--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এক ভয়াৱহ ৰোগ। ই শৰীৰৰ বহু অংশৰ ক্ষতি কৰিব পাৰে। তেজত ছুগাৰৰ মাত্ৰা বেছি হ’লে চকুত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বাবে ডায়েবেটিক ৰেটিনোপেথী চকুৰ ৰোগ হ’ব পাৰে। এই গুৰুতৰ ৰোগৰ বাবে চকুৰ দৃষ্টিশক্তিও নোহোৱা হ’ব পাৰে। এনে পৰিস্থিতিত যদি ডায়েবেটিছ ৰোগৰ বাবে চকুত কোনো সমস্যা হয়, তেন্তে মনোযোগ দিয়াটো আৱশ্যক। ডায়েবেটিছ ৰোগত চকুৰ যত্ন কেনেকৈ ল'ব লাগে জানো আহক।

চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ লক্ষণ

ডায়েবেটিছ হোৱাৰ পিছত যদি দৃষ্টিশক্তি ম্লান হোৱা দেখা যায়, তেন্তে চিকিৎসকৰ কাষ চাপিব লাগে। এনে অৱস্থাত দৃষ্টিশক্তিৰ সমস্যা হয়, চকুত বিষ হয়, চকু ৰঙা হয়, সৰল ৰেখা দেখাত অসুবিধা হয়। ডায়েবেটিছ ৰোগত এইবোৰেই হৈছে চকুৰ বাবে সতৰ্কবাণী। এনে লক্ষণ দেখা দিলে তাৎক্ষণিক যত্নৰ প্ৰয়োজন হয়। 

চকুৰ যত্ন কেনেকৈ লব পাৰি জানো আহক

১) ছুগাৰ নিয়ন্ত্ৰণ কৰাঃ যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত, কিন্তু যদি ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে, তেন্তে আপুনি ক্ষতিৰ পৰা হাত সাৰিব পাৰে। ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। উচ্চ কেলৰি, কাৰ্বহাইড্ৰেট বা মিঠা বস্তু খোৱাৰ পৰা বিৰত থাকক। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে সুস্থ জীৱনশৈলী থকাটো প্ৰয়োজনীয়।

২) ধূমপানৰ পৰা আঁতৰি থাককঃ ডায়েবেটিছত ধূমপান কৰাটো অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। ধূমপানৰ বাবে আপোনাৰ চকুৰ ৰক্তবাহী নলীৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব পাৰে। এনে পৰিস্থিতিত ধূমপান পৰিহাৰ কৰিব লাগে।

৩) ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়ঃ ডায়েবেটিছ ৰোগত ৰক্তচাপৰ প্ৰতিও গুৰুত্ব দিয়াটো জৰুৰী। উচ্চ ৰক্তচাপৰ বাবে সমস্যা বাঢ়িব পাৰে, গতিকে খাদ্যত থকা নিমখ আৰু তেলৰ পৰিমাণ কমাই দিব লাগে। ইয়াৰ লগে লগে ছুগাৰৰ লগতে ৰক্তচাপো নিয়ন্ত্ৰণত থাকিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু