--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিয়াই থোৱা বুট মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী। যদি আপুনি খালী পেটত এমাহ ধৰি অবিৰতভাৱে তিয়াই থোৱা বুট সেৱন কৰে, তেন্তে আপোনাৰ শৰীৰৰ সকলো উপকাৰ দেখা যাব। ই বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ক্ষমতা দিয়ে। ৰাতি তিয়াই পুৱা খালী পেটত খাব লাগে। এনে কৰিলে আপোনাৰ শাৰীৰিক ক্ষমতাও বৃদ্ধি পাব আৰু আপোনাৰ শৰীৰৰ পৰা বহুতো ৰোগ নিৰ্মূল হ’ব। সৰু সৰু ৰোগবোৰ চিৰদিনৰ বাবে নাইকিয়া হৈ যাব। দৈনিক এমুঠি বুট খালে শৰীৰৰ লগত জড়িত সকলো ৰোগ দূৰ কৰিব পৰা যায়।

বুট তিয়াই খালে সকলো ধৰণৰ উপকাৰ পোৱা যায়। প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, আঁহ, কেলচিয়াম, আইৰণ, ভিটামিন আদি উপাদান বুটত পোৱা যায়, যিবোৰ আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী। বুট খালে মেদবহুলতা হ্ৰাস পায়। ডায়েবেটিছ সদায় নিয়ন্ত্ৰণত থাকে। মন-মেজাজো উন্নত কৰে। ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰক ফিট কৰি ৰাখে।

বুট খালে আপোনাৰ তেজ পৰিষ্কাৰ হয়। যদি শৰীৰৰ তেজ পৰিষ্কাৰ হৈ থাকে, তেন্তে কোনো ৰোগে আমাক আগুৰি নাৰাখে আৰু মুখৰ জিলিকনিও বাঢ়ে। বুটে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তিয়াই থোৱা বুটৰ পৰা শৰীৰে সৰ্বাধিক পুষ্টি লাভ কৰে। বুটত থকা ভিটামিনৰ উপৰিও ক্ল’ৰফিল আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থও বৃহৎ পৰিমাণে পোৱা যায়। বুট খালে শৰীৰত ইয়াৰ প্ৰভাৱ অতি সোনকালে দেখা যায়।

বুট পেটৰ ৰোগীৰ বাবেও ভাল। প্ৰতিদিনে পুৱা সাৰ পাই খালী পেটত এমুঠি বুট খালে পেটৰ সকলো বেমাৰ নাইকিয়া হৈ যায়। কোষ্ঠকাঠিন্য, পেটৰ বিষ, ক্ৰেম্প, ভোক কমি যোৱা আদি ৰোগ কেইদিনমানৰ পিছতে পলাই যায়।

কেনেকৈ গ্ৰহণ কৰিব লাগে

ৰাতি এটা পাত্ৰত বুট পানীত তিয়াই থব লাগে। কমেও ৬ৰ পৰা ৭ ঘণ্টা তিয়াই থ’ব লাগে। ইয়াৰ পাছত পুৱা ভাল পানীৰে ধুব লাগে। তাৰপাছত খাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement