--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দাঁতৰ বিষ অতি অসহ্যকৰ হয়। দাঁতৰ বিষৰ বাবে কাণ আৰু মূৰতো বিষ হয়। যাৰ ফলত বহুতৰে জ্বৰ হোৱাৰ উপক্ৰম হয়। খোৱা-বোৱাতো সমস্যাৰ সৃষ্টি হৈছে। সাধাৰণতে কেলছিয়ামৰ অভাৱ, বেক্টেৰিয়াৰ সংক্ৰমণ বা দাঁতৰ শিপা দুৰ্বল হোৱাৰ বাবে দাঁতৰ বিষ হ’ব পাৰে। যদি আপুনিও দাঁতৰ বিষৰ সমস্যাত ভুগি আছে, তেন্তে এই ঘৰুৱা ঔষধৰ সহায়ত বিষৰ পৰা তৎক্ষণাত মুক্তি পাব পাৰে।

 ১. লং ব্যৱহাৰ কৰক-

দাঁতৰ বিষত লং অতি উপকাৰী বুলি ধৰা হয়। যদি আপোনাৰ দাঁতত বিষ অনুভৱ কৰি আছে, তেন্তে লং এটা লৈ দাঁতৰ তলত হেঁচা মাৰি ধৰিলে বিষৰ পৰা তৎক্ষণাত উপশম পাব।

২. গৰম পানীয়ে বিষৰ পৰা উপশম দিয়ে-

গৰম পানীয়েও দাঁতৰ বিষত উপশম দিয়ে। এগিলাচ পানী গৰম কৰি তাত আধা চামুচ নিমখ দি অলপ অলপকৈ মুখত ধৰি দাঁতটো চেপি ধৰিব লাগে। এইদৰে আপুনি ১০ৰ পৰা ১৫ মিনিট সময় কৰিলে দাঁতৰ বিষৰ পৰা উপশম পাব।

৩. মধুৰী পাতে বিষৰ পৰা উপশম দিয়ে-

মধুৰী পাতত এন্টি-বেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী গুণ আছে। এই পাত চোবাই খালে দাঁতৰ বিষত উপশম পোৱা যায়। মধুৰী পাত কেইটামান ছিঙি ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰ পাছত লাহে লাহে চোবাই খাব লাগে। অলপ সময়ৰ পাছত বিষৰ পৰা আপুনি উপশম পাব।

৪. পিঁয়াজে দাঁতৰ বিষ উপশম কৰে-

পিয়াঁজত প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল গুণ আছে। দাঁতৰ বিষত পিঁয়াজ কাটি সৰু টুকুৰা এটা দাঁতৰ মাজত ৰাখিব লাগে। আপুনি পিঁয়াজখিনি চেপি কপাহৰে মেৰিয়াই বিষোৱা দাঁতটোত লগাই দিব। এনে কৰিলেও বিষয় পৰা বহুত সকাহ পোৱা যায়।

৫. হিঙে দাঁতৰ বিষত উপশম দিয়ে-

দাঁতৰ বিষৰ পৰা মুক্তি পোৱাত হিং অতি ফলপ্ৰসূ। আধা চামুচ হিং নেমুৰ ৰসত মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি লওক। এই পেষ্টটো অতি পাতলকৈ গৰম কৰি বিষোৱা দাঁতটোত লগালে তৎক্ষণাত সকাহ পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ