--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কোনো ব্যক্তি ডায়বেটিছত আক্ৰান্ত হ’লে তেওঁক চাউল খোৱাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হয়৷ ইয়াৰ অন্তৰালৰ কাৰণ হৈছে চাউলত প্ৰচুৰ পৰিমাণে থকা কাৰ্ব’হাইড্ৰেট বা শৰ্কৰা৷ ইয়াৰ ফলত শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়৷ কিন্তু কিছুসংখ্যক লোকৰ চাউল ইমানেই প্ৰিয় যে তেওঁলোকে এই অভ্যাস এৰিব নোৱাৰে৷ এনে লোকসকলৰ বাবে নতুন আশা কঢ়িয়াই আনিছে গ্ৰেটাৰ নয়ডাৰ GIMS চিকিৎসালয়ত কৰ্মৰত চিকিৎসক ড° আয়ুসী যাদৱৰ এক পৰামৰ্শই৷ ড° যাদৱৰ মতে ডায়বেটিছ ৰোগী সকলে বগা চাউলৰ বিপৰীতে ক’লা চাউল খোৱাটো স্বাস্থ্যসন্মত৷

ক’লা চাউল বা ব্লেক ৰাইচ শৰীৰৰ বাবে যথেষ্ট উপকাৰী৷ এই চাউলক বেঙুনীয়া চাউল বুলিও জনা যায়৷ ডায়বেটিছ ৰোগীৰ বাবে এই চাউল উপকাৰী বুলি প্ৰমাণিত হৈছে৷ এই চাউলত কিছুমান এনে উপকাৰী পদাৰ্থ পোৱা যায়, যি ব্লাড চুগাৰ নিয়ন্ত্ৰণতো সহায় কৰে৷

ক’লা চাউলত প্ৰচুৰ মাত্ৰাত আইৰণ, প্ৰ’টিন, ফাইবাৰ পোৱা যায়৷ এন্থোচাইনিন থকাৰ বাবে এই চাউলক ইষৎ বেঙুনীয়াও দেখা যায়৷ এন্থোচাইনিনে  ডায়বেটিছ ৰোগীক কোষ ধ্বংস হোৱাৰ পৰা বচায়৷ লগতে শৰীৰৰ বৰ্ধিত ওজন হ্ৰাসতো সহায় কৰে এই ক’লা চাউলে৷

ডায়বেটিছ ৰোগত আক্ৰান্তসকল প্ৰায়েই হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে৷ ক’লা চাউলে হৃদৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতো সহায় কৰে বুলি জানিব পৰা গৈছে৷ এই চাউলত প্ৰচুৰ মাত্ৰাত প্ৰ’টিন থাকে৷ এই প্ৰ’টিনৰ বাবে কম পৰিমাণে ভাত খালেও পেট ভৰি থকা যেন লাগে আৰু ভোকো কমকৈ লাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ