--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু দীপিকা পাডুকন বলীউডৰ অন্যতম পাৱাৰ কাপল। কিন্তু এই দম্পতীক কোনো দীপাৱলী পাৰ্টিত উপস্থিত থকা দেখা নগ'ল। এতিয়া অনুৰাগীসকলে ভাবিবলৈ ধৰিছে দুয়োকে একেলগে কিয় দেখা পোৱা নাই। কেটৰিনা কাঈফ-বিকি কৌশলৰ পৰা আৰম্ভ কৰি বলীউডৰ  ঐশ্বৰ্য ৰায়-অভিষেক বচ্চন আৰু সিদ্ধাৰ্থ মলহোত্ৰ-কিয়াৰা আদৱানীকে ধৰি বি-টাউনৰ বাকী ধুনীয়া দম্পতীসকলক একেলগে দীপাৱলী পাৰ্টিত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ হৈ যোৱা মনীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত অনেক বলীউড কাপলে শোভা বঢ়াইছিল যদিও ইয়াত সকলোৱে ৰণবীৰ সিং আৰু দীপিকা পাডুকনক বহুত মিছ কৰিছিল।

কিছুদিন আগতে ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ মাজত সকলো ঠিক চলি থকা নাই বুলি উৰাবাতৰি ওলাইছিল। কেৱল এয়াই নহয়, তেওঁলোকৰ বিচ্ছেদৰ উৰাবাতৰিয়ে তেওঁলোকৰ অনুৰাগীৰ হৃদয় ভাঙি পেলালে। এতিয়া কোনো পাৰ্টিতে দুয়োৰে একেলগে অনুপস্থিতিয়ে আকৌ এবাৰ ৰাইজক আচৰিত কৰি তুলিছে। অনুৰাগীসকলে ৰণবীৰ আৰু দীপিকাৰ মাজত বিভাজনৰ সন্দেহ অনুভৱ কৰিছে। অৱশ্যে তেনেকুৱা একো নহয়। দুয়োজনেই ইজনে সিজনক লৈ বহুত সুখী।

সাধাৰণতে দীপিকা পাডুকনে নিজৰ গৃহ চহৰ বাংগালুৰুত পিতৃ-মাতৃৰ সৈতে উৎসৱ পালন কৰি ভাল পায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইবাৰ দীপিকাই শহুৰৰ পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিব। খবৰ অনুসৰি মুম্বাইয়ে হওক বা বেংগালুৰুয়ে হওক ৰণবীৰ আৰু দীপিকাই একেলগে দীপাৱলী উদযাপন কৰিব। দীপাৱলীৰ দিনা পত্নীৰ পৰা আঁতৰত নাথাকে ৰণবীৰ সিং। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দীপাৱলীৰ পূৰ্বে ৰণবীৰে কাম শেষ কৰি দীপিকাৰ ওচৰলৈ আহিব বিচাৰে। ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ অনুৰাগীসকলে পুনৰবাৰ অপেক্ষা কৰি আছে এই যুটিৰ এখন নতুন ছবিৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক