--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰাখীবন্ধন। ৰাখীবন্ধনক ৰক্ষা বন্ধন বুলিও কোৱা হয়। ই ভাৰতৰ এটা ডাঙৰ উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। 

হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগলকামনা। লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।

সাহস, শক্তি, মৰম তথা সন্মানেৰে পূৰ্ণ ভাতৃ-ভগ্নীৰ মধুৰতম সম্পৰ্ক আজি দেশ জুৰি উদযাপিত হৈছে ৰাখী বন্ধনৰ জৰিয়তে।এয়া মাথোঁ আনুষ্ঠানিকতাহে। প্ৰকৃততে ভাতৃ-ভগ্নীৰ মধুৰতম সম্পৰ্ক জীৱনৰ অনুপম উপহাৰ। ভেদাভেদ নেওচি দেশ জুৰি উদযাপিত হৈছে ৰাখী বন্ধন।

ৰাখী বন্ধন উপলক্ষে প্ৰিয়ংকা গান্ধী ভদ্ৰাই ভাতৃ তথা বিৰোধী নেতা ৰাহুল গান্ধীক শুভেচ্ছা জ্ঞাপন কৰিছে। 
নিজৰ মেছেজৰ লগতে তেওঁলোকৰ শৈশৱৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰিয়ংকা গান্ধীয়ে। সামাজিক মাধ্যমত ছবিসমূহ প্ৰকাশ কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, ‘‘ভাই-ভনীসকল জীৱনৰ সুখ-দুখ প্ৰতি সময়ৰ সংগী। আপোনালোকক ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।‘‘

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই