--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দাঁতৰ বিষ অতি অসহ্যকৰ হয়। দাঁতৰ বিষৰ বাবে কাণ আৰু মূৰতো বিষ হয়। যাৰ ফলত বহুতৰে জ্বৰ হোৱাৰ উপক্ৰম হয়। খোৱা-বোৱাতো সমস্যাৰ সৃষ্টি হৈছে। সাধাৰণতে কেলছিয়ামৰ অভাৱ, বেক্টেৰিয়াৰ সংক্ৰমণ বা দাঁতৰ শিপা দুৰ্বল হোৱাৰ বাবে দাঁতৰ বিষ হ’ব পাৰে। যদি আপুনিও দাঁতৰ বিষৰ সমস্যাত ভুগি আছে, তেন্তে এই ঘৰুৱা ঔষধৰ সহায়ত বিষৰ পৰা তৎক্ষণাত মুক্তি পাব পাৰে।

 ১. লং ব্যৱহাৰ কৰক-

দাঁতৰ বিষত লং অতি উপকাৰী বুলি ধৰা হয়। যদি আপোনাৰ দাঁতত বিষ অনুভৱ কৰি আছে, তেন্তে লং এটা লৈ দাঁতৰ তলত হেঁচা মাৰি ধৰিলে বিষৰ পৰা তৎক্ষণাত উপশম পাব।

২. গৰম পানীয়ে বিষৰ পৰা উপশম দিয়ে-

গৰম পানীয়েও দাঁতৰ বিষত উপশম দিয়ে। এগিলাচ পানী গৰম কৰি তাত আধা চামুচ নিমখ দি অলপ অলপকৈ মুখত ধৰি দাঁতটো চেপি ধৰিব লাগে। এইদৰে আপুনি ১০ৰ পৰা ১৫ মিনিট সময় কৰিলে দাঁতৰ বিষৰ পৰা উপশম পাব।

৩. মধুৰী পাতে বিষৰ পৰা উপশম দিয়ে-

মধুৰী পাতত এন্টি-বেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী গুণ আছে। এই পাত চোবাই খালে দাঁতৰ বিষত উপশম পোৱা যায়। মধুৰী পাত কেইটামান ছিঙি ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰ পাছত লাহে লাহে চোবাই খাব লাগে। অলপ সময়ৰ পাছত বিষৰ পৰা আপুনি উপশম পাব।

৪. পিঁয়াজে দাঁতৰ বিষ উপশম কৰে-

পিয়াঁজত প্ৰচুৰ পৰিমাণে এন্টিবেক্টেৰিয়েল গুণ আছে। দাঁতৰ বিষত পিঁয়াজ কাটি সৰু টুকুৰা এটা দাঁতৰ মাজত ৰাখিব লাগে। আপুনি পিঁয়াজখিনি চেপি কপাহৰে মেৰিয়াই বিষোৱা দাঁতটোত লগাই দিব। এনে কৰিলেও বিষয় পৰা বহুত সকাহ পোৱা যায়।

৫. হিঙে দাঁতৰ বিষত উপশম দিয়ে-

দাঁতৰ বিষৰ পৰা মুক্তি পোৱাত হিং অতি ফলপ্ৰসূ। আধা চামুচ হিং নেমুৰ ৰসত মিহলাই এটা পেষ্ট প্ৰস্তুত কৰি লওক। এই পেষ্টটো অতি পাতলকৈ গৰম কৰি বিষোৱা দাঁতটোত লগালে তৎক্ষণাত সকাহ পাব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু