--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেদবহুলতা এতিয়া বিশ্বৰ বহুলোকৰে সময়্যা। শৰীৰত মেদ জমা হোৱাটো আনকি এতিয়া কম বয়সৰ লোকৰ  বাবেও সমস্যাৰ বিষয় হৈ পৰিছে। শৰীৰত অতিৰিক্ত মেদ জমা হোৱাৰ ফলত নানান ৰোগেও আমাক আক্ৰমণ কৰাৰ আশংকা বৃদ্ধি পায়। তদুপৰি মেদ জমা হ'লে দেহলৈ অলস ভাব আহিব পাৰে। 

মেদ হ্ৰাস কৰিবলৈ বহুতেই বহু চেষ্টা কৰে।  শৰীৰটো কিদৰে মেদমুক্ত কৰি ৰাখিব তাৰ বহু পদ্ধতি আছে। নিয়মিত ঘৰতে শৰীৰ চৰ্চা কৰাৰ লগতে পুৱাই এবিধ বিশেষ পানীয় খালেও কম দিনতে মেদ বা চৰ্বি কমি যাব।আয়ুৰ্বেদ শাস্ত্ৰত  চফগুটিৰ বিভিন্ন গুণাগুণৰ কথা উল্লেখ কৰা হৈছে।প্ৰতিদিনে চফগুটি(বহুতে গুৱামৰি বুলি কয়)  খালে দেহৰ চৰ্বি কমি যোৱাৰ লগতে হজম শক্তিও বৃদ্ধি পায়। চফ গুটি এক কথাত  স্বাস্থ্যৰ বাবে অতি ভাল।

চফগুটিত থকা পদাৰ্থই শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে। ৰাতি চফগুটি পানীত তিয়াই থৈ পুৱা পানীখিনি চেকিলৈ খালী পেটত খালে কম দিনৰ ভিতৰতে শৰীৰৰ মেদ কমি যায়। চফগুটিয়ে  শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থ শোষণৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কৈ আহিছে। চফগুটিয়ে   বুকু জ্বলা, গেছ, পেটৰ বিষ আৰু বদহজম ৰোধ কৰাত সহায় কৰে। চফগুটিত ইষ্ট্ৰাগোল, ফেঞ্চন আৰু এনিথল নামৰ পদাৰ্থ থকাৰ বাবে ই শৰীৰৰ বাবে প্ৰয়োজনীয়  এনজাইম নিঃসৰণত সহায় কৰে। 

 উচ্চ ৰক্তচাপৰ সমস্যা থকাসকলেও  প্ৰতিদিনে চফগুটি  খালে ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায়ক হয়। 
যদি আপুনি দুপৰীয়া  আৰু নিশা গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত চফ গুটি  নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰে, তেন্তে শৰীৰৰ বহু ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰিব। ইয়াৰ বাহিৰেও বহুলোকে খোৱাৰ পিছত মুখ খন ভাল লাগিবলৈ  কিবা খাব বিচাৰে। এই ক্ষেত্ৰত চফগুটি খাব পৰা যায়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম অসম এছʼচিয়েচনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ