--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাই কলেষ্টেৰল বহু গুৰুতৰ ৰোগৰ কাৰণ হৈ পৰে। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি কঠিন। বহুতো ক্ষতিকাৰক খাদ্যই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ৰাতি কিছুমান বস্তু খালে কলেষ্টেৰল দ্ৰুতগতিত বৃদ্ধি পায়। কাৰণ ৰাতি খাদ্য খোৱাৰ পাছত শাৰীৰিক ক্ৰিয়া-কলাপ কমি যায়। ইয়াৰ বাবেই চৰ্বি বৃদ্ধিৰ সম্ভাৱনা বেছি। আহক আমি জানো ৰাতি কোনবোৰ বস্তু খালে কলেষ্টেৰল বৃদ্ধি পায়।

১) ফাষ্ট ফুডঃ হাৰ্টৰ বাবে ফাষ্ট ফুড অতি ক্ষতিকাৰক। ইহঁতে কলেষ্টেৰল বৃদ্ধিৰ কাম কৰে। বিশেষকৈ ৰাতি ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকক। পিজ্জা, পাস্তা, বাৰ্গাৰ আৰু নুডলছৰ দৰে ফাষ্ট ফুড ময়দা আৰু চীজৰ দ্বাৰা তৈয়াৰ কৰা হয়। এইবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।

২) চীজঃ চীজ খোৱাটো আজিকালি এটা ডাঙৰ ট্ৰেণ্ড। চীজ অবিহনে পিজ্জা, বাৰ্গাৰ আৰু পাস্তাৰ দৰে ফাষ্ট ফুড খাবলৈ কোনেও ভাল নাপায়। চীজত প্ৰটিন পোৱা যায় যদিও বেছিকৈ চীজ খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। ইয়াত অধিক পৰিমাণৰ চৰ্বি থাকে যি হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক।

৩) ৰেড মীটঃ আমিষভোজীসকলে ৰাতি ৰেড মীট খাবলৈ ভাল পায়। এইবোৰত থকা পুষ্টিকৰ উপাদানে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে। ৰৰেড মীটত সংপৃক্ত চৰ্বিৰ পৰিমাণ পোৱা যায়, যিটো কলেষ্টেৰল আৰু হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। ৰাতি ৰেড মীট খোৱাৰ পৰা বিৰত থাকক।

৪) তেলযুক্ত আৰু মছলাযুক্ত খাদ্যঃ ৰাতি অধিক তেলযুক্ত আৰু মছলাযুক্ত খাদ্য খালে কলেষ্টেৰল বৃদ্ধি পাব পাৰে। তেলত সংপৃক্ত চৰ্বি থাকে, যিয়ে কলেষ্টেৰলৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰাৰ কাম কৰে। চেচুৰেটেড ফেটে শিৰাত বহুত প্লেক জমা কৰে। ইয়াৰ ফলত তেজৰ সোঁতত প্ৰভাৱ পৰে।

৫) মিঠা বস্তুঃ ৰাতি মিঠা বস্তু খোৱাৰ পৰা বিৰত থাকক। মিঠা বস্তুৱে ছুগাৰ আৰু কলেষ্টেৰল দুয়োটা বৃদ্ধি কৰিব পাৰে। এই কাৰণে ৰাতি চাহ-কফিৰ পৰা আঁতৰি থকাটো বাঞ্ছনীয়। ৰাতি পুডিং, মিঠাই বা শীতল পানীয় সেৱন কৰিলেও হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement