--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰৰ অন্তত শ্বাহৰুখ খান উভটি আহিছে। বহু প্ৰতীক্ষিত চলচ্চিত্ৰ 'পাঠান' বুধবাৰে ছবিগৃহত মুক্তি দিয়া হয়। তাৰপাছতে এতিয়া দেশজুৰি ‘পাঠান’ৰ জোৱাৰ৷ নিজৰ প্ৰিয় অভিনেতাজনৰ চিনেমাখনক লৈ অপাৰ আনন্দত উটি ভাঁহি গৈছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখৰ অনুৰাগীসকল৷

৫৭ বছৰ বয়সত শ্বাহৰুখ খানে তেওঁৰ নিজৰ কামৰ প্ৰতি প্ৰেম আৰু নিষ্ঠাক  আকৌ এবাৰ প্ৰমাণ কৰিলে। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ যুঁজত এজন শক্তিশালী ব্যক্তিত্ব শ্বাহৰুখ খান। ‘পাঠান’ চৰিত্ৰটো ৰূপায়ন কৰিবলৈ দুবছৰ সময় তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল৷ নিজকে বিশেষ ৰূপত সজাই তুলিছিল।

শ্বাহৰুখ খান এজন অত্যন্ত ফিটনেছ সচেতন অভিনেতা৷ সেইদৰে ‘পাঠান’ত থকা শ্বাহৰুখৰ চৰিত্ৰটোৱেও নিজকে সুস্থ কৰি ৰখাৰ চেষ্টা কৰা দেখা গৈছে। ‘পাঠান’ ছৱিখন ২ ঘণ্টা ২৬ মিনিট দৈৰ্ঘৰ৷ সমগ্ৰ ছৱিখনতে তেওঁ কেৱল আপেল আৰু দৈ খোৱা দেখা গৈছে৷

কিং খানে দুবছৰ ধৰি কঠোৰ ব্যায়াম-শৰীৰচৰ্চা কৰাৰ অন্তত ‘পাঠান’ৰ লুকছটো লাভ কৰিছে। ৱেইট লিফ্টিঙো কৰিছিল শ্বাহৰুখে। শৰীৰচৰ্চা কৰি থকাৰ সময়ত তেওঁ একাধিকবাৰ আঘাতপ্ৰাপ্তও হৈছিল৷ কিন্তু পিছুৱাই যোৱা নাছিল।

কেৱল শৰীৰচৰ্চাই নহয়, ডায়েটিঙতো গুৰুত্ব দিছিল শ্বাহৰুখে। কিন্তু সেইবুলি তেওঁৰ খাদ্যাভাসৰ কোনো পৰিৱৰ্তন কৰা নাছিল৷ নিয়মিত খাদ্যগ্ৰহণেৰে নিজকে মেদহীন আৰু সুস্থ কৰি ৰখাৰ সুন্দৰ উদাহৰণ হৈছে কিং খান৷

এতিয়া চাওঁ আহক, ৫৭ বছৰ বয়সতো নিজকে হেণ্ডছাম কৰি ৰখা শ্বাহৰুখৰ খাদ্যৰ তালিকাত কি কি আছে? দাইল হৈছে তেওঁৰ সৰ্বকালৰ প্ৰিয় খাদ্য। তেওঁ যিকোনো সময়তে এবাটি দাইল খাব পাৰে। অলপ পৰিমাণৰ ভাত-দাইলেই হৈছে তেওঁৰ নিয়মীয়া খাদ্য।

শ্বাহৰুখ খান এজন উত্তৰ ভাৰতীয় লোক৷ সাধাৰণতে উত্তৰ ভাৰতীয় লোকসকলৰ নিয়মীয়া খাদ্য ভাত নহয়৷ কিন্তু কিং খানে দাইল-ভাত খায়৷ ইয়াৰ কাৰণো হৈছে শ্বাহৰুখৰ স্বাস্থ্য সচেতনতা৷ ভাত হৈছে মেগনেছিয়ান, ভিটামিন বি-ৰ উৎস। সেইবাবেই ভাত খায় শ্বাহৰুখে৷ ভাতৰ লগত  এটুকুৰা পিঁয়াজো খায় তেওঁ।

ভাতৰ উপৰিও সিজোৱা কণীও খাবলৈ ভাল পায় শ্বাহৰুখে।  শ্বাহৰুখৰ ব্ৰেকফাষ্টত কমলা ৰস, ভিটামিন টেবলেট আৰু সিজোৱা কণী থাকে। মাহেকত এবাৰ তন্দুৰী ৰুটি, পাঁঠা ছাগলীৰ মাংস আৰু তন্দুৰী মুৰ্গী খায় কিং খানে। দীঘলীয়া সময়ৰ ব্যায়ামৰ পিছত প্ৰ'টিন পাউডাৰ খোৱাৰো অভ্যাস আছে তেওঁৰ৷

বলিউডৰ অভিনেতাসকলে নিজৰ শৰীৰ সুস্থভাৱে ৰখাত অত্যন্ত গুৰুত্ব দি আহিছে৷ শ্বাহৰুখ খান ইয়াৰ ভিতৰত অন্যতম৷ ‘পাঠান’ৰ পূৰ্বেও ‘চক দে ইণ্ডিয়া’, ‘ওম শান্তি ওম’ আদি চুপাৰহিট ছৱিতো তেওঁৰ এই ফিটনেছ সজাগতাক লক্ষ্য কৰা গৈছিল৷ বিশেষকৈ ‘ওম শান্ত ওম’ৰ ‘দৰ্দ-ই-ডিস্ক’ শীৰ্ষক গানটোত তেওঁৰ চিক্স পেক শৰীৰে সেই সময়ত তীব্ৰ চৰ্চা লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক