--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছালৰ যত্নৰ ৰুটিনত চকুক বিশেষ গুৰুত্ব দিব লাগিব। চকুৰ তলৰ অংশটো ইমানেই সুক্ষ্ম আৰু ছালখন ইমানেই পাতল যে ইয়াক আন ছালৰ যত্নৰ সামগ্ৰীৰে চিকিৎসা কৰিব নোৱাৰি। এই কাৰণেই বজাৰত আণ্ডাৰ আইৰ বাবে বিভিন্ন সামগ্ৰী উপলব্ধ। কেতিয়াবা জেনেটিক্সৰ ফলত আৰু কেতিয়াবা আন পৰিৱেশগত কাৰকৰ বাবে ডাৰ্ক চাৰ্কলৰ সৃষ্টি হয়। কাৰণ যিয়েই নহওক, চকুৰ তলত থকা ডাৰ্ক চাৰ্কল, আৰু বলিৰেখাই মুখৰ সৌন্দৰ্য্য নষ্ট কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আহকচোন কিছুমান ঘৰুৱা উপায় জানো, যিয়ে চকুৰ তলৰ ছালখন উজ্জ্বল কৰি তোলাই নহয় চকুৰ বেগ আৰু বলিৰেখাৰ পৰাও মুক্তি পাব পাৰে।

টি বেগ: টি বেগ অৰ্থাৎ চাহৰ বেগে কেৱল ছালখন উজ্জ্বল কৰাই নহয়, চকুৰ তলৰ চালখন উজ্জ্বল কৰি তোলে।‌ বিশেষকৈ গ্ৰীণ টিয়ে এই কামত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টবোৰ চকুৰ তলৰ অংশৰ বাবে বিশেষভাৱে উপকাৰী। ইয়াৰ ফলত চকুৰ তলত তেজৰ সোঁত বৃদ্ধি পায় যাৰ ফলত বাৰ্ধক্য প্ৰক্ৰিয়া লেহেমীয়া হয়। ইয়াৰ বাবে দুটা চাহৰ বেগ ফ্ৰীজত ২০ মিনিট ঠাণ্ডা কৰি ১৫ৰ পৰা ২০ মিনিট চকুত ৰাখিব।

তিঁয়হ : বিশেষজ্ঞসকলে যিকোনো সৌন্দৰ্য্য চিকিৎসা দি থাকোঁতে সেই তিঁয়হৰ টুকুৰাবোৰ চকুত লগাই দিয়াটো সকলোৱে দেখিছে, যদি আপুনি ডাৰ্ক চাৰ্কলৰ পৰা  দ্ৰুতভাৱে মুক্তি পাব পাৰে বুলি ভাবিছে, তেন্তে টুকুৰা টুকুৰ কৰি তিঁয়হ
সমূহ ফ্ৰীজত ৩০ মিনিট ৰাখিব। সেইবোৰ উলিয়াই আপোনাৰ ডাৰ্ক চাৰ্কলবোৰত ৰাখক। ঠাণ্ডা পানীৰে ধুই দিয়াৰ আগতে ১০ মিনিট ৰাখিব লাগে। আপুনি অনুভৱ কৰিব যে আপোনাৰ চকু দুটা নিমিষতে সতেজ হৈ পৰিছে।

পদিনা পাত: পদিনা সজীৱ গোন্ধ আৰু সতেজ গুণৰ বাবে জনাজাত। ইয়াৰ দ্বাৰা চকুৰ তলৰ সেই কুৎসিত ক’লা বৃত্তবোৰো আঁতৰাই পেলাব পাৰি। মাত্ৰ কেইটামান পাত পানীৰে থেতেলিয়াই পেষ্ট বনাই ডাৰ্ক চাৰ্কলবোৰত লগাই দিব। ১০ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই দিব। এসপ্তাহ ধৰি প্ৰতি নিশা এনেদৰে কৰিলে আচৰিত ফলাফল দেখা পাব।

ঠাণ্ডা কম্প্ৰেছ: চকুৰ সমস্যাৰ বাবেও ঠাণ্ডা কম্প্ৰেছে ভাল কাম কৰে। চকুত ঠাণ্ডা বস্তু লগালে সোনকালে সকাহ পোৱা যায়। ঠাণ্ডা কম্প্ৰেছ বজাৰত পোৱা যায়, কিন্তু ঘৰতে বনাব পাৰে। ইয়াৰ বাবে ষ্টীলৰ চামুচ, ভিজা কাপোৰ, ফ্ৰ’জেন শাক-পাচলিৰ বেগ আদি ব্যৱহাৰ কৰিব পাৰি। অলপ সময়ৰ বাবে লগাব আৰু কম্প্ৰেছটোৰ চাৰিওফালে কোমল কাপোৰ এখন মেৰিয়াই ল'ব ।

হাইড্ৰেটেড হৈ থাকক: শৰীৰত পানীৰ পৰিমাণ কম হ’লেও চকুৰ তলৰ বেগৰ সমস্যাৰ সৃষ্টি হয়। গতিকে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ বাহিৰেও সকলো ধৰণৰ পানীয় আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। বনৌষধি চাহ, স্পাৰ্কলিং পানী, সোৱাদযুক্ত পানী আৰু ডিটক্স পানীৰ ৰূপতো পানী খাব পাৰে।

ৰেটিনল আৰু কেফেইন ক্ৰীম ব্যৱহাৰ কৰক: ৰেটিনল আৰু কেফেইনযুক্ত ক্ৰীমকো চকুৰ যত্নৰ অধীনত ভাল বুলি গণ্য কৰা হয়। ৰেটিনল ক্ৰীম প্ৰয়োগ কৰিলে কলাজেনৰ অভাৱ দূৰ হয় আৰু চকুৰ তলৰ ছালখন সুস্থ হৈ পৰে। একেদৰে কেফেইনযুক্ত ক্ৰীমও চকুৰ তলৰ ছালৰ বাবে উপকাৰী বুলি ধৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী