--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছালৰ যত্নৰ ৰুটিনত চকুক বিশেষ গুৰুত্ব দিব লাগিব। চকুৰ তলৰ অংশটো ইমানেই সুক্ষ্ম আৰু ছালখন ইমানেই পাতল যে ইয়াক আন ছালৰ যত্নৰ সামগ্ৰীৰে চিকিৎসা কৰিব নোৱাৰি। এই কাৰণেই বজাৰত আণ্ডাৰ আইৰ বাবে বিভিন্ন সামগ্ৰী উপলব্ধ। কেতিয়াবা জেনেটিক্সৰ ফলত আৰু কেতিয়াবা আন পৰিৱেশগত কাৰকৰ বাবে ডাৰ্ক চাৰ্কলৰ সৃষ্টি হয়। কাৰণ যিয়েই নহওক, চকুৰ তলত থকা ডাৰ্ক চাৰ্কল, আৰু বলিৰেখাই মুখৰ সৌন্দৰ্য্য নষ্ট কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আহকচোন কিছুমান ঘৰুৱা উপায় জানো, যিয়ে চকুৰ তলৰ ছালখন উজ্জ্বল কৰি তোলাই নহয় চকুৰ বেগ আৰু বলিৰেখাৰ পৰাও মুক্তি পাব পাৰে।

টি বেগ: টি বেগ অৰ্থাৎ চাহৰ বেগে কেৱল ছালখন উজ্জ্বল কৰাই নহয়, চকুৰ তলৰ চালখন উজ্জ্বল কৰি তোলে।‌ বিশেষকৈ গ্ৰীণ টিয়ে এই কামত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টবোৰ চকুৰ তলৰ অংশৰ বাবে বিশেষভাৱে উপকাৰী। ইয়াৰ ফলত চকুৰ তলত তেজৰ সোঁত বৃদ্ধি পায় যাৰ ফলত বাৰ্ধক্য প্ৰক্ৰিয়া লেহেমীয়া হয়। ইয়াৰ বাবে দুটা চাহৰ বেগ ফ্ৰীজত ২০ মিনিট ঠাণ্ডা কৰি ১৫ৰ পৰা ২০ মিনিট চকুত ৰাখিব।

তিঁয়হ : বিশেষজ্ঞসকলে যিকোনো সৌন্দৰ্য্য চিকিৎসা দি থাকোঁতে সেই তিঁয়হৰ টুকুৰাবোৰ চকুত লগাই দিয়াটো সকলোৱে দেখিছে, যদি আপুনি ডাৰ্ক চাৰ্কলৰ পৰা  দ্ৰুতভাৱে মুক্তি পাব পাৰে বুলি ভাবিছে, তেন্তে টুকুৰা টুকুৰ কৰি তিঁয়হ
সমূহ ফ্ৰীজত ৩০ মিনিট ৰাখিব। সেইবোৰ উলিয়াই আপোনাৰ ডাৰ্ক চাৰ্কলবোৰত ৰাখক। ঠাণ্ডা পানীৰে ধুই দিয়াৰ আগতে ১০ মিনিট ৰাখিব লাগে। আপুনি অনুভৱ কৰিব যে আপোনাৰ চকু দুটা নিমিষতে সতেজ হৈ পৰিছে।

পদিনা পাত: পদিনা সজীৱ গোন্ধ আৰু সতেজ গুণৰ বাবে জনাজাত। ইয়াৰ দ্বাৰা চকুৰ তলৰ সেই কুৎসিত ক’লা বৃত্তবোৰো আঁতৰাই পেলাব পাৰি। মাত্ৰ কেইটামান পাত পানীৰে থেতেলিয়াই পেষ্ট বনাই ডাৰ্ক চাৰ্কলবোৰত লগাই দিব। ১০ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিব। এসপ্তাহ ধৰি প্ৰতি নিশা এনেদৰে কৰিলে আচৰিত ফলাফল দেখা পাব।

ঠাণ্ডা কম্প্ৰেছ: চকুৰ সমস্যাৰ বাবেও ঠাণ্ডা কম্প্ৰেছে ভাল কাম কৰে। চকুত ঠাণ্ডা বস্তু লগালে সোনকালে সকাহ পোৱা যায়। ঠাণ্ডা কম্প্ৰেছ বজাৰত পোৱা যায়, কিন্তু ঘৰতে বনাব পাৰে। ইয়াৰ বাবে ষ্টীলৰ চামুচ, ভিজা কাপোৰ, ফ্ৰ’জেন শাক-পাচলিৰ বেগ আদি ব্যৱহাৰ কৰিব পাৰি। অলপ সময়ৰ বাবে লগাব আৰু কম্প্ৰেছটোৰ চাৰিওফালে কোমল কাপোৰ এখন মেৰিয়াই ল'ব ।

হাইড্ৰেটেড হৈ থাকক: শৰীৰত পানীৰ পৰিমাণ কম হ’লেও চকুৰ তলৰ বেগৰ সমস্যাৰ সৃষ্টি হয়। গতিকে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ বাহিৰেও সকলো ধৰণৰ পানীয় আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। বনৌষধি চাহ, স্পাৰ্কলিং পানী, সোৱাদযুক্ত পানী আৰু ডিটক্স পানীৰ ৰূপতো পানী খাব পাৰে।

ৰেটিনল আৰু কেফেইন ক্ৰীম ব্যৱহাৰ কৰক: ৰেটিনল আৰু কেফেইনযুক্ত ক্ৰীমকো চকুৰ যত্নৰ অধীনত ভাল বুলি গণ্য কৰা হয়। ৰেটিনল ক্ৰীম প্ৰয়োগ কৰিলে কলাজেনৰ অভাৱ দূৰ হয় আৰু চকুৰ তলৰ ছালখন সুস্থ হৈ পৰে। একেদৰে কেফেইনযুক্ত ক্ৰীমও চকুৰ তলৰ ছালৰ বাবে উপকাৰী বুলি ধৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু