--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিয়াই থোৱা বুট মানুহৰ শৰীৰৰ বাবে অতি উপকাৰী। যদি আপুনি খালী পেটত এমাহ ধৰি অবিৰতভাৱে তিয়াই থোৱা বুট সেৱন কৰে, তেন্তে আপোনাৰ শৰীৰৰ সকলো উপকাৰ দেখা যাব। ই বহু ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ক্ষমতা দিয়ে। ৰাতি তিয়াই পুৱা খালী পেটত খাব লাগে। এনে কৰিলে আপোনাৰ শাৰীৰিক ক্ষমতাও বৃদ্ধি পাব আৰু আপোনাৰ শৰীৰৰ পৰা বহুতো ৰোগ নিৰ্মূল হ’ব। সৰু সৰু ৰোগবোৰ চিৰদিনৰ বাবে নাইকিয়া হৈ যাব। দৈনিক এমুঠি বুট খালে শৰীৰৰ লগত জড়িত সকলো ৰোগ দূৰ কৰিব পৰা যায়।

বুট তিয়াই খালে সকলো ধৰণৰ উপকাৰ পোৱা যায়। প্ৰটিন, কাৰ্বহাইড্ৰেট, চৰ্বি, আঁহ, কেলচিয়াম, আইৰণ, ভিটামিন আদি উপাদান বুটত পোৱা যায়, যিবোৰ আপোনাৰ শৰীৰৰ বাবে অতি উপকাৰী। বুট খালে মেদবহুলতা হ্ৰাস পায়। ডায়েবেটিছ সদায় নিয়ন্ত্ৰণত থাকে। মন-মেজাজো উন্নত কৰে। ইয়াৰ উপৰিও ই আপোনাৰ শৰীৰক ফিট কৰি ৰাখে।

বুট খালে আপোনাৰ তেজ পৰিষ্কাৰ হয়। যদি শৰীৰৰ তেজ পৰিষ্কাৰ হৈ থাকে, তেন্তে কোনো ৰোগে আমাক আগুৰি নাৰাখে আৰু মুখৰ জিলিকনিও বাঢ়ে। বুটে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। তিয়াই থোৱা বুটৰ পৰা শৰীৰে সৰ্বাধিক পুষ্টি লাভ কৰে। বুটত থকা ভিটামিনৰ উপৰিও ক্ল’ৰফিল আৰু ফছফৰাছৰ দৰে খনিজ পদাৰ্থও বৃহৎ পৰিমাণে পোৱা যায়। বুট খালে শৰীৰত ইয়াৰ প্ৰভাৱ অতি সোনকালে দেখা যায়।

বুট পেটৰ ৰোগীৰ বাবেও ভাল। প্ৰতিদিনে পুৱা সাৰ পাই খালী পেটত এমুঠি বুট খালে পেটৰ সকলো বেমাৰ নাইকিয়া হৈ যায়। কোষ্ঠকাঠিন্য, পেটৰ বিষ, ক্ৰেম্প, ভোক কমি যোৱা আদি ৰোগ কেইদিনমানৰ পিছতে পলাই যায়।

কেনেকৈ গ্ৰহণ কৰিব লাগে

ৰাতি এটা পাত্ৰত বুট পানীত তিয়াই থব লাগে। কমেও ৬ৰ পৰা ৭ ঘণ্টা তিয়াই থ’ব লাগে। ইয়াৰ পাছত পুৱা ভাল পানীৰে ধুব লাগে। তাৰপাছত খাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু