--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী উৎসৱত পোহৰ আৰু সুখৰ উৎসৱ। এই দিনটোতে প্ৰতি ঘৰতে মা লক্ষ্মীক পূজা কৰা হয়। মাতৃ লক্ষ্মীক ধন, সুখ আৰু সমৃদ্ধিৰ দেৱী বুলি কোৱা হয়, এনে অৱস্থাত দেৱালীৰ দিনটোত মাতৃ লক্ষ্মীক সন্তুষ্ট কৰিবলৈ বহুতো কাম কৰা হয়, কিন্তু ভুলতো এনে কিছুমান কাম কৰিব নালাগে যিয়ে মা লক্ষ্মীক ক্ষুব্ধ কৰি তুলে।

দীপাৱলী কাতি মাহৰ কৃষ্ণ পক্ষৰ অমাৱস্যাৰ দিনা পালন কৰা হয়। দীপাৱলী উপলক্ষে বহু দিনলৈ ঘৰ চাফাই চলি থাকে। মা লক্ষ্মীয়ে একেবাৰে লেতেৰা ভাল নাপায়। গতিকে ঘৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ধ্যান ৰখাটো প্ৰয়োজনীয়। 

দীপাৱলীৰ দিনা ভুলতো এই কাম নকৰিব

১) দীপাৱলীত দিনত বা গধূলি শুব নালাগে। এই দিনটোত শুই থকাটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে বেমাৰ আহে ঘৰত।

২) দীপাৱলীৰ দিনা গধূলিৰ পাছত ঘৰ ঝাড়ু নিদিব। সন্ধিয়া ঝাড়ু দিলে লক্ষ্মীৰ খং উঠে বুলি কোৱা হয়। ঘৰৰ ধন-সম্পত্তি বাহিৰলৈ যায় আৰু পৰিয়ালটো দুখীয়া হয়।

৩) দীপাৱলীৰ দিনা ঘৰৰ কোনো নাৰীকে গালি-গালাজ নকৰিব। 

৪) চামৰাৰে বনোৱা একো বস্তু কাকো উপহাৰ হিচাপে নিদিব।

৫) পূজাত বগা ৰঙৰ ফুল ব্যৱহাৰ কৰিব লাগে, যাতে দেৱী লক্ষ্মী সন্তুষ্ট হয়।

৬) কোনো দুখীয়া বা আৰ্তজনক দুৱাৰৰ পৰা খালী হাতে উভতাই নপঠাব।

৭) কোনো বয়োজ্যেষ্ঠক অপমান নকৰিব।

৮) আজিৰ দিনটোত কোনোধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰিব নালাগে। যেনে মদ বা আন কোনো বস্তু। ই ঘৰত মানসিক বিকাৰৰ সৃষ্টি কৰে, দৰিদ্ৰতা আহে।

৯) কাকো খং কৰিব নালাগে. কাজিয়া কৰিব নালাগে আৰু মিছাও কব নালাগে। এনে কৰিলে মা লক্ষ্মীৰ আশীৰ্বাদ নাপায়। দেৱীৰ চিৰকালৰ বাবে খং উঠে।

১০) ঘৰৰ পাকঘৰ, বাথৰুম, চোতাল, পানীৰ টেংকিৰ ওপৰত এটা চাকি জ্বলাই ৰাখক যাতে মা লক্ষ্মী সুখী হয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী