--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰৰ অন্তত শ্বাহৰুখ খান উভটি আহিছে। বহু প্ৰতীক্ষিত চলচ্চিত্ৰ 'পাঠান' বুধবাৰে ছবিগৃহত মুক্তি দিয়া হয়। তাৰপাছতে এতিয়া দেশজুৰি ‘পাঠান’ৰ জোৱাৰ৷ নিজৰ প্ৰিয় অভিনেতাজনৰ চিনেমাখনক লৈ অপাৰ আনন্দত উটি ভাঁহি গৈছে বলিউডৰ বাদশ্বাহ শ্বাহৰুখৰ অনুৰাগীসকল৷

৫৭ বছৰ বয়সত শ্বাহৰুখ খানে তেওঁৰ নিজৰ কামৰ প্ৰতি প্ৰেম আৰু নিষ্ঠাক  আকৌ এবাৰ প্ৰমাণ কৰিলে। কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ যুঁজত এজন শক্তিশালী ব্যক্তিত্ব শ্বাহৰুখ খান। ‘পাঠান’ চৰিত্ৰটো ৰূপায়ন কৰিবলৈ দুবছৰ সময় তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল৷ নিজকে বিশেষ ৰূপত সজাই তুলিছিল।

শ্বাহৰুখ খান এজন অত্যন্ত ফিটনেছ সচেতন অভিনেতা৷ সেইদৰে ‘পাঠান’ত থকা শ্বাহৰুখৰ চৰিত্ৰটোৱেও নিজকে সুস্থ কৰি ৰখাৰ চেষ্টা কৰা দেখা গৈছে। ‘পাঠান’ ছৱিখন ২ ঘণ্টা ২৬ মিনিট দৈৰ্ঘৰ৷ সমগ্ৰ ছৱিখনতে তেওঁ কেৱল আপেল আৰু দৈ খোৱা দেখা গৈছে৷

কিং খানে দুবছৰ ধৰি কঠোৰ ব্যায়াম-শৰীৰচৰ্চা কৰাৰ অন্তত ‘পাঠান’ৰ লুকছটো লাভ কৰিছে। ৱেইট লিফ্টিঙো কৰিছিল শ্বাহৰুখে। শৰীৰচৰ্চা কৰি থকাৰ সময়ত তেওঁ একাধিকবাৰ আঘাতপ্ৰাপ্তও হৈছিল৷ কিন্তু পিছুৱাই যোৱা নাছিল।

কেৱল শৰীৰচৰ্চাই নহয়, ডায়েটিঙতো গুৰুত্ব দিছিল শ্বাহৰুখে। কিন্তু সেইবুলি তেওঁৰ খাদ্যাভাসৰ কোনো পৰিৱৰ্তন কৰা নাছিল৷ নিয়মিত খাদ্যগ্ৰহণেৰে নিজকে মেদহীন আৰু সুস্থ কৰি ৰখাৰ সুন্দৰ উদাহৰণ হৈছে কিং খান৷

এতিয়া চাওঁ আহক, ৫৭ বছৰ বয়সতো নিজকে হেণ্ডছাম কৰি ৰখা শ্বাহৰুখৰ খাদ্যৰ তালিকাত কি কি আছে? দাইল হৈছে তেওঁৰ সৰ্বকালৰ প্ৰিয় খাদ্য। তেওঁ যিকোনো সময়তে এবাটি দাইল খাব পাৰে। অলপ পৰিমাণৰ ভাত-দাইলেই হৈছে তেওঁৰ নিয়মীয়া খাদ্য।

শ্বাহৰুখ খান এজন উত্তৰ ভাৰতীয় লোক৷ সাধাৰণতে উত্তৰ ভাৰতীয় লোকসকলৰ নিয়মীয়া খাদ্য ভাত নহয়৷ কিন্তু কিং খানে দাইল-ভাত খায়৷ ইয়াৰ কাৰণো হৈছে শ্বাহৰুখৰ স্বাস্থ্য সচেতনতা৷ ভাত হৈছে মেগনেছিয়ান, ভিটামিন বি-ৰ উৎস। সেইবাবেই ভাত খায় শ্বাহৰুখে৷ ভাতৰ লগত  এটুকুৰা পিঁয়াজো খায় তেওঁ।

ভাতৰ উপৰিও সিজোৱা কণীও খাবলৈ ভাল পায় শ্বাহৰুখে।  শ্বাহৰুখৰ ব্ৰেকফাষ্টত কমলা ৰস, ভিটামিন টেবলেট আৰু সিজোৱা কণী থাকে। মাহেকত এবাৰ তন্দুৰী ৰুটি, পাঁঠা ছাগলীৰ মাংস আৰু তন্দুৰী মুৰ্গী খায় কিং খানে। দীঘলীয়া সময়ৰ ব্যায়ামৰ পিছত প্ৰ'টিন পাউডাৰ খোৱাৰো অভ্যাস আছে তেওঁৰ৷

বলিউডৰ অভিনেতাসকলে নিজৰ শৰীৰ সুস্থভাৱে ৰখাত অত্যন্ত গুৰুত্ব দি আহিছে৷ শ্বাহৰুখ খান ইয়াৰ ভিতৰত অন্যতম৷ ‘পাঠান’ৰ পূৰ্বেও ‘চক দে ইণ্ডিয়া’, ‘ওম শান্তি ওম’ আদি চুপাৰহিট ছৱিতো তেওঁৰ এই ফিটনেছ সজাগতাক লক্ষ্য কৰা গৈছিল৷ বিশেষকৈ ‘ওম শান্ত ওম’ৰ ‘দৰ্দ-ই-ডিস্ক’ শীৰ্ষক গানটোত তেওঁৰ চিক্স পেক শৰীৰে সেই সময়ত তীব্ৰ চৰ্চা লাভ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু