--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছালৰ কমনীয়তাই মানুহ এজনৰ যৌৱন ধৰি ৰখাত সহায় কৰে৷ বহুতৰে অতি কম বয়সতে ছাল কোঁচ খাই যায়৷ এয়া নানান কাৰণত হ’ব পাৰে৷  দৰাচলতে ছাল খনতেই প্ৰথমে পৰে বয়সৰ ছাপ।মুখমণ্ডল আৰু ছালত বয়সৰ ছাপ নপৰিবলৈ সাধাৰণ কেইটামান কাম কৰিলেই সুফল পাব। 

বিশেষকৈ ছালক সতেজ কৰি ৰখাত সহায় কৰা খাদ্য গ্ৰহণ কৰিলে ছালো উজ্বল তথা সতেজ হৈ থাকিব। পুৰুষসকলৰ প্ৰায় সংখ্যকেই বিশেষ প্ৰসাধন ব্যৱহাৰ নকৰে। সেইবাবে খাদ্যৰ জৰিয়তেই তেওঁলোকে দেহত বয়য়ৰ ছাপ পৰাটো দীৰ্ঘকালৰ বাবে ৰোধ কৰিব পাৰে।

 ইয়াৰ বাবে  আহাৰত কেইটামান গুৰুত্বপূৰ্ণ খাদ্য ৰাখিব লাগিব। চাওঁ আহক, কি খাদ্য নিয়মীয়াকৈ খাই থাকিলে পুৰুষৰ দেহত  বয়সৰ ছাপ পৰা হ্ৰাস পাব বা ৰোধ হ'ব পাৰে।

বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে প্ৰ'টিন সমৃদ্ধ খাদ্য খাব লাগে।

 প্ৰ'টিন লাভৰ বাবে পুৱাৰ আহাৰত কণী খাব পাৰে। ইয়াৰ লগতে  জালুক খালেও ছালৰ কমনীয়তা ধৰি ৰাখিব পাৰি। জালুকে আপোনাৰ হৰমনৰ ভাৰসাম্য বজাই ৰাখিব ।

প্ৰ'টিনৰ এক প্ৰধান উৎস হৈছে পনীৰ । পনীৰ আপুনি তৰকাৰীৰ ৰূপতো খাব পাৰে বা মচলা অবিহনে অলপ ৰন্ধা চীজৰ সৈতেও  মিহলি কৰি খাব পাৰে। এনে খাদ্যই ছালক বয়সৰ ছাপৰ পৰা সুৰক্ষিত কৰি ৰাখে। 

নিয়মীয়াকৈ গ্ৰীণ টি খাব পাৰে । সদায়  একাপকৈ গ্ৰীণ টি পান কৰিলে ছালৰ উজ্বলতা ৰক্ষা পৰিব।

চালাড আৰু ফল-মূল যিমান পাৰে বেছিকৈ খাব। ফল যে বজাৰৰ পৰা কিনি অনা দামী ফল হ'ব লাগিব তেনে কোনো কথা নাই। আমাৰ অসমতে উপলব্ধ থলুৱা ফল খালেও সমান উপকাৰেই পোৱা যাব।  চালাড আৰু ফলে ছালখন জিলিকাই ৰখাত সহায় কৰে।

যথেষ্ট বিলাহী খাব। বিলাহীৰ কেইবাটাও উপাদানে বয়সৰ ছাপ প্ৰতিহত কৰে।

তৰমুজেও বয়সৰ ছাপ পৰাত বাধা দিয়ে। বতৰৰ ফল বিধ সেয়ে খোৱাত হেলা নকৰিব।

 তৰমুজ পুৱা খালী পেটত খালেও কোনো অপকাৰ হোৱাৰ ভয় নাথাকে। সৰ্বশেষত দিনটোত যিমান পাৰে সিমান বেছিকৈ পানী খাব। পানীয়ে শৰীৰৰ দূষিত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰাৰ লগতে ছালৰ উজ্বলতাও বৃদ্ধি কৰে। ছাল খনক অৱহেলা নকৰিব৷ ইয়াৰ যত্ন লওঁক৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু