--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ শৰীৰত ইনচুলিন নামৰ এবিধ হৰমনৰ সম্পূর্ণ বা আপেক্ষিক অভাৱত বা এই ইনচুলিনে আমাৰ শৰীৰত সঠিকভাবে কাম নকৰাৰ বাবে হয়। এই ইনচুলিন আমাৰ শৰীৰৰ অগ্নাশয় (Pancreas) নামৰ গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। 

ইনচুলিনে শৰীৰৰ ছুগাৰ, মাংসসাৰ আৰু চৰ্বীজাতীয় খাদ্য হজম প্রক্রিয়াত অংশ লয়। ইনচুলিনৰ অভাৱত ঘাইকৈ তেজত ছুগাৰ বা গ্লুকজৰ পৰিমাণ বাঢ়ে। ডায়েবেটিছ ৰোগত শৰীৰত ইনচুলিন কমি অহাৰ বাবে বিভিন্ন বিপাকীয় পৰিবর্তন হয়, ফলত শৰীৰৰ বিভিন্ন অংগ, যেনে—চকু, হৃদপিণ্ড, স্নায়ু, বিভিন্ন ধমনী অসুস্থ হৈ পৰিব পাৰে।  

ডায়েবেটিছক ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়। ডায়েবেটিছে লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। সেয়েহে মানুহে আৰম্ভণিতে এই ৰোগ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।

যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে কিছুমান ড্ৰাই ফ্ৰুটছ খাব পাৰে। সেইবোৰ খালে ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ হয়। আমি ইয়াত ক'ম যে ডায়েবেটিছ ৰোগীয়ে কোনবোৰ ড্ৰাই ফ্ৰুটছ খাব লাগে।

ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী ড্ৰাই ফ্ৰুটছসমূহ


১) আলমণ্ডঃ আলমণ্ড খালে আপুনি বহু উপকাৰ পাব পাৰে। আনহাতে যদি আপুনি ডায়েবেটিছ ৰোগী হয় তেন্তে দৈনিক আলমণ্ড সেৱন কৰিব পাৰে।

২) কাজু বাদামঃ ডায়েবেটিছ ৰোগীৰ বাবে কাজু বাদাম সেৱন কৰাটো অতি উপকাৰী।

৩) পিষ্টাঃ পিষ্টা খালে শৰীৰে যথেষ্ট শক্তি লাভ কৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই উপকাৰী।

৪) বাদামঃ  ডায়েবেটিছ ৰোগীয়ে বাদাম সেৱন কৰি তেজৰ ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে।

৫) আখৰোটঃ ভাল পৰিমাণৰ কেলৰি আখৰোটত পোৱা যায়। ইয়াক সেৱন কৰিলে ডায়েবেটিছ ৰোগীৰ ওজনো নিয়ন্ত্ৰণত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু