--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এক ভয়াৱহ ৰোগ। ই শৰীৰৰ বহু অংশৰ ক্ষতি কৰিব পাৰে। তেজত ছুগাৰৰ মাত্ৰা বেছি হ’লে চকুত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বাবে ডায়েবেটিক ৰেটিনোপেথী চকুৰ ৰোগ হ’ব পাৰে। এই গুৰুতৰ ৰোগৰ বাবে চকুৰ দৃষ্টিশক্তিও নোহোৱা হ’ব পাৰে। এনে পৰিস্থিতিত যদি ডায়েবেটিছ ৰোগৰ বাবে চকুত কোনো সমস্যা হয়, তেন্তে মনোযোগ দিয়াটো আৱশ্যক। ডায়েবেটিছ ৰোগত চকুৰ যত্ন কেনেকৈ ল'ব লাগে জানো আহক।

চকুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ লক্ষণ

ডায়েবেটিছ হোৱাৰ পিছত যদি দৃষ্টিশক্তি ম্লান হোৱা দেখা যায়, তেন্তে চিকিৎসকৰ কাষ চাপিব লাগে। এনে অৱস্থাত দৃষ্টিশক্তিৰ সমস্যা হয়, চকুত বিষ হয়, চকু ৰঙা হয়, সৰল ৰেখা দেখাত অসুবিধা হয়। ডায়েবেটিছ ৰোগত এইবোৰেই হৈছে চকুৰ বাবে সতৰ্কবাণী। এনে লক্ষণ দেখা দিলে তাৎক্ষণিক যত্নৰ প্ৰয়োজন হয়। 

চকুৰ যত্ন কেনেকৈ লব পাৰি জানো আহক

১) ছুগাৰ নিয়ন্ত্ৰণ কৰাঃ যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত, কিন্তু যদি ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে, তেন্তে আপুনি ক্ষতিৰ পৰা হাত সাৰিব পাৰে। ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। উচ্চ কেলৰি, কাৰ্বহাইড্ৰেট বা মিঠা বস্তু খোৱাৰ পৰা বিৰত থাকক। ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে সুস্থ জীৱনশৈলী থকাটো প্ৰয়োজনীয়।

২) ধূমপানৰ পৰা আঁতৰি থাককঃ ডায়েবেটিছত ধূমপান কৰাটো অতি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে। ধূমপানৰ বাবে আপোনাৰ চকুৰ ৰক্তবাহী নলীৰ বেয়া প্ৰভাৱ পৰিব পাৰে আৰু চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব পাৰে। এনে পৰিস্থিতিত ধূমপান পৰিহাৰ কৰিব লাগে।

৩) ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়ঃ ডায়েবেটিছ ৰোগত ৰক্তচাপৰ প্ৰতিও গুৰুত্ব দিয়াটো জৰুৰী। উচ্চ ৰক্তচাপৰ বাবে সমস্যা বাঢ়িব পাৰে, গতিকে খাদ্যত থকা নিমখ আৰু তেলৰ পৰিমাণ কমাই দিব লাগে। ইয়াৰ লগে লগে ছুগাৰৰ লগতে ৰক্তচাপো নিয়ন্ত্ৰণত থাকিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক