--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰাখীবন্ধন। ৰাখীবন্ধনক ৰক্ষা বন্ধন বুলিও কোৱা হয়। ই ভাৰতৰ এটা ডাঙৰ উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। 

হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। এই দিনটোত বায়েকে অথবা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ এডাল সূতা বান্ধি দিয়ে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েক জনীৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মংগলকামনা। লগতে লুকাই থাকে দাদায়েকে নিজৰ ভনী গৰাকী বা বায়েকক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। সেয়ে ককায়েক বা ভায়েক জনৰ বায়েক বা ভনীয়েক জনীৰ প্ৰতি গুৰুত্ব অতি প্ৰয়োজনীয়।

সাহস, শক্তি, মৰম তথা সন্মানেৰে পূৰ্ণ ভাতৃ-ভগ্নীৰ মধুৰতম সম্পৰ্ক আজি দেশ জুৰি উদযাপিত হৈছে ৰাখী বন্ধনৰ জৰিয়তে।এয়া মাথোঁ আনুষ্ঠানিকতাহে। প্ৰকৃততে ভাতৃ-ভগ্নীৰ মধুৰতম সম্পৰ্ক জীৱনৰ অনুপম উপহাৰ। ভেদাভেদ নেওচি দেশ জুৰি উদযাপিত হৈছে ৰাখী বন্ধন।

ৰাখী বন্ধন উপলক্ষে প্ৰিয়ংকা গান্ধী ভদ্ৰাই ভাতৃ তথা বিৰোধী নেতা ৰাহুল গান্ধীক শুভেচ্ছা জ্ঞাপন কৰিছে। 
নিজৰ মেছেজৰ লগতে তেওঁলোকৰ শৈশৱৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিছে প্ৰিয়ংকা গান্ধীয়ে। সামাজিক মাধ্যমত ছবিসমূহ প্ৰকাশ কৰি প্ৰিয়ংকা গান্ধীয়ে কয়, ‘‘ভাই-ভনীসকল জীৱনৰ সুখ-দুখ প্ৰতি সময়ৰ সংগী। আপোনালোকক ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।‘‘

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন