--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাহ কেৱল ৰাইজৰ বাবে এক ৰুচি নহয় বৰঞ্চ আৱেগ হৈ পৰিছে। মূৰৰ বিষ হওক বা ঠাণ্ডা, চাহৰ একাপেই সদায় যথেষ্ট। কিন্তু যদি আপুনি গুড় চাহ খাবলৈ আৰম্ভ কৰে তেন্তে ই আপোনাৰ অধিক চাহ খোৱাৰ হেঁপাহকো নিয়ন্ত্ৰণ কৰিব, ইয়াৰ লগতে ই ওজন হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।গতিকে আহক জানো আহক গুড় চাহৰ ৰেচিপি

গুড় চাহ বনাবলৈ প্ৰয়োজন হব:-
৩-৪ চামুচ কুটি লোৱা গুড়
১ চামুচ চাহপাত
৪ টা ইলাচিৰ গুটি
১ চামুচ চফ
১/২ চামুচ পিহি লোৱা জালুক 
১/২ কাপ গাখীৰ

গুড় চাহ বনোৱাৰ পদ্ধতিঃ
নন ষ্টিক কেৰাহীত ১ কাপ পানী গৰম কৰক। ইলাচি, চফ, থেতেলিয়াই থোৱা জালুক আৰু চাহপাত দি সকলো উতলাই লওক। এতিয়া তাত গাখীৰ দিয়ক। এটা পাত্ৰত গুৰ লৈ প্ৰস্তুত কৰা চাহৰ মিশ্ৰণত ফিল্টাৰ কৰি লওক। যদি আপুনি বিচাৰে তেন্তে গাখীৰ নোহোৱাকৈও এই চাহ বনাব পাৰে, যাৰ বাবে এই চাহৰ কেলৰি আৰু অধিক হ্ৰাস পাব আৰু ই আপোনাৰ বাবে অধিক স্বাস্থ্যকৰ হ’ব।

গুড় চাহ খোৱাৰ স্বাস্থ্য উপকাৰীতাঃ

১) শীতকালত শৰীৰ গৰম কৰি ৰাখে
গুড়ত মেগনেছিয়াম, আইৰণ, পটাছিয়াম আৰু ফছফৰাছকে ধৰি অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। শীতকালত গুড়যুক্ত চাহৰ এটা সুবিধা হ’ল ই এনেকুৱা খাদ্যৰ ভিতৰত অন্যতম যিয়ে তাপ উৎপন্ন কৰে আৰু শৰীৰক উষ্ণতা প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ উপস্থিতিৰ বাবে গুড়ে হাড় আৰু গাঁঠি মজবুত কৰে বুলি বিশ্বাস কৰা হয়।

২) ওজন নিয়ন্ত্ৰণত ৰাখে
সীমিত পৰিমাণত সেৱন কৰিলে গুড়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। গুড় চাহৰ এটা উপকাৰ হ’ল ই এক সুস্থ বিপাকীয় ক্ৰিয়াত সহায় কৰে যিয়ে খাদ্য সহজে হজম কৰে, সেয়েহে গুড়ে ওজন কমোৱাত সহায় কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু