--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰক সুস্থ কৰি ৰাখিবলৈ পানীৰ ভূমিকা অতি প্ৰয়োজনীয়। পানীৰ বিকল্প নাই। পানী হৈছে সামগ্ৰিক সুস্থতাৰ একমাত্ৰ ভেটি। সকলোৱ পানী খাই দিনটো আৰম্ভ কৰে। কেৱল পানীয়েই শৰীৰৰ চোৱা-চিতা নকৰে। ছাল আৰু চুলিৰ বাবে পানী উপকাৰী। প্ৰায়ে চিকিৎসকে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে। হাইড্ৰেটেড ৰখাৰ উপৰিও পানীয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক পানী নোখোৱাকৈ বৃক্ক সুস্থ কৰি ৰাখিব কোনেও নোৱাৰে পানী খালে বৃক্কৰ পৰা আৱৰ্জনা বাহিৰ কৰি বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। শৰীৰৰ বিভিন্ন অংগলৈ পুষ্টিকৰ উপাদান যোগান ধৰি শাৰীৰিক কাৰ্যকলাপ বজাই ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়।

বহুতৰে ৰাতিপুৱা পানী খোৱাৰ অভ্যাস আছে। দাঁত মজা , মুখ ধোৱা আৰু সাৰ পোৱাৰ পাছতে এগিলাচ পানী খোৱাটো বহুতৰে দৈনন্দিন কামৰ অংশ। চিকিৎসকে এই প্ৰথাক লৈ সন্দেহ প্ৰকাশ কৰিছে। দাঁত মজাৰ পাছত পানী খালে কোনো উপকাৰ নহয় বুলি কয়। চিকিৎসকে সাৰ পোৱাৰ পাছত পানী খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু  দাঁত মজাৰ আগত পানী খোৱা উচিত নে  পাছত পানী খোৱা উচিত ? দাঁত মজাৰ  আগতে পানী খোৱাৰ উপকাৰীতা কি কি? জানো আহক

চিকিৎসকৰ মতে

১) শুই থকাৰ সময়ত মুখত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ জন্ম হয়। দাঁত ব্ৰাছ কৰিলে মৃত্যু হয়। কিন্তু এই বেক্টেৰিয়াবোৰ আচলতে শৰীৰৰ বাবে উপকাৰী। ইমিউনিটি বৃদ্ধি কৰে। গতিকে দাঁত ব্ৰাছ কৰাৰ আগত পানী খালে সিহঁতে পানীত লগতে শৰীৰত প্ৰৱেশ কৰে

২)দাঁত ব্ৰাছ কৰাৰ আগতে পানী খালে হজম শক্তি ভাল হয়। সেই পানীয়ে বদহজম আৰু অৰ্শ ৰোধ কৰাত অতি সহায়ক।

৩) উচ্চ ৰক্তচাপত ভুগি থকা সকলৰ বাবে বাহি মুখৰ পানী খোৱাৰ অভ্যাসে বহুত ভাল কাম কৰিব পাৰে। ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ অন্যতম উপায় এইটোৱেই।

৪)মুখ ধোৱাৰ আগতে খালী পেটত পানী খালে মুখৰ দুৰ্গন্ধৰ সমস্যা কমি যায়। মুখৰ সুস্বাস্থ্য বজাই ৰাখিবলৈও এই প্ৰথা গুৰুত্বপূৰ্ণ টোপনিলে মুখৰ ভিতৰত শুকাই যায়। চকু মেলাৰ পিছত ৰাতিপুৱা প্ৰথম চুমুকটো খালে মুখখন ‘ৰিহাইড্ৰেট’ কৰিব পাৰি এগিলাচ পানীৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক