--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শৰীৰক সুস্থ কৰি ৰাখিবলৈ পানীৰ ভূমিকা অতি প্ৰয়োজনীয়। পানীৰ বিকল্প নাই। পানী হৈছে সামগ্ৰিক সুস্থতাৰ একমাত্ৰ ভেটি। সকলোৱ পানী খাই দিনটো আৰম্ভ কৰে। কেৱল পানীয়েই শৰীৰৰ চোৱা-চিতা নকৰে। ছাল আৰু চুলিৰ বাবে পানী উপকাৰী। প্ৰায়ে চিকিৎসকে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে। হাইড্ৰেটেড ৰখাৰ উপৰিও পানীয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অধিক পানী নোখোৱাকৈ বৃক্ক সুস্থ কৰি ৰাখিব কোনেও নোৱাৰে পানী খালে বৃক্কৰ পৰা আৱৰ্জনা বাহিৰ কৰি বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। শৰীৰৰ বিভিন্ন অংগলৈ পুষ্টিকৰ উপাদান যোগান ধৰি শাৰীৰিক কাৰ্যকলাপ বজাই ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়।

বহুতৰে ৰাতিপুৱা পানী খোৱাৰ অভ্যাস আছে। দাঁত মজা , মুখ ধোৱা আৰু সাৰ পোৱাৰ পাছতে এগিলাচ পানী খোৱাটো বহুতৰে দৈনন্দিন কামৰ অংশ। চিকিৎসকে এই প্ৰথাক লৈ সন্দেহ প্ৰকাশ কৰিছে। দাঁত মজাৰ পাছত পানী খালে কোনো উপকাৰ নহয় বুলি কয়। চিকিৎসকে সাৰ পোৱাৰ পাছত পানী খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু  দাঁত মজাৰ আগত পানী খোৱা উচিত নে  পাছত পানী খোৱা উচিত ? দাঁত মজাৰ  আগতে পানী খোৱাৰ উপকাৰীতা কি কি? জানো আহক

চিকিৎসকৰ মতে

১) শুই থকাৰ সময়ত মুখত বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ জন্ম হয়। দাঁত ব্ৰাছ কৰিলে মৃত্যু হয়। কিন্তু এই বেক্টেৰিয়াবোৰ আচলতে শৰীৰৰ বাবে উপকাৰী। ইমিউনিটি বৃদ্ধি কৰে। গতিকে দাঁত ব্ৰাছ কৰাৰ আগত পানী খালে সিহঁতে পানীত লগতে শৰীৰত প্ৰৱেশ কৰে

২)দাঁত ব্ৰাছ কৰাৰ আগতে পানী খালে হজম শক্তি ভাল হয়। সেই পানীয়ে বদহজম আৰু অৰ্শ ৰোধ কৰাত অতি সহায়ক।

৩) উচ্চ ৰক্তচাপত ভুগি থকা সকলৰ বাবে বাহি মুখৰ পানী খোৱাৰ অভ্যাসে বহুত ভাল কাম কৰিব পাৰে। ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ অন্যতম উপায় এইটোৱেই।

৪)মুখ ধোৱাৰ আগতে খালী পেটত পানী খালে মুখৰ দুৰ্গন্ধৰ সমস্যা কমি যায়। মুখৰ সুস্বাস্থ্য বজাই ৰাখিবলৈও এই প্ৰথা গুৰুত্বপূৰ্ণ টোপনিলে মুখৰ ভিতৰত শুকাই যায়। চকু মেলাৰ পিছত ৰাতিপুৱা প্ৰথম চুমুকটো খালে মুখখন ‘ৰিহাইড্ৰেট’ কৰিব পাৰি এগিলাচ পানীৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ