--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চ কলেষ্টেৰলৰ ফলত বহুতো ৰোগ হয়। শিৰাত কলেষ্টেৰল জমা হৈ ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়। ইয়াৰ বাবে সিৰাবোৰ সংকুচিত হৈ পৰে। উচ্চ কলেষ্টেৰলৰ বাবে হাৰ্ট এটেকৰ দৰে ৰোগৰ সম্ভাৱনা বাঢ়ি যায়। সময়মতে কলেষ্টেৰল নিয়ন্ত্ৰণ নকৰিলে ই মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে আমি কলেষ্টেৰল বৃদ্ধি হোৱাত বাধা দিব পাৰো।

কলেষ্টেৰল বৃদ্ধিৰ কাৰণ
কলেষ্টেৰল বৃদ্ধিৰ কাৰণ হ’ল শৰীৰত সংপৃক্ত চৰ্বিৰ পৰিমাণ বেছি হোৱা। আজিকালি বেয়া জীৱনশৈলীৰ বাবে উচ্চ কলেষ্টেৰলৰ সমস্যা বাঢ়িছে। শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱা আৰু আটা আৰু তেলেৰে তৈয়াৰী চৰ্বিযুক্ত বস্তু খোৱাৰ ফলত কলেষ্টেৰল বৃদ্ধি পায়।

কলেষ্টেৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি
আমি খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰো। আচলতে চৰ্বিযুক্ত বস্তুৱে বেয়া কলেষ্টেৰল বৃদ্ধি কৰাৰ কাম কৰে। ওমেগা ৩ ফেটি এচিড, ফাইবাৰ, মেগনেছিয়াম আৰু এন্টি অক্সিডেন্টযুক্ত খাদ্য খালে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি।

ফ্লেক্সচিড: ফ্লেক্সচিডত ওমেগা ৩ ফেটি এচিড, ফাইবাৰ, মেগনেছিয়াম আৰু এন্টি অক্সিডেন্ট আদি পুষ্টিকৰ উপাদান থাকে। ফ্লেক্সচিডে ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল কমোৱাৰ কাম কৰে। এই গুটিবোৰ ৰাতিপুৱা কুহুমীয়া পানীৰ লগত খালে খুবেই উপকাৰ পোৱা যায়। খালী পেটত লিনচিডৰ গুটি সেৱন কৰিলে কলেষ্টেৰল হ্ৰাস পায়।

ডালচেনি : ডালচেনিত থকা পুষ্টিকৰ উপাদানে কলেষ্টেৰল হ্ৰাস কৰাৰ কাম কৰে। দৈনিক ডালচেনিৰ গুড়ি সেৱন কৰিলে উচ্চ কলেষ্টেৰলৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। ১/৪ চামুচ ডালচেনিৰ গুড়ি পানীৰ লগত মিহলাই খালে কলেষ্টেৰল কমাব পাৰি।

মেথিৰ গুটি: মেথিত পোৱা পুষ্টিকৰ উপাদানে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টি অক্সিডেন্ট থাকে। তিয়াই থোৱা মেথিৰ গুটিৰ পানী খালে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক