--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰ্ফী জাভেদে সদায় নিজৰ অদ্ভুত ফেশ্বনৰ বাবে আৰু কেতিয়াবা নিজৰ বক্তব্যৰ বাবেই ইণ্টাৰনেটত আধিপত্য বিস্তাৰ কৰে। উৰ্ফি জাভেদ আকৌ এবাৰ লাইমলাইটলৈ আহিছে যদিও এইবাৰ কাৰণ বেলেগ। মুম্বাইত ভাড়াঘৰ পোৱাত অসুবিধাৰ সন্মুখীন হৈছে উৰ্ফি জাভেদ। মুম্বাইৰ ঠায়ে ঠায়ে ঘূৰিও পোৱা নাই উৰ্ফীয়ে এটা ভাড়াঘৰ।

এই কথা উৰ্ফি জাভেদে নিজেই প্ৰকাশ কৰিছে। তেওঁ টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে মুম্বাইত ভাড়াঘৰ পাবলৈ মোৰ বৰ অসুবিধা হৈছে, মোক ঘৰ দিবলৈ কোনো সাজু নহয়। ইয়াৰ আঁৰৰ কাৰণ উৰ্ফীয়ে দাঙি ধৰিছে।

এই টুইটত উৰ্ফী জাভেদে লিখিছে, “মই পিন্ধা কাপোৰৰ বাবে মুছলমান ঘৰৰ মালিকে মোক ঘৰ ভাড়াত দিব নিবিচাৰে, হিন্দু মালিকে মোক ভাড়াত দিব নিবিচাৰে কাৰণ মই মুছলমান। আন কিছুমানে ভাড়া নিদিয়ে কাৰণ মই ভিন্ন মানুহৰ পৰা ভাবুকি পাওঁ, তাৰবাবেই কিছুমান ঘৰৰ মালিকৰ সমস্যা হয়। মুম্বাইত ভাড়াত এপাৰ্টমেণ্ট বিচাৰি পোৱাটো বৰ কঠিন।''

উৰ্ফীৰ এই সমস্যাক লৈ নানাজনে নানা মন্তব্য দিছে। উল্লেখ্য যে উৰ্ফীয়ে পৰিধান কৰা সাজপাৰৰ বাবে প্ৰায়ে ট্ৰ'লৰ সন্মুখীন হয়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক