--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ পৰিসংখ্যা অনুসৰি দেশত ডায়েবেটিছ ৰোগীৰ সংখ্যাই ইতিমধ্যে কেইবালাখ অতিক্ৰম কৰিছে। যেতিয়া ডায়েবেটিছে শৰীৰত শিপাবলৈ আৰম্ভ কৰে, তেতিয়াই বহুতো আন আন সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। ‘ডায়েবেটিক ফুট ছ’চাইটী অব ইণ্ডিয়া’ৰ হিচাপ অনুসৰি ১০ শতাংশতকৈ অধিক আক্ৰান্ত লোকৰ ‘ডায়েবেটিক ফুট আলচাৰ’ৰ আশংকা থাকে। কেৱল এইখন দেশতে নহয়, ইউৰোপ আৰু আমেৰিকাৰ দৰে দেশতো প্ৰতি বছৰে ১০-১৫ শতাংশ ডায়েবেটিছ ৰোগীৰ ভৰিৰ আলচাৰ হয়। এই কাৰণতে ডায়েবেটিছ ৰোগত ভৰিৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয় বুলি চিকিৎসকসকলে পৰামৰ্শ আগবঢ়ায়।

 উল্লেখ্য যে দীৰ্ঘদিনলৈ যদি তেজত চেনিৰ মাত্ৰা অধিক থাকে, তেন্তে স্নায়ুকোষবোৰ লাহে লাহে ক্ষতি হ’বলৈ আৰম্ভ কৰে। চিকিৎসাৰ ক্ষেত্ৰত ইয়াক নিউৰ’পেথী বুলি কোৱা হয়।ভৰিৰ ঘামচি ওলোৱা, ৰঙা পৰা, তেজ ওলোৱা, ভৰিৰ দুৰ্গন্ধ ওলোৱা ‘ভৰিৰ আলচাৰ’ৰ লক্ষণ।হাইপাৰগ্লাইচেমিয়া অৰ্থাৎ মানসিক চাপৰ ফলত তেজত চেনিৰ মাত্ৰা বৃদ্ধি হোৱা আৰু স্নায়ুকোষৰ ক্ষতি হোৱা।প্ৰটিন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানে গ্লাইক’জেন ভাঙি পেলায় অস্বাভাৱিকভাৱে। ফলত স্নায়ুকোষত থকা প্ৰটিন কাইনেজ-চি স্বাভাৱিকভাৱে কাম কৰিব নোৱাৰে। নিউৰনে ক্ৰমান্বয়ে কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। দীৰ্ঘদিনীয়া ডায়েবেটিছ ৰোগীৰ ভৰিৰ স্নায়ুৰ কাৰ্য্যক্ষমতা ক্ষতি হ’বলৈ আৰম্ভ কৰে। ভৰিৰ পেশী, হাড়, ছাল সকলোতে ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে।

 ডায়েবেটিছৰ সৈতে তেজত উচ্চ কলেষ্টেৰল থকা, অনিয়ন্ত্ৰিত উচ্চ ৰক্তচাপ আৰু ধূমপানেও ৰক্তবাহী নলীত চৰ্বি জমা হোৱাৰ প্ৰৱণতা বৃদ্ধি কৰিব পাৰে। গতিকে ভৰিৰ বিশেষ যত্ন নল’লে ‘ডায়েবেটিক ফুট আলচাৰ’ৰ সমস্যা বাঢ়ি যায়।

 যদি ‘ভৰিৰ আলচাৰ’ হয় তেন্তে ভৰিৰ বিশেষ যত্ন কেনেদৰে ল’ব?

১) ডায়েবেটিছ হ’লে ভৰিৰ নখ বাঢ়িবলৈ নিদিব। চুটিকৈ কাটি ৰাখক। প্ৰতিদিনে বাহিৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত ভৰি দুখন গৰম পানীত তিয়াই মৃদু চাবোনেৰে পৰিষ্কাৰ কৰি নাৰিকল তেল বা ক্ৰীম লগালে কোমল হৈ থাকে।

২) খালী ভৰিৰে খোজকঢ়াটো একেবাৰেই সঠিক নহয়। টাইট জোতাও নিপিন্ধা ভাল। পাতল খোলা ভৰিৰ জোতা পিন্ধিব লাগে।

৩) নিশা শুই উঠাৰ আগতে ভৰিৰ তলুৱা আৰু ভৰিৰ আঙুলিৰ মাজত এন্টিফাংগেল পাউদাৰ লগাব লাগে। ই আপোনাক ‘ডায়েবেটিক ফুট আলচাৰ’ৰ সমস্যাত উপকৃত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক