--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উচ্চ কলেষ্টেৰলৰ ফলত বহুতো ৰোগ হয়। শিৰাত কলেষ্টেৰল জমা হৈ ৰক্ত সঞ্চালনত প্ৰভাৱ পেলায়। ইয়াৰ বাবে সিৰাবোৰ সংকুচিত হৈ পৰে। উচ্চ কলেষ্টেৰলৰ বাবে হাৰ্ট এটেকৰ দৰে ৰোগৰ সম্ভাৱনা বাঢ়ি যায়। সময়মতে কলেষ্টেৰল নিয়ন্ত্ৰণ নকৰিলে ই মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে। খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিলে আমি কলেষ্টেৰল বৃদ্ধি হোৱাত বাধা দিব পাৰো।

কলেষ্টেৰল বৃদ্ধিৰ কাৰণ
কলেষ্টেৰল বৃদ্ধিৰ কাৰণ হ’ল শৰীৰত সংপৃক্ত চৰ্বিৰ পৰিমাণ বেছি হোৱা। আজিকালি বেয়া জীৱনশৈলীৰ বাবে উচ্চ কলেষ্টেৰলৰ সমস্যা বাঢ়িছে। শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱা আৰু আটা আৰু তেলেৰে তৈয়াৰী চৰ্বিযুক্ত বস্তু খোৱাৰ ফলত কলেষ্টেৰল বৃদ্ধি পায়।

কলেষ্টেৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি
আমি খাদ্য তালিকাত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰো। আচলতে চৰ্বিযুক্ত বস্তুৱে বেয়া কলেষ্টেৰল বৃদ্ধি কৰাৰ কাম কৰে। ওমেগা ৩ ফেটি এচিড, ফাইবাৰ, মেগনেছিয়াম আৰু এন্টি অক্সিডেন্টযুক্ত খাদ্য খালে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰি।

ফ্লেক্সচিড: ফ্লেক্সচিডত ওমেগা ৩ ফেটি এচিড, ফাইবাৰ, মেগনেছিয়াম আৰু এন্টি অক্সিডেন্ট আদি পুষ্টিকৰ উপাদান থাকে। ফ্লেক্সচিডে ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল কমোৱাৰ কাম কৰে। এই গুটিবোৰ ৰাতিপুৱা কুহুমীয়া পানীৰ লগত খালে খুবেই উপকাৰ পোৱা যায়। খালী পেটত লিনচিডৰ গুটি সেৱন কৰিলে কলেষ্টেৰল হ্ৰাস পায়।

ডালচেনি : ডালচেনিত থকা পুষ্টিকৰ উপাদানে কলেষ্টেৰল হ্ৰাস কৰাৰ কাম কৰে। দৈনিক ডালচেনিৰ গুড়ি সেৱন কৰিলে উচ্চ কলেষ্টেৰলৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি। ১/৪ চামুচ ডালচেনিৰ গুড়ি পানীৰ লগত মিহলাই খালে কলেষ্টেৰল কমাব পাৰি।

মেথিৰ গুটি: মেথিত পোৱা পুষ্টিকৰ উপাদানে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টি অক্সিডেন্ট থাকে। তিয়াই থোৱা মেথিৰ গুটিৰ পানী খালে কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে