--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে চকলেট খাই ভাল পায়। কিন্তু ডাৰ্ক চকলেট খাবলৈ ভাল পোৱা মানুহ কমেইহে আছে। কাৰণ ইয়াৰ সোৱাদত মৃদু তিতা থাকে। কিন্তু আপুনি জানেনে যে ডাৰ্ক চকলেট আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। আপুনি জানেনে ডাৰ্ক চকলেট সেৱনে মানসিক চাপ দূৰ কৰে। কেৱল এয়াই নহয়, ডাৰ্ক চকলেট খালে ভিতৰৰ পৰাই সুখী হৈ থাকিব পাৰি আৰু বহু বেমাৰৰ কবলত পৰাৰ পৰাও হাত সাৰিব পাৰি।

ডাৰ্ক চকলেট খোৱাৰ উপকাৰিতা-

১) ৰক্তচাপ নিয়ন্ত্ৰণঃ ডাৰ্ক চকলেটত ফ্লেভনয়ড থাকে যিয়ে আপোনাৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। গতিকে যদি আপোনাৰ হৃদযন্ত্ৰৰ লগত জড়িত কোনো ৰোগ আছে তেন্তে ডাৰ্ক চকলেট সেৱন কৰক। ডাৰ্ক চকলেট সেৱন কৰিলে বি পি নিয়ন্ত্ৰণত থাকে।

২) হৃদৰোগৰ পৰা ৰক্ষাঃ  যদি আপোনাৰ কোনো হৃদৰোগ আছে তেন্তে আপুনি ডাৰ্ক চকলেট খাব পাৰে। কাৰণ ইয়াক সেৱন কৰিলে হৃদৰোগৰ সম্ভাৱনা কমি যায়। সেইবাবেই দৈনিক সেৱন কৰিব পাৰি।

৩) ওজন কম হয়ঃ ডাৰ্ক চকলেট খোৱাৰ পিছত ভোক কম হয় যাৰ বাবে আপুনি বেছি খাদ্য খাব নোৱাৰে। ইয়াৰ বাবে আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকে।

৪) মনটো শান্ত হৈ থাকেঃ ডাৰ্ক চকলেটত চেৰ’টনিন আৰু এণ্ড’ৰ্ফিন থাকে।সেয়েহে ইয়াক সেৱন কৰিলে আপোনাৰ মন ভাল লাগে আৰু মন আৰু শৰীৰ দুয়োটাতে শিথিল অনুভৱ হয়। কেৱল এয়াই নহয়, কিবা এটা কথাত মানসিক চাপত থাকিলেও ডাৰ্ক চকলেট খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু