--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মহিলাৰ অধিকাৰ সুৰক্ষাৰ বাবে গঠন কৰা সংগঠন অ'পেন ষ্টেডিয়ামে ফিফালৈ এখন পত্ৰ লিখি আগন্তুক কাটাৰ বিশ্বকাপৰ পৰা ইৰাণক বহিষ্কাৰ কৰাৰ দাবী জনাইছে। শেহতীয়াকৈ, ইৰাণত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত এগৰাকী যুৱতীৰ মৃত্যুৱে দেশখনৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে প্ৰতিবাদৰ সৃষ্টি কৰিছে। ইয়াৰ পিছত, এই পত্ৰখন সংগঠনটোৱে  ফিফালৈ লিখিছিল ৷

 ফিফাৰ সভাপতি গিয়ান্নি ইনফান্তিনোলৈ লিখা অপেন ষ্টেডিয়ামৰ পত্ৰখনত কোৱা হৈছে যে, ইৰাণ প্ৰশাসনে এতিয়াও মহিলাসকলৰ খেল চোৱাৰ ওপৰত নিষেধাজ্ঞা বজাই ৰাখিছে। একে সময়তে, ইৰাণৰ ফুটবল সংস্থাই সংগঠনটোৱে মহিলা অনুৰাগীসকলৰ সুৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে  অভিযোগ উত্থাপন কৰিছে। 
 
ইৰাণৰ ফুটবল সংস্থা প্ৰশাসনৰ এই অপৰাধসমূহৰ সহযোগী বুলিও মন্তব্য কৰে সংগঠনটোৱে৷তেওঁলোকৰ মতে, ইৰাণৰ ফুটবল সংস্থাটো  মহিলা ফুটবল অনুৰাগীসকলৰ বাবে ভাবুকি হৈ পৰিছে। ইয়াৰোপৰি সংগঠনটোৱে মন্তব্য কৰে যে, পৃথিৱীৰ য'তেই নহওঁক আমাৰ ৰাষ্ট্ৰীয় ফুটবল দলে খেলিব। ফুটবল আমাৰ সকলোৰে বাবে এক সুৰক্ষিত স্থান হ'ব লাগে৷ 


সেয়েহে, মহিলাৰ সুৰক্ষাৰ বাবে গঠন কৰা সংগঠনটোৱে নৱেম্বৰত আৰম্ভ হোৱা কাটাৰ বিশ্বকাপৰ পৰা ইৰাণক বহিষ্কাৰ কৰিবলৈ আবেদন জনাইছে। ফিফাই ইৰাণ আৰু সেই দেশৰ প্ৰতিনিধিসকলক  বিশ্ব মঞ্চ প্ৰদান কৰাক লৈ আপত্তি কৰিছে সংগঠনটোৱে৷ অৱশ্যে এই সন্দৰ্ভত ফিফাৰ নীতিৰ কি হ'ব সেইয়া এতিয়ালৈকেএতিয়াল জানিব পৰা হোৱা নাই৷ আনহাতে , ফিফাক এই মুহূৰ্তত ইৰাণক বিশ্বকাপৰ পৰা বহিষ্কাৰ কৰিবলৈ তীব্ৰ দাবী  জনাইছে সংগঠনটোৱে৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই