--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে গঠন কৰা সংগঠন অ'পেন ষ্টেডিয়ামে ফিফালৈ এখন পত্ৰ লিখি আগন্তুক কাটাৰ বিশ্বকাপৰ পৰা ইৰাণক বহিষ্কাৰ কৰাৰ দাবী জনাইছে। শেহতীয়াকৈ, ইৰাণত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এগৰাকী যুৱতীৰ মৃত্যুৱে দেশখনৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি কৰিছে। ইয়াৰ পিছত, এই পত্ৰখন সংগঠনটোৱে  ফিফালৈ লিখিছিল ৷

 ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনোলৈ লিখা অপেন ষ্টেডিয়ামৰ পত্ৰখনত কোৱা হৈছে যে, ইৰাণ প্ৰশাসনে এতিয়াও মহিলাসকলৰ খেল চোৱাৰ ওপৰত নিষেধাজ্ঞা বজাই ৰাখিছে। একে সময়তে, ইৰাণৰ ফুটবল সংস্থাই সংগঠনটোৱে মহিলা অনুৰাগীসকলৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে  অভিযোগ উত্থাপন কৰিছে। 
 
ইৰাণৰ ফুটবল সংস্থা প্ৰশাসনৰ এই অপৰাধসমূহৰ সহযোগী বুলিও মন্তব্য কৰে সংগঠনটোৱে৷তেওঁলোকৰ মতে, ইৰাণৰ ফুটবল সংস্থাটো  মহিলা ফুটবল অনুৰাগীসকলৰ বাবে ভাবুকি হৈ পৰিছে। ইয়াৰোপৰি সংগঠনটোৱে মন্তব্য কৰে যে, পৃথিৱীৰ য'তেই নহওঁক আমাৰ ৰাষ্ট্ৰীয় ফুটবল দলে খেলিব। ফুটবল আমাৰ সকলোৰে বাবে এক সুৰক্ষিত স্থান হ'ব লাগে৷ 


সেয়েহে, মহিলাৰ সুৰক্ষাৰ বাবে গঠন কৰা সংগঠনটোৱে নৱেম্বৰত আৰম্ভ হোৱা কাটাৰ বিশ্বকাপৰ পৰা ইৰাণক বহিষ্কাৰ কৰিবলৈ আবেদন জনাইছে। ফিফাই ইৰাণ আৰু সেই দেশৰ প্ৰতিনিধিসকলক  বিশ্ব মঞ্চ প্ৰদান কৰাক লৈ আপত্তি কৰিছে সংগঠনটোৱে৷ অৱশ্যে এই সন্দৰ্ভত ফিফাৰ নীতিৰ কি হ'ব সেইয়া এতিয়ালৈকেএতিয়াল জানিব পৰা হোৱা নাই৷ আনহাতে , ফিফাক এই মুহূৰ্তত ইৰাণক বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰিবলৈ তীব্ৰ দাবী  জনাইছে সংগঠনটোৱে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে