--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতবোৰ ভালদৰে পৰিষ্কাৰ নকৰিলে মলি জমা হয়। তেতিয়া মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক। দীৰ্ঘদিনীয়া অসাৱধানতা আৰু অৱহেলাৰ ফলত দাঁতৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেনে এটা সমস্যা হ’ল দাঁতত প্লাক জমা হোৱা। এনে অৱস্থাত দাঁতবোৰ স্থায়ীভাৱে লেতেৰা হৈ হালধীয়াৰ পৰা ক’লা হৈ পৰে। যিয়ে দাঁতৰ সৌন্দৰ্য্য সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়।

বিশেষকৈ যিসকলে বহুদিন ধৰি ধূমপান কৰি আহিছে বা কেফেইন সেৱন কৰাৰ অভ্যাস আছে; তেওঁলোকৰ দাঁতত প্লাক সোনকালে জমা হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে। কিন্তু ইচ্ছা কৰিলে ঘৰুৱা পদ্ধতিৰে এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।

ইয়াৰ বাবে কি কৰিব লাগে জানো আহক

১) বেকিং ছ’ডা দাঁতৰ প্লাক আঁতৰোৱাত অতি ফলপ্ৰসূ। বেকিং ছ’ডা হৈছে এবিধ প্ৰাকৃতিক ক্লিনজাৰ। এচামুচ বেকিং ছ’ডাত এচিকুট নিমখ মিহলাই তিতা টুথব্ৰাছেৰে ব্ৰাছ কৰক। নিয়মিতভাৱে এই পদ্ধতি মানি চলিলে দাঁতৰ ওপৰত থকা প্লাক সহজে আঁতৰি যাব।

২)ছালৰ যত্নত এলোভেৰা আৰু গ্লিচাৰিন অতি উপকাৰী। অৱশ্যে এই দুটা উপাদান দাঁতৰ প্লাক আঁতৰোৱাতো অতি ফলপ্ৰসূ।

৩)একাপ পানী, আধা কাপ বেকিং চোডা, এচামুচ এলোভেৰা জেল, চাৰি চামুচ গ্লিচাৰিন আৰু এচামুচ নেমু তেল এই দুটা উপাদানৰ লগত মিহলাই প্ৰাকৃতিক টুথপেষ্ট বনাই লব। এই পেষ্টটো নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে আপুনি চিকচিকিয়া আৰু সুস্থ দাঁত পাব।

৪)বহুতে কমলা খোৱাৰ পিছত বাকলি পেলাই দিয়ে। কিন্তু এই বাকলিৰে প্লাক আঁতৰাব পাৰি। দাঁতৰ ইনামেল পৰিষ্কাৰ কৰাৰ এটা সহজ উপায় হ’ল কমলাৰ বাকলি ব্যৱহাৰ কৰা। ই দাঁত বগা কৰে আৰু বিভিন্ন সমস্যাৰ সম্ভাৱনা কমায়। আনকি দাঁতত জমা হৈ থকা বেক্টেৰিয়াবোৰো ই নষ্ট কৰি পেলায়। ইচ্ছা কৰিলে সতেজ কমলাৰ বাকলি দাঁতত ঘঁহিব পাৰে, ব্ৰাছৰ সহায়ত ইয়াৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। দেখিব কেইদিনমানৰ পিছত দাঁতৰ প্লাক উঠি যাব।

৫) কেইমিনিটমানৰ বাবে এমুঠি তিল চোবাই খাব পাৰে। এয়া দাঁত পৰিষ্কাৰ কৰাৰ সহজ উপায়। তাৰ পিছত শুকান ব্ৰাছ ব্যৱহাৰ কৰি দাঁত ব্ৰাছ কৰক। আপুনি দেখিব যে দাঁতৰ ওপৰত থকা সকলো ধৰণৰ দাগ আঁতৰি যাব।

৬)ভিটামিন-চি থকা ৩ টা ফল - বিলাহী, ষ্ট্ৰবেৰী আৰু কমলা একেলগে মিহলাই পেষ্ট বনাই দাঁতত লগাব লাগে। ৫-৬ মিনিট ৰাখি দাঁত ধুই পেলাওক। ই আপোনাৰ মুখত থকা যিকোনো বেক্টেৰিয়াক মাৰি পেলাব পাৰে। আনকি ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ ওপৰত থকা প্লাকবোৰো সোনকালে আঁতৰি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ