--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ পৰিসংখ্যা অনুসৰি দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যাই ইতিমধ্যে কেইবালাখ অতিক্ৰম কৰিছে। যেতিয়া ডায়েবেটিছে শৰীৰত শিপাবলৈ আৰম্ভ কৰে, তেতিয়াই বহুতো আন আন সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। ‘ডায়েবেটিক ফুট ছ’চাইটী অব ইণ্ডিয়া’ৰ হিচাপ অনুসৰি ১০ শতাংশতকৈ অধিক আক্ৰান্ত লোকৰ ‘ডায়েবেটিক ফুট আলচাৰ’ৰ আশংকা থাকে। কেৱল এইখন দেশতে নহয়, ইউৰোপ আৰু আমেৰিকাৰ দৰে দেশতো প্ৰতি বছৰে ১০-১৫ শতাংশ ডায়েবেটিছ ৰোগীৰ ভৰিৰ আলচাৰ হয়। এই কাৰণতে ডায়েবেটিছ ৰোগত ভৰিৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয় বুলি চিকিৎসকসকলে পৰামৰ্শ আগবঢ়ায়।

 উল্লেখ্য যে দীৰ্ঘদিনলৈ যদি তেজত চেনিৰ মাত্ৰা অধিক থাকে, তেন্তে স্নায়ুকোষবোৰ লাহে লাহে ক্ষতি হ’বলৈ আৰম্ভ কৰে। চিকিৎসাৰ ক্ষেত্ৰত ইয়াক নিউৰ’পেথী বুলি কোৱা হয়।ভৰিৰ ঘামচি ওলোৱা, ৰঙা পৰা, তেজ ওলোৱা, ভৰিৰ দুৰ্গন্ধ ওলোৱা ‘ভৰিৰ আলচাৰ’ৰ লক্ষণ।হাইপাৰগ্লাইচেমিয়া অৰ্থাৎ মানসিক চাপৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱা আৰু স্নায়ুকোষৰ ক্ষতি হোৱা।প্ৰটিন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানে গ্লাইক’জেন ভাঙি পেলায় অস্বাভাৱিকভাৱে। ফলত স্নায়ুকোষত থকা প্ৰটিন কাইনেজ-চি স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে। নিউৰনে ক্ৰমান্বয়ে কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। দীৰ্ঘদিনীয়া ডায়েবেটিছ ৰোগীৰ ভৰিৰ স্নায়ুৰ কাৰ্য্যক্ষমতা ক্ষতি হ’বলৈ আৰম্ভ কৰে। ভৰিৰ পেশী, হাড়, ছাল সকলোতে ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

 ডায়েবেটিছৰ সৈতে তেজত উচ্চ কলেষ্টেৰল থকা, অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ আৰু ধূমপানেও ৰক্তবাহী নলীত চৰ্বি জমা হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিব পাৰে। গতিকে ভৰিৰ বিশেষ যত্ন নল’লে ‘ডায়েবেটিক ফুট আলচাৰ’ৰ সমস্যা বাঢ়ি যায়।

 যদি ‘ভৰিৰ আলচাৰ’ হয় তেন্তে ভৰিৰ বিশেষ যত্ন কেনেদৰে ল’ব?

১) ডায়েবেটিছ হ’লে ভৰিৰ নখ বাঢ়িবলৈ নিদিব। চুটিকৈ কাটি ৰাখক। প্ৰতিদিনে বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত ভৰি দুখন গৰম পানীত তিয়াই মৃদু চাবোনেৰে পৰিষ্কাৰ কৰি নাৰিকল তেল বা ক্ৰীম লগালে কোমল হৈ থাকে।

২) খালী ভৰিৰে খোজকঢ়াটো একেবাৰেই সঠিক নহয়। টাইট জোতাও নিপিন্ধা ভাল। পাতল খোলা ভৰিৰ জোতা পিন্ধিব লাগে।

৩) নিশা শুই উঠাৰ আগতে ভৰিৰ তলুৱা আৰু ভৰিৰ আঙুলিৰ মাজত এন্টিফাংগেল পাউদাৰ লগাব লাগে। ই আপোনাক ‘ডায়েবেটিক ফুট আলচাৰ’ৰ সমস্যাত উপকৃত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু