--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃতেওঁক সকলোৱে ডাক্টৰ ডেথ বুলিয়েই জানে। তেওঁৰ জন্ম ১৯৪৬ চনত ইংলেণ্ডৰ নটিংহামত হৈছিল।  লিডছ স্কুল অফ মেডিচিনত ঔষধ অধ্যয়ন কৰি তেওঁ ১৯৭৬ চনত তেওঁ টডমৰ্ডেনৰ এখন চিকিৎসালয়ত কাম কৰা আৰম্ভ কৰিছিল।তেওঁ মানুহৰ  জীৱন ৰক্ষক হ’ব বুলি  সকলোৱে  ধাৰণা কৰিছিল যদিও  দৰাচলতে তেওঁ "মৃত্যুৰ দূত"হে  আছিল।

এজন চিকিৎসক হোৱা স্বত্বেও তেওঁ ২৩৬  ৰো অধিক ৰোগীক হত্যা কৰিছে। কিছুমানে সংখ্যাটো ২৫০ বুলিও দাবী কৰে। সেইকাৰণে হেৰল্ড শ্বিপমেনক ইতিহাসত 'ডাক্টৰ ডেথ' বুলি জনা যায়।

২০০০ চনত হেৰল্ডে  ১৫ জন ৰোগীৰ হত্যাৰ  দোষ স্বীকাৰ কৰে। আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। অৱশ্যে, তেওঁ কমেও ২৫০  জন ৰোগীক হত্যা কৰিছিল বুলি ধাৰণা কৰা হৈছে। ভুক্তভোগীসকলৰ বেছিভাগেই বৃদ্ধ , মহিলা আছিল।

ৰোগীক নিষিদ্ধ পেইনকিলাৰ ঔষধ খুৱাই  তেওঁ হত্যা কৰি গৈছিল ইজনৰ পিছত সিজন ৰোগীক।দোষ প্ৰমাণ হোৱাৰ পিছত  চিকিৎসা পৰিষদে তেওঁক চিকিৎসা বৃত্তি অনুশীলন কৰা  নিষেধাজ্ঞা জাৰি  কৰিছিল।

কিন্তু শাস্তিৰ ম্যাদ উকলি যোৱাৰ পিছত  হেৰল্ডে গ্ৰেটাৰ মানচেষ্টাৰত পুনৰ অনুশীলন আৰম্ভ কৰে। এইবাৰ তেওঁ এজন বিশেষজ্ঞ হিচাপে নহয়, কিন্তু এজন সাধাৰণ চিকিৎসক হিচাপেহে। 

১৯৯৮ চনত হেৰল্ডক কেথলিন গ্ৰেণ্ডি নামৰ এগৰাকী মহিলাৰ হত্যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। 

হেৰল্ডৰ বিৰুদ্ধে তদন্ত ২০০২ চনত আৰম্ভ হৈছিল। অনুসন্ধানত পোৱা তথ্য অনুসৰি, তেওঁ কেৱল ১৯৯৬  চনত ১৫ জন ৰোগীক হত্যা কৰিছিল। 

প্ৰথম সন্দেহটো ডেবৰা মেচি নামৰ এগৰাকী মহিলাই উত্থাপন কৰিছিল। সময় আছিল ১৯৯৮ চনৰ মাৰ্চ মাহ । ডেবৰাই এটা কোম্পানীত কাম কৰিছিল। চিকিৎসকজনে ৰোগীক দৰব খুৱাই হত্যা কৰাৰ তথ্য তেওঁ আৰক্ষীক দিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল কিন্তু প্ৰমাণৰ অভাৱত তদন্ত  বন্ধ কৰি দিছিল। 

১৯৯৮ চনৰ আগষ্ট মাহত এজন টেক্সি চালকৰ একেই সন্দেহ হৈছিল। জন শ্ব নামৰ চালকজনে আৰক্ষীক কৈছিল যে তেওঁ বহুতো বৃদ্ধ মহিলাক হেৰল্ডৰ চেম্বাৰলৈ লৈ গৈছিল। তেওঁ পিছত গম পালে যে তেওঁলোকৰ মৃত্যু হৈছে। জনে দাবী কৰিছিল যে তেওঁলোকৰ কোনেও মৰিব পৰা ধৰণে  অসুস্থ নাছিল। 

একে বছৰতে কেথলিন গ্ৰেণ্ডিৰ তেওঁৰ ঘৰত মৃত্যু হৈছিল। ১৯৯৮ চনৰ জুন মাহত। গ্ৰাণ্ডিক হেৰল্ডে চিকিৎসা কৰিছিল। 

কেথলিনৰ জীয়ৰী এঞ্জেলা উড্ৰাফ পেছাত এগৰাকী উকীল। মাকৰ মৃত্যুৰ পিছত,ৃ তেওঁ গম পালে যে কেথলিনে সকলো সম্পত্তি চিকিৎসক জনৰ নামত লিখি  দিছিল। ইয়াৰ পিছত এঞ্জেলাৰ সন্দেহ বাঢ়ি গৈছিল। তেওঁ আৰক্ষীক কথাবোৰ কৈছিল। 

আৰক্ষীয়ে কেথলিনৰ শৰীৰৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল। বৃদ্ধ মহিলাগৰাকীৰ মৃতদেহত হেৰোইন (ডাইমৰ্ফিন) পোৱা গৈছিল। এই ডাইমৰ্ফিন কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 

আৰক্ষীৰ জেৰাৰ সময়ত হেৰল্ডে দাবী কৰিছিল যে কেথলিন নিচাগ্ৰস্ত আছিল। তেওঁ নিয়মীয়াকৈ মৰ্ফিন, হেৰোইন খাইছিল। অৱশ্যে, আৰক্ষীয়ে প্ৰমাণ বিচাৰি পোৱা নাছিল। যেতিয়া তেওঁলোকে কেথলিনৰ ঘৰলৈ গৈছিল, তেওঁলোকে অনুভৱ কৰিছিল যে হেৰল্ডে তেওঁৰ টাইপৰাইটাৰ ব্যৱহাৰ কৰি এখন  ভুৱা দলিল প্ৰস্তুত  কৰিছিল। 

১৯৯৮ চনৰ ৭ ছেপ্টেম্বৰত হেৰল্ডক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক ২০ চনত আজীৱন কাৰাদণ্ড দিয়া হৈছিল।

২০০১ চনত ইংলেণ্ডৰ চৰকাৰে প্ৰকাশ কৰিছিল  যে হেৰল্ডে ২৩৬ জন ৰোগীক হত্যা কৰিছিল।

কাৰাদণ্ডৰে দণ্ডিত  হেৰল্ডে ২০০৪ চনৰ জানুৱাৰীত ৱেকফিল্ড কাৰাগাৰত আত্মহত্যা কৰে।
 ডাক্টৰ ডেথৰ কাহিনীয়ে আজিও বহুতকে আতংকিত কৰি তোলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক