--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত বজাৰত সৰ্বাধিক বিক্ৰী হোৱা ফল হৈছে মধুৰী। মধুৰী খাবলৈ যিমানেই সুস্বাদু সিমানেই উপকাৰীও। বহুতে শীতকালত ৰ’দত বহি মধুৰী খায়। মধুৰীত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ স্বাস্থ্য আৰু ছালৰ বাবে অতি উপকাৰী।আপুনি নিশ্চয় দেখিছে যে মধুৰীত সৰু সৰু গুটি থাকে। বহুতে এই গুটিবোৰ খাবলৈ ভাল নাপায়। কিছুমান মানুহে গুটিবোৰ আগতে উলিয়াই পেলাই দিয়ে। কিন্তু আপুনি জানেনে যে কেৱল মধুৰীয়ে নহয় ইয়াৰ গুটিও আপোনাৰ বাবে অতি উপকাৰী। ইয়াত আমি আপোনালোকক ক'ম মধুৰী গুটি খোৱাৰ উপকাৰ কি কি...

মধুৰী গুটি খোৱাৰ উপকাৰিতা-

১) পাচনতন্ত্ৰ সুস্থ হৈ থাকেঃ মধুৰী গুটি সেৱন কৰিলে পাচনতন্ত্ৰ মজবুত হয়। ইয়াৰ গুটিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ ফলত হজম শক্তি ভাল হয়।মধুৰী গুটি সেৱন কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যা নাইকিয়া হয়। সেইবাবেই শীতকালত ইয়াক সেৱন কৰিবই লাগে।

২) ওজন হ্ৰাস হয়ঃ মধুৰী গুটি সেৱনে ওজন কমোৱাত সহায় কৰে। কাৰণ মধুৰীত কলেষ্টেৰল একেবাৰেই নাথাকে। ইয়াৰ গুটিত আঁহৰ পৰিমাণ অতি বেছি। আনহাতে মধুৰী গুটি সেৱন কৰিলে পেটটো ভৰি থকা অনুভৱ হয়, যাৰ বাবে পেটটো বহুসময়লৈকে ভৰি থাকে।সেয়েহে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিশ্চিতভাৱে মধুৰী গুটি সেৱন কৰক।

৩) ব্লাড ছুগাৰ নিয়ন্ত্ৰণঃ ডায়েবেটিছ ৰোগীৰ বাবে মধুৰী গুটি খোৱাটো উপকাৰী। ইয়াত অধিক পৰিমাণৰ প্ৰটিন থাকে যিয়ে ছুগাৰ যৌগ ভাঙি পেলোৱাত সহায় কৰে। সেয়েহে মধুৰী গুটি সেৱন কৰিলে ব্লাড ছুগাৰ নিয়ন্ত্ৰণ হয়। ফলত ডায়েবেটিছ ৰোগৰ সম্ভাৱনা কম হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু