--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে বহুতো বনৌষধি ব্যৱহাৰ কৰিব পাৰে। ইয়াৰে ভিতৰত চিৰতা অন্যতম। ইয়াৰ পাত, শিপা আৰু বাকলি খাই তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ বজাই ৰখা হয়। ডায়েবেটিছ নিৰ্মূল কৰিব নোৱাৰি, কিন্তু নিয়ন্ত্ৰণ কৰিব পাৰি। ডায়েবেটিছৰ বাবে ঔষধ সেৱন কৰা, সুস্থ জীৱনশৈলী বজাই ৰখা আৰু খাদ্যাভ্যাসৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। কাৰণ এই ৰোগত বৃক্ক, হাওঁফাওঁ, হৃদযন্ত্ৰ আৰু চকুৰ ক্ষতি হয়।

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে কিছুমান ঘৰুৱা উপায়ো মানি চলিব লাগে। আয়ুৰ্বেদত এনে বহুতো বনৌষধি আছে, যিবোৰ ডায়েবেটিছত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) বিশ্বৰ ২১০০০ টা এনে উদ্ভিদক ঔষধ হিচাপে বিবেচনা কৰিছে যিবোৰ বহু ৰোগত ব্যৱহাৰ কৰা হয়। ইয়াৰে এটা হ’ল চিৰতা যি তেজৰ শৰ্কৰা নিয়ন্ত্ৰণত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। এই বনৌষধিক এন্টি-ডায়েবেটিক বুলিও কোৱা হয়।

ডায়েবেটিছত চিৰতা ফলপ্ৰসূ

এই বনৌষধি ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। চিৰতা যিকোনো পাত, বাকলি, শিপা আৰু ঠাৰি সেৱন কৰিব পাৰে। ই সহজে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে। এই উদ্ভিদবিধ বহুতো গুণেৰে সমৃদ্ধ।

চিৰতাই কেনেকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে ? 

চিৰতা নামৰ এই উদ্ভিদবিধত  আছে বায়’এক্টিভ যৌগ যিয়ে ডায়েবেটিছত এন্টি-ডায়েবেটিক হিচাপে কাম কৰে। ইয়াৰ হাইপ’গ্লাইচেমিক গুণ আছে, যদি ইয়াক ডায়েবেটিছ ৰোগীয়ে সেৱন কৰে তেন্তে ই স্বাভাৱিকতে শৰীৰত ইনচুলিন উৎপন্ন কৰে। ইয়াৰ উপৰিও ই মেটাবলিজম শক্তিশালী কৰে। ডায়েবেটিছ ৰোগীৰ বাবে এইবিধ অতি ফলপ্ৰসূ বনৌষধি।

পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ

চিৰতাত বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াত এন্টিঅক্সিডেন্ট, এলকেলয়ড আৰু গ্লাইকোচাইড আদি যৌগ থাকে। ই শৰীৰত ইনচুলিন বৃদ্ধি কৰে আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াত পোৱা এন্টি-ইনফ্লেমেটৰী গুণে অগ্নাশয়ৰ কোষবোৰক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াক খালে পেনক্ৰিয়াছে ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰে।

চিৰতা কেনেকৈ খাব

চিৰতাৰ পাত, বাকলি বা শিপা খাব পাৰে। ডায়েবেটিছ ৰোগীয়ে ৰাতিপুৱা খালী পেটত সেৱন কৰিলে অধিক সুফল পায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক