--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোনো ব্যক্তি ডায়বেটিছত আক্ৰান্ত হ’লে তেওঁক চাউল খোৱাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হয়৷ ইয়াৰ অন্তৰালৰ কাৰণ হৈছে চাউলত প্ৰচুৰ পৰিমাণে থকা কাৰ্ব’হাইড্ৰেট বা শৰ্কৰা৷ ইয়াৰ ফলত শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়৷ কিন্তু কিছুসংখ্যক লোকৰ চাউল ইমানেই প্ৰিয় যে তেওঁলোকে এই অভ্যাস এৰিব নোৱাৰে৷ এনে লোকসকলৰ বাবে নতুন আশা কঢ়িয়াই আনিছে গ্ৰেটাৰ নয়ডাৰ GIMS চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ড° আয়ুসী যাদৱৰ এক পৰামৰ্শই৷ ড° যাদৱৰ মতে ডায়বেটিছ ৰোগী সকলে বগা চাউলৰ বিপৰীতে ক’লা চাউল খোৱাটো স্বাস্থ্যসন্মত৷

ক’লা চাউল বা ব্লেক ৰাইচ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷ এই চাউলক বেঙুনীয়া চাউল বুলিও জনা যায়৷ ডায়বেটিছ ৰোগীৰ বাবে এই চাউল উপকাৰী বুলি প্ৰমাণিত হৈছে৷ এই চাউলত কিছুমান এনে উপকাৰী পদাৰ্থ পোৱা যায়, যি ব্লাড চুগাৰ নিয়ন্ত্ৰণতো সহায় কৰে৷

ক’লা চাউলত প্ৰচুৰ মাত্ৰাত আইৰণ, প্ৰ’টিন, ফাইবাৰ পোৱা যায়৷ এন্থোচাইনিন থকাৰ বাবে এই চাউলক ইষৎ বেঙুনীয়াও দেখা যায়৷ এন্থোচাইনিনে  ডায়বেটিছ ৰোগীক কোষ ধ্বংস হোৱাৰ পৰা বচায়৷ লগতে শৰীৰৰ বৰ্ধিত ওজন হ্ৰাসতো সহায় কৰে এই ক’লা চাউলে৷

ডায়বেটিছ ৰোগত আক্ৰান্তসকল প্ৰায়েই হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ ক’লা চাউলে হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো সহায় কৰে বুলি জানিব পৰা গৈছে৷ এই চাউলত প্ৰচুৰ মাত্ৰাত প্ৰ’টিন থাকে৷ এই প্ৰ’টিনৰ বাবে কম পৰিমাণে ভাত খালেও পেট ভৰি থকা যেন লাগে আৰু ভোকো কমকৈ লাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক