--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে, ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে তিনিওটা সংস্কৰণতে এগৰাকী অধিনায়ক বিচাৰে।

ডিজিটেল ডেস্ক : টেষ্টৰ পাছত এইবাৰ ভাৰতৰ টি-২০ দলতো সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি যদি শুভমন গীল টি-২০ দলৰ অধিনায়ক হয় তেন্তে সূর্যকুমাৰ যাদৱে নেতৃত্বৰ দায়িত্ব হেৰুৱাব পাৰে।


ইফালে, ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে তিনিওটা সংস্কৰণতে এগৰাকী অধিনায়ক বিচাৰে। সম্প্রতি ভাৰতৰ তিনিওটা সংস্কৰণত তিনিগৰাকী ভিন্ন অধিনায়ক আছে। টেষ্টত শুভমন, এদিনীয়া ক্রিকেটত ৰোহিত শর্মা আৰু টি-২০ত সূর্যকুমাৰ।


গম্ভীৰে তিনিওটা সংস্কৰণত ভিন্ন অধিনায়ক বিচৰা নাই। কিন্তু সেয়া হয়তো এছিয়া কাপৰ পাছতহে সালসলনি হ'ব পাৰে।


পিছে ভাৰতীয় ক্রিকেট ব'র্ডে এছিয়া কাপত সূর্যকুমাৰৰ ওপৰতে নিৰ্ভৰ কৰিব বিচাৰিছে। আনহাতে, ভাৰতৰ টি-২০ দলত শুভমনৰ স্থান নিশ্চিত হোৱা নাই। কিন্তু গম্ভীৰে যদি শুভমনক অধিনায়ক কৰাৰ কথা ভাবে তেন্তে তেওঁ এছিয়া কাপৰ দললৈ ঘূৰি আহিব পাৰে।


ভাৰতীয় ব'ৰ্ডৰ এগৰাকী কর্মকর্তাই কয়, 'গম্ভীৰে একক সংস্কৃতি গঢ়িব বিচাৰে। গতিকে, তেওঁ কেউটা সংস্কৰণতে এগৰাকী অধিনায়কহে বিচাৰিছে। গম্ভীৰৰ পৰিকল্পনা স্পষ্ট। এইবাৰ মুখ্য প্রশিক্ষকগৰাকীয়ে টি-২০ৰ দলটোও সলনি কৰিব খোজে। কেতিয়াবা অভিযোগ উঠে যে ভাৰতৰ টি-২০ দলটোৱে সময়ৰ লগত খাপ খুৱাব পৰা নাই। গম্ভীৰে সেইটো ঠিক কৰিব বিচাৰে।' ব'ৰ্ডৰ সূত্র মতে গম্ভীৰে টি-২০ৰ বাবে বিশেষজ্ঞ খেলুৱৈ সৃষ্টি কৰিব বিচাৰিছে। তেওঁলোকে কেৱল চুটি সংস্কৰণৰ খেলবিধতহে খেলিব।


অৱশ্যে, তাৰ মাজতে দুই-এজনে অৱশ্যে আন সংস্কৰণতো খেলিব। সকলোকে নিজৰ নিজৰ দায়িত্ব দিয়া হ'ব। গম্ভীৰে কাকো সুকীয়া ফিনিছাৰ হিচাপে নিবিচাৰে। ব'ৰ্ডৰ কর্মকর্তাগৰাকীয়ে কয়, 'ক্রিকেটাৰসকলৰ দায়িত্ব তেওঁলোকৰ দক্ষতা অনুযায়ী ভাগ কৰা হ'ব। কাৰো স্থান নির্দিষ্ট নহয়। সেয়ে, কোনো পৃথক ফিনিছাৰ নাথাকিব। উদাহৰণ হিচাপে শিভম ডুবেই যেনেদৰে শেষৰফালে বেট ধৰিব পাৰে, প্রয়োজন হ'লে তেওঁ শীর্ষ অৰ্ডাৰলৈ আহিব পাৰে। গম্ভীৰে তেনে এগৰাকী ক্রিকেটাৰ বিচাৰে।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু