--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ এতিয়া ডায়েবেটিছৰ ৰাজধানীত পৰিণত হৈছে। প্ৰতি ১০ জন লোকৰ ভিতৰৰে এজনেই আক্ৰান্ত  ডায়েবেটিছত। তেজত এবাৰ  শৰ্কৰাৰ পৰিমাণ  বৃদ্ধি পালে তাক সহজে  নিয়ন্ত্ৰণলৈ অনাটো কঠিন। ডায়েবেটিছ ৰোগীয়ে জীৱনশৈলীত পৰিৱৰ্তন অনাৰ উপৰি  খাদ্যাভ্যাসৰো সলনি কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰি দুবাৰ আহাৰ খোৱাৰ আগতে বহুলোকে নিয়মীয়াকৈ 'ইনচুলিন' গ্ৰহণ কৰে। 

চিকিৎসকে বহুতকে ব্যায়াম কৰাৰো পৰামৰ্শ দিয়ে। শেহতীয়া এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে  ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ  নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চাহৰ সৈতে  ডালচেনি খাব পাৰে।বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানীয়ে কৰা অধ্যয়নে প্ৰমাণ কৰিছে যে শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত ডালচেনিৰ ভূমিকা অপৰিসীম। ইণ্টাৰনেচনেল জাৰ্নেল অফ ফুড চায়েন্সছৰ মতে যদি ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়, প্ৰতিদিনে ৩ ৰ পৰা ৬ গ্ৰাম ডালচেনিৰ গুৰি খাদ্য তালিকাত ৰাখিব পাৰি। অধ্যয়নে দেখুৱাইছে যে এই মচলাবিধে কোনো ঔষধ অবিহনেই ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ  স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বহুলোকৰ এইবিষয়ত অৱশ্যে বিপৰীত দৃষ্টিভংগী আছে। বহুতে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰখাৰ বাবে ডালচেনিৰ ব্যৱহাৰ সম্পৰ্কেও যথেষ্ট সন্দেহ প্ৰকাশ কৰে। কিন্তু চিকিৎসকসকলৰ মতে  ডালচেনিয়ে কেৱল ডায়েবেটিছ ৰোগীকেই সকাহ নিদেয়ে, তেজত কলেষ্টেৰল আৰু অন্যান্য খনিজ পদাৰ্থৰ ভাৰসাম্যও ৰক্ষা কৰাত সহায় কৰে। চাহৰ সৈতে খোৱাৰ সলনি ডালচেনিৰ গুৰি বা ডালচেনিৰ টুকুৰা উতলা পানীত প্ৰায়  দুই মিনিট সময় উতলায়ো চাহৰ দৰে খাব পাৰি। ৰাতিৰ আহাৰৰ পিছত আৰু শুবলৈ যোৱাৰ এঘণ্টা বা আধা ঘণ্টা আগতে এই চাহ খোৱাটো ভাল বুলি বিশেষজ্ঞসকলে কৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ