--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিংসাত্মক জুইত জ্বলি আছে ইৰান। মাহছা আমিনীৰ মৃত্যুৰ পিছত হিজাবৰ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই যে দেশত আন এক বিতৰ্কই জ্বলি উঠিছে। ইৰানত এগৰাকী চুন্নী ছোৱালীৰ ধৰ্ষণৰ গোচৰ অতি উত্তপ্ত হৈ পৰিছে। বালোচ অঞ্চলত চলি আছে হিংসাত্মক বিক্ষোভ। আনকি থানাও জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হিংসাত্মক সংঘৰ্ষও হৈছে। আৰক্ষীৰ গুলীচালনাত ৩৬ জন লোক নিহত হোৱাৰ খবৰ আহিছে।

ইৰানৰ চুন্নী সংখ্যাগৰিষ্ঠ চহৰ জাহেদানত ছিয়া সেনাধ্যক্ষৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাইজ। অভিযোগ উত্থাপন হৈছে কৰ্ণেল ইব্ৰাহিম নামৰ এজন ছিয়া কমাণ্ডাৰে এগৰাকী ১৫ বছৰীয়া বেলুচ কিশোৰীক ধৰ্ষণ কৰিছিল।

ইৰানৰ চুন্নী ধৰ্মগুৰু মৌলভি আব্দুল হামিদে যেতিয়া এগৰাকী চুন্নী ছোৱালীৰ ধৰ্ষণৰ কথা নিশ্চিত কৰিলে, তেতিয়া ইৰানৰ দক্ষিণ-পূবত আৰম্ভ হয় প্ৰতিবাদ। বেলুচ জনগোষ্ঠীৰ নেতাসকলৰ নেতৃত্বত চলি থকা এই বিক্ষোভত হিংসাত্মক ৰূপ ধাৰণ কৰে। এই বিক্ষোভত সৰু সৰু ল’ৰা-ছোৱালীও জড়িত আছিল।এই ক্ষোভ এজন ছিয়া সেনাধ্যক্ষৰ বিৰুদ্ধে । যাৰ ওপৰত ধৰ্ষণৰ অভিযোগৰ আছিল। সেয়ে চৰকাৰ আৰু আৰক্ষীও প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিছিল।

উল্লেখযোগ্য চুন্নী প্ৰতিবাদকাৰীয়ে জাহেদান চহৰৰ কেইবাখনো থানা ঘেৰাও কৰি বন্দী কৰাৰ চেষ্টা চলায়। ইয়াৰ পাছতে আৰক্ষীয়ে এই ভিৰৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। ভিৰৰ ওপৰত হোৱা এই গুলীচালনাত ৩৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গুলীচালনা আৰু তেওঁলোকৰ জনসাধাৰণৰ মৃত্যুত প্ৰতিবাদকাৰীৰ ক্ষোভ আৰু অধিক তীব্ৰতৰ হৈ পৰে। ইয়াৰ পিছতে চৰকাৰী অট্টালিকাৰ পৰা থানালৈ টাৰ্গেট কৰিবলৈ আৰম্ভ কৰে এইসকল লোকে। শিৰাবাদৰ এখন থানাত অগ্নিকাণ্ড।

ইৰানৰ আৰক্ষী আৰু বেলুচ প্ৰতিবাদকাৰীৰ এই সংঘৰ্ষত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ এজন কামাণ্ডাৰ নিহত হৈছিল। ইয়াৰ পিছত ইৰানৰ বহু চহৰত এই হিংসাত্মক পৰিস্থিতি বিয়পি পৰে। কুৰ্দিস্তানত আই আৰ জি চি বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰত্যক্ষভাৱে গুলীচালনা আৰম্ভ কৰে। বিক্ষোভ আৰু এই হিংসা বন্ধ কৰিবলৈ ইৰান চৰকাৰে জাহেদানৰ ইণ্টাৰনেট বন্ধ কৰি দিলে, কিন্তু তেতিয়ালৈকে এই হুলস্থুল আন চহৰলৈ বিয়পি পৰিছিল।

অভিযোগ উত্থাপন হৈছে যে ইৰানৰ নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ কামাণ্ডাৰক বচাবলৈ ভুক্তভোগী ছোৱালীজনীৰ তিনিজন আত্মীয়ক অপহৰণ কৰি ছোৱালীজনীৰ একো হোৱা নাই বুলি বিবৃতি দিবলৈ বাধ্য কৰাইছিল। অভিযোগ পঞ্জীয়ন নকৰাৰ বাবেও ভুক্তভোগীৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰা হৈছিল যদিও ছোৱালীজনীয়ে তেওঁৰ নিজৰ বক্তব্যত অতল আছিল। আৰু এই বিষয়টো চুন্নী সম্প্ৰদায়ৰ নেতা তথা ধৰ্মীয় নেতাসকলৰ মাজত বিয়পি যোৱাৰ লগে লগে সমগ্ৰ বেলুচ আৰু চুন্নী জনগোষ্ঠীয়ে চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক