়ম কৰা হৈছিল।  কিন্তু বহু পুৰুষে এই নিয়ম মানি চলিবলৈ  আপত্তি কৰিছে।  সেইকাৰণে বিয়াৰ সপোন দেখিও এই গাঁৱৰ বহু যুৱতীয়ে বিয়া হ’ব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন