--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চাহ কেৱল ৰাইজৰ বাবে এক ৰুচি নহয় বৰঞ্চ আৱেগ হৈ পৰিছে। মূৰৰ বিষ হওক বা ঠাণ্ডা, চাহৰ একাপেই সদায় যথেষ্ট। কিন্তু যদি আপুনি গুড় চাহ খাবলৈ আৰম্ভ কৰে তেন্তে ই আপোনাৰ অধিক চাহ খোৱাৰ হেঁপাহকো নিয়ন্ত্ৰণ কৰিব, ইয়াৰ লগতে ই ওজন হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।গতিকে আহক জানো আহক গুড় চাহৰ ৰেচিপি

গুড় চাহ বনাবলৈ প্ৰয়োজন হব:-
৩-৪ চামুচ কুটি লোৱা গুড়
১ চামুচ চাহপাত
৪ টা ইলাচিৰ গুটি
১ চামুচ চফ
১/২ চামুচ পিহি লোৱা জালুক 
১/২ কাপ গাখীৰ

গুড় চাহ বনোৱাৰ পদ্ধতিঃ
নন ষ্টিক কেৰাহীত ১ কাপ পানী গৰম কৰক। ইলাচি, চফ, থেতেলিয়াই থোৱা জালুক আৰু চাহপাত দি সকলো উতলাই লওক। এতিয়া তাত গাখীৰ দিয়ক। এটা পাত্ৰত গুৰ লৈ প্ৰস্তুত কৰা চাহৰ মিশ্ৰণত ফিল্টাৰ কৰি লওক। যদি আপুনি বিচাৰে তেন্তে গাখীৰ নোহোৱাকৈও এই চাহ বনাব পাৰে, যাৰ বাবে এই চাহৰ কেলৰি আৰু অধিক হ্ৰাস পাব আৰু ই আপোনাৰ বাবে অধিক স্বাস্থ্যকৰ হ’ব।

গুড় চাহ খোৱাৰ স্বাস্থ্য উপকাৰীতাঃ

১) শীতকালত শৰীৰ গৰম কৰি ৰাখে
গুড়ত মেগনেছিয়াম, আইৰণ, পটাছিয়াম আৰু ফছফৰাছকে ধৰি অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। শীতকালত গুড়যুক্ত চাহৰ এটা সুবিধা হ’ল ই এনেকুৱা খাদ্যৰ ভিতৰত অন্যতম যিয়ে তাপ উৎপন্ন কৰে আৰু শৰীৰক উষ্ণতা প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ উপস্থিতিৰ বাবে গুড়ে হাড় আৰু গাঁঠি মজবুত কৰে বুলি বিশ্বাস কৰা হয়।

২) ওজন নিয়ন্ত্ৰণত ৰাখে
সীমিত পৰিমাণত সেৱন কৰিলে গুড়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। গুড় চাহৰ এটা উপকাৰ হ’ল ই এক সুস্থ বিপাকীয় ক্ৰিয়াত সহায় কৰে যিয়ে খাদ্য সহজে হজম কৰে, সেয়েহে গুড়ে ওজন কমোৱাত সহায় কৰে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক