--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ অন্যতম পাৱাৰ কাপল। কিন্তু এই দম্পতীক কোনো দীপাৱলী পাৰ্টিত উপস্থিত থকা দেখা নগ'ল। এতিয়া অনুৰাগীসকলে ভাবিবলৈ ধৰিছে দুয়োকে একেলগে কিয় দেখা পোৱা নাই। কেটৰিনা কাঈফ-বিকি কৌশলৰ পৰা আৰম্ভ কৰি বলীউডৰ  ঐশ্বৰ্য ৰায়-অভিষেক বচ্চন আৰু সিদ্ধাৰ্থ মলহোত্ৰ-কিয়াৰা আদৱানীকে ধৰি বি-টাউনৰ বাকী ধুনীয়া দম্পতীসকলক একেলগে দীপাৱলী পাৰ্টিত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ হৈ যোৱা মনীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত অনেক বলীউড কাপলে শোভা বঢ়াইছিল যদিও ইয়াত সকলোৱে ৰণবীৰ সিং আৰু দীপিকা পাডুকনক বহুত মিছ কৰিছিল।

কিছুদিন আগতে ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ মাজত সকলো ঠিক চলি থকা নাই বুলি উৰাবাতৰি ওলাইছিল। কেৱল এয়াই নহয়, তেওঁলোকৰ বিচ্ছেদৰ উৰাবাতৰিয়ে তেওঁলোকৰ অনুৰাগীৰ হৃদয় ভাঙি পেলালে। এতিয়া কোনো পাৰ্টিতে দুয়োৰে একেলগে অনুপস্থিতিয়ে আকৌ এবাৰ ৰাইজক আচৰিত কৰি তুলিছে। অনুৰাগীসকলে ৰণবীৰ আৰু দীপিকাৰ মাজত বিভাজনৰ সন্দেহ অনুভৱ কৰিছে। অৱশ্যে তেনেকুৱা একো নহয়। দুয়োজনেই ইজনে সিজনক লৈ বহুত সুখী।

সাধাৰণতে দীপিকা পাডুকনে নিজৰ গৃহ চহৰ বাংগালুৰুত পিতৃ-মাতৃৰ সৈতে উৎসৱ পালন কৰি ভাল পায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইবাৰ দীপিকাই শহুৰৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিব। খবৰ অনুসৰি মুম্বাইয়ে হওক বা বেংগালুৰুয়ে হওক ৰণবীৰ আৰু দীপিকাই একেলগে দীপাৱলী উদযাপন কৰিব। দীপাৱলীৰ দিনা পত্নীৰ পৰা আঁতৰত নাথাকে ৰণবীৰ সিং। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীপাৱলীৰ পূৰ্বে ৰণবীৰে কাম শেষ কৰি দীপিকাৰ ওচৰলৈ আহিব বিচাৰে। ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ অনুৰাগীসকলে পুনৰবাৰ অপেক্ষা কৰি আছে এই যুটিৰ এখন নতুন ছবিৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী