--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মৰ সেই উৎকট দিনবোৰ পুনৰ সমাগত। গৰমৰ দিনত ডাব নাৰিকলৰ পানীয়ে আমাৰ পিয়াহ দূৰ কৰাৰ লগতে শৰীৰক নিমিষতে পুষ্টি আৰু শক্তিৰো যোগান ধৰিব পাৰে। বজাৰৰ শীতল পানীয় খোৱাতকৈ ডাবৰ পানী খালে আমাৰ বহু উপকাৰ হয়। ডাব নাৰিকলৰ পানী নিৰ্ভেজাল আৰু প্ৰাকৃতিক। নাৰিকল পানীৰ যথেষ্ট গুণ  আছে। কিন্তু সকলো ধৰণৰ  উপকাৰ স্বত্বেও অত্যাধিক নাৰিকল পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।  সেয়ে ডাব নাৰিকলৰ পানী যিকোনো লোকেই যিমান ইচ্ছা সিমান পান কৰিব পাৰি বুলি আমি বহুতেই ধাৰণা কৰো। কিন্তু কথা বোৰ তেনে নহয়। কেতিয়াবা ডাব নাৰিকলৰ পানীয়েও বহুতৰ বাবে অপকাৰী হৈ উঠিব পাৰে।

যদি আপুনি অত্যধিক ডাব নাৰিকল পানী খায় তেন্তে কি হ'ব?ডাব নাৰিকলৰ পানীয়ে শৰীৰত খনিজ পদাৰ্থৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। কিন্তু ইমান বোৰ স্বাস্থ্যজনিত গুণ থকা স্বত্বেও, অত্যধিক ডাব নাৰিকল পানী খোৱাটো এনেবোৰ কাৰণত ক্ষতিকাৰক হ'ব পাৰে।

১. যদি বৃক্কৰ ৰোগ আছে

ডাব নাৰিকলৰ পানীত বিভিন্ন প্ৰকাৰৰ খনিজ লৱণ থাকে, যেনে  কেলচিয়াম, পটাছিয়াম। বৃক্কৰ সমস্যাত ভুগি থকা সকলে   অত্যাধিক ডাব নাৰিকলৰ পানী খাই থাকিলে  খনিজ নিমখৰ ভাৰসাম্য নষ্ট হ'ব পাৰে। অত্যাধিক নাৰিকলৰ পানী খালে 'হাইপাৰকেলেমিয়া' হ'ব পাৰে। দেহত পটাছিয়াম বিশুদ্ধকৰণৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। সেয়েহে, বৃক্কৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত।

২. যদি  ৰক্তচাপৰ  সমস্যা ভুগি আছে
ডাব নাৰিকলৰ পানীত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। অতিৰিক্ত ছডিয়ামে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। ছডিয়ামৰ উপৰি নাৰিকলৰ পানীত পটাছিয়ামো থাকে। যি ৰক্তচাপ হ্ৰাস কৰিব পাৰে। ফলস্বৰূপে, যিসকলে ৰক্তচাপৰ সমস্যাত ভুগি আছে, তেওঁলোকৰ বাবে অত্যাধিক নাৰিকল পানীয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৩. ডায়েবেটিচত

ডায়েবেটিচত ভুগি থকা সকলে ডাব নাৰিকলৰ পানী খাব লাগে নে নাই সেই বিষয়ে বিশেষজ্ঞসকলৰ মতভেদ আছে। কিছুমানে কয় যে যেতিয়া শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া ডাব নাৰিকলৰ পানীয়ে চেনিৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। কিছুমানে কয় যে এক কাপ ডাব নাৰিকলৰ পানীত প্ৰায় ৬.২৬ গ্ৰাম কাৰ্বোহাইড্ৰেট থাকিব পাৰে। যি ৰক্তৰ শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। অৱশ্যে, বিশেষজ্ঞসকলে কয় যে ডাব নাৰিকলৰ পানীত চেনীৰ পৰিমাণ  বজাৰৰ সাধাৰণ পানীয়তকৈ যথেষ্ট কম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement