--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিন বোৰ পুনৰ ঘূৰি আহিছে। বতৰ বিজ্ঞানীৰ মতে আৰু কেইদিনমান পিছতে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ সময়ত গৰমৰ মাত্ৰাই হেনো সীমা চেৰাব।  গৰমৰ দিনত দেহটোক সুস্থ কৰি ৰাখিবলৈ আমি প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী  খাব লাগে। এই সময়ছোৱা যিহেতু ৰোগ-ব্যাধিৰে সময় সেয়ে স্বাস্থ্যৰ বিষয়ত আমি সচেতন হ’বই লাগিব। 

এনে সময়ত যিমান পাৰি সিমান জুলীয়া খাদ্য আমি গ্ৰহণ কৰাটো নিশ্চয়কৈ উচিৎ হ’ব। জুলীয়া খাদ্যই শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰখাৰ লগতে দেহক পুষ্টিও যোগাব। 

গৰমৰ দিন কেইটাত আমি ঘৰতে কেতবোৰ বিশেষ পানীয় প্ৰস্তুত কৰি ল’ব পাৰে। এনেবোৰ পানীয়ই দেহ জুৰ পেলাই ৰখাৰ লগতে শৰীৰটোক সুস্থ, সৱল কৰি ৰাখিব পাৰে। তদুপৰি  শৰীৰৰ মেদ দূৰ কৰাটো এনেবোৰ পানীয়ই সহায় কৰিব। আহক চাওঁ আমি ঘৰতে কি কি পানীয় প্ৰস্তুত কৰি ল’ব পাৰো 

তিয়ঁহৰ ৰস

ঘৰতে মিক্সি ব্যৱহাৰ কৰি বা পটাত বটিও তিয়ঁহৰ ৰস উলিয়াই ল’ব পাৰি। ৰাতি শোৱাৰ পূৰ্বে তিয়ঁহৰ ৰস খাব লাগে, ই বৰ উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ দূৰ কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে।তিয়ঁহৰ ৰস শীতল আৰু ই  ৪৫ কেলেৰীযুক্ত।ছালৰ স্বাস্থ্য ৰক্ষাতো তিয়ঁহৰ ৰস উপকাৰী।

নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। মেদ হ্ৰাস কৰি এনে পানীয়ই  শৰীৰৰ ওজন কমাব পাৰে। তদুপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। প্ৰাকৃতিক ভাবে ভিটামিন চি পোৱাৰ বিকল্প নেমুৰ ৰসৰ বাদে আন একো হ’ব নোৱাৰে।

এল’ভেৰাৰ ৰস

এল’ভেৰাৰ জুচো ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰি। মাত্ৰ এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব যাতে যিজোপা গছৰ পৰা এনে ৰস উলিওৱা হয় সেই গছজোপা যাতে এল’ভেৰা হয়। বহুতে দেখাত একে হোৱা বাবে আন গছকো এল’ভেৰা বুলি ভুল কৰে।এল’ভেৰাৰ ৰসে ছাল মসৃণ কৰি তোলে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ৰাতি শোৱাৰ পূৰ্বে একাপ এল’ভেৰাৰ জুচ খালে বহু উপকাৰ পোৱা যায়।

আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপাদেয় হোৱাৰ লগতে ই অম্লপিত্তৰ সমস্যাও দূৰ কৰিব পাৰে। দৈনিক কেইচামুচমান আদাৰ ৰস খালেও শৰীৰ মেদ কমাৰ লগতে হজমী শক্তিও বৃদ্ধি পায়। অৱশ্যে সকলো মানুহে আদাৰ ৰস সহ্য কৰিব নোৱাৰে। সেই যিসকলৰ এনে ৰসে অপকাৰ কৰা যেন ভাব হয় তেওঁলোকে আদাৰ ৰস নোখোৱাই ভাল। অত্যধিক আদাৰ ৰস খালে দেহত তেজ গোট মৰা শক্তি কমি যাব পাৰে। সেইবাবে কেইচামুচমান আদাৰ ৰসেই যথেষ্ট।

মিশ্ৰিত ৰস

কেইবাবিধো ৰস মিহলি কৰি ঘৰতে এবিধ অতি সুন্দৰ ৰস প্ৰস্তুত কৰি ল’ব পাৰি।
তিয়ঁহ,  ধনীয়া, নেমু, আধা আৰু এল’ভেৰাৰ ৰস পানীৰ লগত মিহলাই তাত সামান্য ক’লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ  কমে।

থেকেৰা টেঙাৰ চৰবত
 থেকেৰা টেঙাৰ শুঠি পানীত তিয়াই থৈ পিছত সেয়া খচি তাৰ পৰা চৰবত তৈয়াৰ কৰি খালে দেহ শাত পৰে। নিমক আৰু চেনী মিহলাই এনে চৰবত প্ৰস্তুত কৰিব পাৰি। থেকেৰাৰ চৰবতে দেহ শীতল কৰাৰ লগতে শৰীৰত চি ভিটামিনৰো অভাৱ পূৰণ কৰে।  এনেবোৰ ৰসৰ লগতে আমি ঘৰতে আম, আনাৰস, ক’লা জাম আদিৰ ৰসো প্ৰস্তুত কৰি খাব পাৰো। এনে ৰস প্ৰস্তুত কৰোতে খৰচো বেছি নপৰে, সময়ো বেছি নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ