--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে, ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে তিনিওটা সংস্কৰণতে এগৰাকী অধিনায়ক বিচাৰে।

ডিজিটেল ডেস্ক : টেষ্টৰ পাছত এইবাৰ ভাৰতৰ টি-২০ দলতো সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি যদি শুভমন গীল টি-২০ দলৰ অধিনায়ক হয় তেন্তে সূর্যকুমাৰ যাদৱে নেতৃত্বৰ দায়িত্ব হেৰুৱাব পাৰে।


ইফালে, ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে তিনিওটা সংস্কৰণতে এগৰাকী অধিনায়ক বিচাৰে। সম্প্রতি ভাৰতৰ তিনিওটা সংস্কৰণত তিনিগৰাকী ভিন্ন অধিনায়ক আছে। টেষ্টত শুভমন, এদিনীয়া ক্রিকেটত ৰোহিত শর্মা আৰু টি-২০ত সূর্যকুমাৰ।


গম্ভীৰে তিনিওটা সংস্কৰণত ভিন্ন অধিনায়ক বিচৰা নাই। কিন্তু সেয়া হয়তো এছিয়া কাপৰ পাছতহে সালসলনি হ'ব পাৰে।


পিছে ভাৰতীয় ক্রিকেট ব'র্ডে এছিয়া কাপত সূর্যকুমাৰৰ ওপৰতে নিৰ্ভৰ কৰিব বিচাৰিছে। আনহাতে, ভাৰতৰ টি-২০ দলত শুভমনৰ স্থান নিশ্চিত হোৱা নাই। কিন্তু গম্ভীৰে যদি শুভমনক অধিনায়ক কৰাৰ কথা ভাবে তেন্তে তেওঁ এছিয়া কাপৰ দললৈ ঘূৰি আহিব পাৰে।


ভাৰতীয় ব'ৰ্ডৰ এগৰাকী কর্মকর্তাই কয়, 'গম্ভীৰে একক সংস্কৃতি গঢ়িব বিচাৰে। গতিকে, তেওঁ কেউটা সংস্কৰণতে এগৰাকী অধিনায়কহে বিচাৰিছে। গম্ভীৰৰ পৰিকল্পনা স্পষ্ট। এইবাৰ মুখ্য প্রশিক্ষকগৰাকীয়ে টি-২০ৰ দলটোও সলনি কৰিব খোজে। কেতিয়াবা অভিযোগ উঠে যে ভাৰতৰ টি-২০ দলটোৱে সময়ৰ লগত খাপ খুৱাব পৰা নাই। গম্ভীৰে সেইটো ঠিক কৰিব বিচাৰে।' ব'ৰ্ডৰ সূত্র মতে গম্ভীৰে টি-২০ৰ বাবে বিশেষজ্ঞ খেলুৱৈ সৃষ্টি কৰিব বিচাৰিছে। তেওঁলোকে কেৱল চুটি সংস্কৰণৰ খেলবিধতহে খেলিব।


অৱশ্যে, তাৰ মাজতে দুই-এজনে অৱশ্যে আন সংস্কৰণতো খেলিব। সকলোকে নিজৰ নিজৰ দায়িত্ব দিয়া হ'ব। গম্ভীৰে কাকো সুকীয়া ফিনিছাৰ হিচাপে নিবিচাৰে। ব'ৰ্ডৰ কর্মকর্তাগৰাকীয়ে কয়, 'ক্রিকেটাৰসকলৰ দায়িত্ব তেওঁলোকৰ দক্ষতা অনুযায়ী ভাগ কৰা হ'ব। কাৰো স্থান নির্দিষ্ট নহয়। সেয়ে, কোনো পৃথক ফিনিছাৰ নাথাকিব। উদাহৰণ হিচাপে শিভম ডুবেই যেনেদৰে শেষৰফালে বেট ধৰিব পাৰে, প্রয়োজন হ'লে তেওঁ শীর্ষ অৰ্ডাৰলৈ আহিব পাৰে। গম্ভীৰে তেনে এগৰাকী ক্রিকেটাৰ বিচাৰে।'


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ