--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এতিয়া ডায়েবেটিছৰ ৰাজধানীত পৰিণত হৈছে। প্ৰতি ১০ জন লোকৰ ভিতৰৰে এজনেই আক্ৰান্ত  ডায়েবেটিছত। তেজত এবাৰ  শৰ্কৰাৰ পৰিমাণ  বৃদ্ধি পালে তাক সহজে  নিয়ন্ত্ৰণলৈ অনাটো কঠিন। ডায়েবেটিছ ৰোগীয়ে জীৱনশৈলীত পৰিৱৰ্তন অনাৰ উপৰি  খাদ্যাভ্যাসৰো সলনি কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰি দুবাৰ আহাৰ খোৱাৰ আগতে বহুলোকে নিয়মীয়াকৈ 'ইনচুলিন' গ্ৰহণ কৰে। 

চিকিৎসকে বহুতকে ব্যায়াম কৰাৰো পৰামৰ্শ দিয়ে। শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে  ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ  নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চাহৰ সৈতে  ডালচেনি খাব পাৰে।বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানীয়ে কৰা অধ্যয়নে প্ৰমাণ কৰিছে যে শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত ডালচেনিৰ ভূমিকা অপৰিসীম। ইণ্টাৰনেচনেল জাৰ্নেল অফ ফুড চায়েন্সছৰ মতে যদি ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়, প্ৰতিদিনে ৩ ৰ পৰা ৬ গ্ৰাম ডালচেনিৰ গুৰি খাদ্য তালিকাত ৰাখিব পাৰি। অধ্যয়নে দেখুৱাইছে যে এই মচলাবিধে কোনো ঔষধ অবিহনেই ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ  স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বহুলোকৰ এইবিষয়ত অৱশ্যে বিপৰীত দৃষ্টিভংগী আছে। বহুতে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাৰ বাবে ডালচেনিৰ ব্যৱহাৰ সম্পৰ্কেও যথেষ্ট সন্দেহ প্ৰকাশ কৰে। কিন্তু চিকিৎসকসকলৰ মতে  ডালচেনিয়ে কেৱল ডায়েবেটিছ ৰোগীকেই সকাহ নিদেয়ে, তেজত কলেষ্টেৰল আৰু অন্যান্য খনিজ পদাৰ্থৰ ভাৰসাম্যও ৰক্ষা কৰাত সহায় কৰে। চাহৰ সৈতে খোৱাৰ সলনি ডালচেনিৰ গুৰি বা ডালচেনিৰ টুকুৰা উতলা পানীত প্ৰায়  দুই মিনিট সময় উতলায়ো চাহৰ দৰে খাব পাৰি। ৰাতিৰ আহাৰৰ পিছত আৰু শুবলৈ যোৱাৰ এঘণ্টা বা আধা ঘণ্টা আগতে এই চাহ খোৱাটো ভাল বুলি বিশেষজ্ঞসকলে কৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি