--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দাঁতৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা৷ দাঁতে লোক এজনৰ সৈন্দৰ্য বৃদ্ধি কৰাৰ লগতে খাদ্য সহজে চোবাই খোৱাতো সহায় কৰে৷ আজিকালি বিভিন্ন কাৰণত মানুহৰ দাঁতত দাগ পৰিব পাৰে৷ কেতিয়াবা পানীৰ বাবেও দাঁতত দাগ পৰে৷ ডালিমগুটীয়া বগা দাঁত অক্ষুণ্ণ ৰাখিবলৈ আমি দুটা সহজ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰিম৷ 

বহুতৰে দাঁতত ক’লা অথবা  হালধীয়া দাগ পৰাৰ এটা অন্যতম কাৰণ হৈছে প্ৰায়ে চোডা জাতীয় খাদ্য গ্ৰহণ কৰা।

আমি গৰমৰ দিনত দেহ শীতল কৰিবলৈ বজাৰত পোৱা নানান কোম্পানীৰ শীতল পানীয় পান কৰো।

এনে শীতল পানীয়ৰ নানান অপকাৰী দিশ থাকে। শীতল পানীয়ৰ প্ৰধান উপাদানেই হৈছে চোডা।

সেয়ে প্ৰায়ে শীতল পানীয় খালে দাঁতৰ এনামেলৰ ক্ষতি হোৱাৰ আশংকা থাকে আৰু দাঁত হালধীয়া হৈ পৰিব পাৰে।

উচ্চ ৰক্তচাপ,এজমা আদিৰ দৰৱ ব্যৱহাৰৰ বাবেও বহু সময়ত দাঁতত হালধীয়া দাগ পৰা দেখা যায়।

দাঁতৰ  দাগ অতি সহজে ঘৰুৱা উপায়েৰে দূৰ কৰিব পৰা যায়।

ইয়াৰ বাবে আপুনি তেনেই সাধাৰণ দুটা ঘৰুৱা প্ৰাকৃতিক উপায় অৱলম্বন কৰিলেই হ’ল।

প্ৰথম উপায়টো হ’ল বজাৰৰ পৰা মেথি গুটি কিনি আনি সেয়া ভালদৰে গুড়ি কৰি লওঁক।

মেথি গুটিৰ গুড়িৰে নিতৌ পুৱা দাঁত ঘঁহিলে দাঁতৰ  দাগ দূৰ হ’ব।

দ্বিতীয় উপায়টো হ’ব নাৰিকলৰ তেলৰ সৈতে নিমখ ভালদৰে মিহলাই এটা পেষ্ট তৈয়াৰ কৰক।

সেই পেষ্টেৰে দাঁত ঘঁহাৰ লগতে দাঁতৰ আলু মালিচ কৰক। এনে কৰিলে কম দিনৰ ভিতৰতে আপুনি সুফল লাভ কৰিব৷ দাঁতৰ সুৰক্ষাৰ বাবে সহায় ভিটামিনযুক্ত আহাৰ খাব লাগে৷ অতি গৰম অথবা অতি চেঁচা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement