--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতবোৰ ভালদৰে পৰিষ্কাৰ নকৰিলে মলি জমা হয়। তেতিয়া মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো স্বাভাৱিক। দীৰ্ঘদিনীয়া অসাৱধানতা আৰু অৱহেলাৰ ফলত দাঁতৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেনে এটা সমস্যা হ’ল দাঁতত প্লাক জমা হোৱা। এনে অৱস্থাত দাঁতবোৰ স্থায়ীভাৱে লেতেৰা হৈ হালধীয়াৰ পৰা ক’লা হৈ পৰে। যিয়ে দাঁতৰ সৌন্দৰ্য্য সম্পূৰ্ণৰূপে নষ্ট কৰি পেলায়।

বিশেষকৈ যিসকলে বহুদিন ধৰি ধূমপান কৰি আহিছে বা কেফেইন সেৱন কৰাৰ অভ্যাস আছে; তেওঁলোকৰ দাঁতত প্লাক সোনকালে জমা হয়। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ দন্ত চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে। কিন্তু ইচ্ছা কৰিলে ঘৰুৱা পদ্ধতিৰে এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।

ইয়াৰ বাবে কি কৰিব লাগে জানো আহক

১) বেকিং ছ’ডা দাঁতৰ প্লাক আঁতৰোৱাত অতি ফলপ্ৰসূ। বেকিং ছ’ডা হৈছে এবিধ প্ৰাকৃতিক ক্লিনজাৰ। এচামুচ বেকিং ছ’ডাত এচিকুট নিমখ মিহলাই তিতা টুথব্ৰাছেৰে ব্ৰাছ কৰক। নিয়মিতভাৱে এই পদ্ধতি মানি চলিলে দাঁতৰ ওপৰত থকা প্লাক সহজে আঁতৰি যাব।

২)ছালৰ যত্নত এলোভেৰা আৰু গ্লিচাৰিন অতি উপকাৰী। অৱশ্যে এই দুটা উপাদান দাঁতৰ প্লাক আঁতৰোৱাতো অতি ফলপ্ৰসূ।

৩)একাপ পানী, আধা কাপ বেকিং চোডা, এচামুচ এলোভেৰা জেল, চাৰি চামুচ গ্লিচাৰিন আৰু এচামুচ নেমু তেল এই দুটা উপাদানৰ লগত মিহলাই প্ৰাকৃতিক টুথপেষ্ট বনাই লব। এই পেষ্টটো নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে আপুনি চিকচিকিয়া আৰু সুস্থ দাঁত পাব।

৪)বহুতে কমলা খোৱাৰ পিছত বাকলি পেলাই দিয়ে। কিন্তু এই বাকলিৰে প্লাক আঁতৰাব পাৰি। দাঁতৰ ইনামেল পৰিষ্কাৰ কৰাৰ এটা সহজ উপায় হ’ল কমলাৰ বাকলি ব্যৱহাৰ কৰা। ই দাঁত বগা কৰে আৰু বিভিন্ন সমস্যাৰ সম্ভাৱনা কমায়। আনকি দাঁতত জমা হৈ থকা বেক্টেৰিয়াবোৰো ই নষ্ট কৰি পেলায়। ইচ্ছা কৰিলে সতেজ কমলাৰ বাকলি দাঁতত ঘঁহিব পাৰে, ব্ৰাছৰ সহায়ত ইয়াৰ গুড়িও ব্যৱহাৰ কৰিব পাৰে। দেখিব কেইদিনমানৰ পিছত দাঁতৰ প্লাক উঠি যাব।

৫) কেইমিনিটমানৰ বাবে এমুঠি তিল চোবাই খাব পাৰে। এয়া দাঁত পৰিষ্কাৰ কৰাৰ সহজ উপায়। তাৰ পিছত শুকান ব্ৰাছ ব্যৱহাৰ কৰি দাঁত ব্ৰাছ কৰক। আপুনি দেখিব যে দাঁতৰ ওপৰত থকা সকলো ধৰণৰ দাগ আঁতৰি যাব।

৬)ভিটামিন-চি থকা ৩ টা ফল - বিলাহী, ষ্ট্ৰবেৰী আৰু কমলা একেলগে মিহলাই পেষ্ট বনাই দাঁতত লগাব লাগে। ৫-৬ মিনিট ৰাখি দাঁত ধুই পেলাওক। ই আপোনাৰ মুখত থকা যিকোনো বেক্টেৰিয়াক মাৰি পেলাব পাৰে। আনকি ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ ওপৰত থকা প্লাকবোৰো সোনকালে আঁতৰি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো