--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিংসাত্মক জুইত জ্বলি আছে ইৰান। মাহছা আমিনীৰ মৃত্যুৰ পিছত হিজাবৰ বিতৰ্ক এতিয়াও বন্ধ হোৱা নাই যে দেশত আন এক বিতৰ্কই জ্বলি উঠিছে। ইৰানত এগৰাকী চুন্নী ছোৱালীৰ ধৰ্ষণৰ গোচৰ অতি উত্তপ্ত হৈ পৰিছে। বালোচ অঞ্চলত চলি আছে হিংসাত্মক বিক্ষোভ। আনকি থানাও জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হিংসাত্মক সংঘৰ্ষও হৈছে। আৰক্ষীৰ গুলীচালনাত ৩৬ জন লোক নিহত হোৱাৰ খবৰ আহিছে।

ইৰানৰ চুন্নী সংখ্যাগৰিষ্ঠ চহৰ জাহেদানত ছিয়া সেনাধ্যক্ষৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাইজ। অভিযোগ উত্থাপন হৈছে কৰ্ণেল ইব্ৰাহিম নামৰ এজন ছিয়া কমাণ্ডাৰে এগৰাকী ১৫ বছৰীয়া বেলুচ কিশোৰীক ধৰ্ষণ কৰিছিল।

ইৰানৰ চুন্নী ধৰ্মগুৰু মৌলভি আব্দুল হামিদে যেতিয়া এগৰাকী চুন্নী ছোৱালীৰ ধৰ্ষণৰ কথা নিশ্চিত কৰিলে, তেতিয়া ইৰানৰ দক্ষিণ-পূবত আৰম্ভ হয় প্ৰতিবাদ। বেলুচ জনগোষ্ঠীৰ নেতাসকলৰ নেতৃত্বত চলি থকা এই বিক্ষোভত হিংসাত্মক ৰূপ ধাৰণ কৰে। এই বিক্ষোভত সৰু সৰু ল’ৰা-ছোৱালীও জড়িত আছিল।এই ক্ষোভ এজন ছিয়া সেনাধ্যক্ষৰ বিৰুদ্ধে । যাৰ ওপৰত ধৰ্ষণৰ অভিযোগৰ আছিল। সেয়ে চৰকাৰ আৰু আৰক্ষীও প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰিছিল।

উল্লেখযোগ্য চুন্নী প্ৰতিবাদকাৰীয়ে জাহেদান চহৰৰ কেইবাখনো থানা ঘেৰাও কৰি বন্দী কৰাৰ চেষ্টা চলায়। ইয়াৰ পাছতে আৰক্ষীয়ে এই ভিৰৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। ভিৰৰ ওপৰত হোৱা এই গুলীচালনাত ৩৫ জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। গুলীচালনা আৰু তেওঁলোকৰ জনসাধাৰণৰ মৃত্যুত প্ৰতিবাদকাৰীৰ ক্ষোভ আৰু অধিক তীব্ৰতৰ হৈ পৰে। ইয়াৰ পিছতে চৰকাৰী অট্টালিকাৰ পৰা থানালৈ টাৰ্গেট কৰিবলৈ আৰম্ভ কৰে এইসকল লোকে। শিৰাবাদৰ এখন থানাত অগ্নিকাণ্ড।

ইৰানৰ আৰক্ষী আৰু বেলুচ প্ৰতিবাদকাৰীৰ এই সংঘৰ্ষত ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ এজন কামাণ্ডাৰ নিহত হৈছিল। ইয়াৰ পিছত ইৰানৰ বহু চহৰত এই হিংসাত্মক পৰিস্থিতি বিয়পি পৰে। কুৰ্দিস্তানত আই আৰ জি চি বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত প্ৰত্যক্ষভাৱে গুলীচালনা আৰম্ভ কৰে। বিক্ষোভ আৰু এই হিংসা বন্ধ কৰিবলৈ ইৰান চৰকাৰে জাহেদানৰ ইণ্টাৰনেট বন্ধ কৰি দিলে, কিন্তু তেতিয়ালৈকে এই হুলস্থুল আন চহৰলৈ বিয়পি পৰিছিল।

অভিযোগ উত্থাপন হৈছে যে ইৰানৰ নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ কামাণ্ডাৰক বচাবলৈ ভুক্তভোগী ছোৱালীজনীৰ তিনিজন আত্মীয়ক অপহৰণ কৰি ছোৱালীজনীৰ একো হোৱা নাই বুলি বিবৃতি দিবলৈ বাধ্য কৰাইছিল। অভিযোগ পঞ্জীয়ন নকৰাৰ বাবেও ভুক্তভোগীৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰা হৈছিল যদিও ছোৱালীজনীয়ে তেওঁৰ নিজৰ বক্তব্যত অতল আছিল। আৰু এই বিষয়টো চুন্নী সম্প্ৰদায়ৰ নেতা তথা ধৰ্মীয় নেতাসকলৰ মাজত বিয়পি যোৱাৰ লগে লগে সমগ্ৰ বেলুচ আৰু চুন্নী জনগোষ্ঠীয়ে চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
ডেৰ বছৰীয়া পুত্ৰক বুকুত সাবটি গংগাত জাঁপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়েও জাঁপ দিছিল গংগাত
AIDS নিয়ন্ত্ৰণ সজাগতা চলি থকাৰ মাজতে HIV পৰীক্ষাৰ নামত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভয়ংকৰ কাণ্ড
তিয়াই থোৱা আখৰোট খালে আপোনাৰ ৫টা আচৰিত উপকাৰ হ’ব! জানো আহক সবিশেষ
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে