--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিন বোৰ পুনৰ ঘূৰি আহিছে। বতৰ বিজ্ঞানীৰ মতে আৰু কেইদিনমান পিছতে অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ সময়ত গৰমৰ মাত্ৰাই হেনো সীমা চেৰাব।  গৰমৰ দিনত দেহটোক সুস্থ কৰি ৰাখিবলৈ আমি প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী  খাব লাগে। এই সময়ছোৱা যিহেতু ৰোগ-ব্যাধিৰে সময় সেয়ে স্বাস্থ্যৰ বিষয়ত আমি সচেতন হ’বই লাগিব। 

এনে সময়ত যিমান পাৰি সিমান জুলীয়া খাদ্য আমি গ্ৰহণ কৰাটো নিশ্চয়কৈ উচিৎ হ’ব। জুলীয়া খাদ্যই শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰখাৰ লগতে দেহক পুষ্টিও যোগাব। 

গৰমৰ দিন কেইটাত আমি ঘৰতে কেতবোৰ বিশেষ পানীয় প্ৰস্তুত কৰি ল’ব পাৰে। এনেবোৰ পানীয়ই দেহ জুৰ পেলাই ৰখাৰ লগতে শৰীৰটোক সুস্থ, সৱল কৰি ৰাখিব পাৰে। তদুপৰি  শৰীৰৰ মেদ দূৰ কৰাটো এনেবোৰ পানীয়ই সহায় কৰিব। আহক চাওঁ আমি ঘৰতে কি কি পানীয় প্ৰস্তুত কৰি ল’ব পাৰো 

তিয়ঁহৰ ৰস

ঘৰতে মিক্সি ব্যৱহাৰ কৰি বা পটাত বটিও তিয়ঁহৰ ৰস উলিয়াই ল’ব পাৰি। ৰাতি শোৱাৰ পূৰ্বে তিয়ঁহৰ ৰস খাব লাগে, ই বৰ উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ দূৰ কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে।তিয়ঁহৰ ৰস শীতল আৰু ই  ৪৫ কেলেৰীযুক্ত।ছালৰ স্বাস্থ্য ৰক্ষাতো তিয়ঁহৰ ৰস উপকাৰী।

নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। মেদ হ্ৰাস কৰি এনে পানীয়ই  শৰীৰৰ ওজন কমাব পাৰে। তদুপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। প্ৰাকৃতিক ভাবে ভিটামিন চি পোৱাৰ বিকল্প নেমুৰ ৰসৰ বাদে আন একো হ’ব নোৱাৰে।

এল’ভেৰাৰ ৰস

এল’ভেৰাৰ জুচো ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰি। মাত্ৰ এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব যাতে যিজোপা গছৰ পৰা এনে ৰস উলিওৱা হয় সেই গছজোপা যাতে এল’ভেৰা হয়। বহুতে দেখাত একে হোৱা বাবে আন গছকো এল’ভেৰা বুলি ভুল কৰে।এল’ভেৰাৰ ৰসে ছাল মসৃণ কৰি তোলে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ৰাতি শোৱাৰ পূৰ্বে একাপ এল’ভেৰাৰ জুচ খালে বহু উপকাৰ পোৱা যায়।

আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপাদেয় হোৱাৰ লগতে ই অম্লপিত্তৰ সমস্যাও দূৰ কৰিব পাৰে। দৈনিক কেইচামুচমান আদাৰ ৰস খালেও শৰীৰ মেদ কমাৰ লগতে হজমী শক্তিও বৃদ্ধি পায়। অৱশ্যে সকলো মানুহে আদাৰ ৰস সহ্য কৰিব নোৱাৰে। সেই যিসকলৰ এনে ৰসে অপকাৰ কৰা যেন ভাব হয় তেওঁলোকে আদাৰ ৰস নোখোৱাই ভাল। অত্যধিক আদাৰ ৰস খালে দেহত তেজ গোট মৰা শক্তি কমি যাব পাৰে। সেইবাবে কেইচামুচমান আদাৰ ৰসেই যথেষ্ট।

মিশ্ৰিত ৰস

কেইবাবিধো ৰস মিহলি কৰি ঘৰতে এবিধ অতি সুন্দৰ ৰস প্ৰস্তুত কৰি ল’ব পাৰি।
তিয়ঁহ,  ধনীয়া, নেমু, আধা আৰু এল’ভেৰাৰ ৰস পানীৰ লগত মিহলাই তাত সামান্য ক’লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ  কমে।

থেকেৰা টেঙাৰ চৰবত
 থেকেৰা টেঙাৰ শুঠি পানীত তিয়াই থৈ পিছত সেয়া খচি তাৰ পৰা চৰবত তৈয়াৰ কৰি খালে দেহ শাত পৰে। নিমক আৰু চেনী মিহলাই এনে চৰবত প্ৰস্তুত কৰিব পাৰি। থেকেৰাৰ চৰবতে দেহ শীতল কৰাৰ লগতে শৰীৰত চি ভিটামিনৰো অভাৱ পূৰণ কৰে।  এনেবোৰ ৰসৰ লগতে আমি ঘৰতে আম, আনাৰস, ক’লা জাম আদিৰ ৰসো প্ৰস্তুত কৰি খাব পাৰো। এনে ৰস প্ৰস্তুত কৰোতে খৰচো বেছি নপৰে, সময়ো বেছি নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু