--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ক্ষুদ্র চাহ খেতিয়ক মহাসংঘৰ আহ্বানত এই প্রতিবাদ সাব্যস্ত কৰে।

ডিজিটেল ডেস্ক : চাহ ৰোৱা শব্দৰ পৰা চাবুৱা নামকৰণ হোৱা চাবুৱাত দুশ বছৰীয়া চাহ শিল্পৰ অন্যতম ৰূপকাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ন্যায্য দাবীত সোমবাৰে ৰাজপথত নামিবলৈ বাধ্য হয়। পুৱাৰ ভাগতে চাবুৱা নগৰৰ বাছ আস্থানৰ সমীপত শ শ ক্ষুদ্র চাহ খেতিয়ক সমৱেত হৈ কেঁচাপাতৰ মূল্য নির্ধাৰণ কৰক, কেঁচাপাতৰ মূল্য বৃদ্ধি কৰক, চাহ শিল্পক জীয়াই ৰাখক, ভাৰতীয় চাহ ব'র্ড হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনিৰে চাবুৱাৰ পৰিৱেশ উত্তাল কৰি তোলে।


উজনি অসম ক্ষুদ্র চাহ খেতিয়ক সন্থা আৰু উত্তৰ-পূৰ্বাঞ্চল ক্ষুদ্র চাহ খেতিয়ক মহাসংঘৰ আহ্বানত এই প্রতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ চাহ খেতিয়কসকলে চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এখন প্রতিবাদী সভাও অনুষ্ঠিত কৰে। বিগত বহু বছৰ ধৰি কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্রাস হৈ ক্ষুদ্র চাহ খেতিয়কসকলক জলা-কলা খুৱাই আহিছে।


প্ৰতিটো বছৰৰ প্ৰাৰম্ভিক অৱস্থাত এক ধৰণ উচিত মূল্যত খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলৈ সক্ষম হয় যদিও এটা সময়ত চাহ কোম্পানীৰ কলঘৰৰ মালিকসকলে কেঁচাপাতৰ মূল্য অতি অস্বাভাৱিকভাৱে হ্রাস কৰি ১০-১৫ টকা প্রতিকেজি মূল্য নির্ধাৰণ কৰে, যাৰ ফলত চাহ খেতিয়কসকল তীব্র সমস্যাত পৰে। উজনি অসম ক্ষুদ্র চাহ খেতিয়কৰ সন্থাৰ নেতা দিগন্ত হাজৰিকাই চৰকাৰৰ অকর্মণ্যতাৰ বাবে চাহ খেতিয়কসকলৰ এনে অৱস্থা হৈছে বুলি খেদ প্রকাশ কৰি কয় যে অসমৰ বহু লোকৰ জীয়াই থকাৰ অন্যতম সম্বল হৈছে ক্ষুদ্র চাহ খেতি। য'ত জড়িত হৈ আছে ৩ লাখতকৈ অধিক চাহ কৃষক আৰু ৩০ লাখ পৰিয়াল।


১৯১১ চনতে গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰি ১৪৫ জনৰো অধিক গবেষকে চাহৰ গুণগত মান চাইছিল, কিন্তু বর্তমান এতিয়া কেন্দ্রত মাত্র ৪৫জন গৱেষকহে আছে। এই কথাটোৱে দুশ বছৰীয়া চাহ শিল্পক চৰকাৰে কিমান গুৰুত্ব দিছে তাৰ প্ৰমাণ পোৱা গৈছে। চাহ শিল্পৰ ওপৰত অসম চৰকাৰৰ কোনো নিয়ন্ত্রণ নাই, যাৰ ফলত প্ৰতিবছৰেই নিম্নগামী হৈ গৈ আছে কেঁচা চাহপাতৰ মূল্য। বিগত সময়ছোৱাত দেখা গৈছে যিকোনো মহুর্ততে নিম্নগামী হৈ পৰে কেঁচা চাহপাতৰ মূল্য। যাৰ পৰিপ্ৰেক্ষিতত প্রতিকেজি চাহপাতৰ উৎপাদন ব্যয়ো লাভ কৰিবলৈ সক্ষম হোৱা নাই ক্ষুদ্র চাহ খেতিয়কসকল। সম্মুখীন হৈছে বৃহৎ লোকচানৰ। কেঁচা চাহপাতৰ অস্বাভাৱিক মূল্য হ্রাসত বিপদত পৰিছে এতিয়া ক্ষুদ্র চাহ কৃষকসকল। তেখেতে অসমৰ মুখ্যমন্ত্রীক এই সমস্যাটো সমাধানৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়।


কৃষি মন্ত্রীয়ে চাহ খেতিয়কৰ সমস্যাক লৈ কোনো ধৰণৰ উদ্বেগ নাই আৰু নিমাত হৈ বহি থকা বুলি ক্ষোভ প্রকাশ কৰে। অতি শীঘ্ৰে ইয়াৰ সমাধানৰ ব্যবস্থা হাতত নল'লে খেতিয়কসকল পুনৰ ৰাজপথত নামি পৰিব আৰু ৩০ লাখ ক্ষুদ্র চাহ খেতিয়কৰ পৰিয়াল ৰাজপথলৈ ওলাই আহিলে ২০২৬ৰ নির্বাচনী সমীকৰণেই সলনি হৈ পৰিব বুলি হুংকাৰ প্ৰদান কৰে। ক্ষুব্ধ খেতিয়কসকলে কেঁচা চাহপাতৰ উচিত মূল্য নোপোৱালৈকে চাহপাত নিচিঙাৰো সিদ্ধান্ত লয় ক্ষুদ্র চাহ খেতিয়কসকলে গ্রহণ কৰে। সভাপতি ডম্বৰু গগৈ আৰু সম্পাদক দিগন্ত হাজৰিকা স্বাক্ষৰিত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্র্যালয় মন্ত্রী পীযূষ গোপাল আৰু ভাৰতীয় চাহ ব'ৰ্ড অসম শাখাৰ মুখ্য বিষয়ালৈ চক্র বিষয়া মিতালী লাহনৰ জৰিয়তে এখন স্মাৰক-পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ