--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ ছবিৰ নায়কৰ পৰা খলনায়কলৈকে প্ৰতিটো চৰিত্ৰতে নিজৰ চমৎকাৰী অভিনয়ৰে অনুৰাগীৰ হৃদয়ত স্থান পাইছিল সঞ্জয় দত্তই। ছাউথৰ ছবিত তেওঁৰ দখলো অতি দ্ৰুত আছিল। শেহতীয়াকৈ সঞ্জয় দত্তই ছুপাৰষ্টাৰ যশৰ ছবি ‘কেজিএফ-২’ত নেতিবাচক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰেও সঞ্জু বাবাক আৰু বহুতো টলীউডৰ ছবিত দেখা পোৱা যাব। দক্ষিণ চিনেমাত তেওঁৰ বাবে ব্যাপক জনপ্ৰিয়তাৰ বিপৰীতে টলীউডৰ ছবিজগতলৈ তেওঁ যথেষ্ট আগ্ৰহী।

 বলীউডক লৈ কি ক’লে সঞ্জয় দত্ত-

অতিশীঘ্ৰেই সঞ্জয় দত্তক তামিল ছবি ‘থালাপাথী-৬৭’ আৰু কানাড়া ছবি ‘কে ডি দ্যা ডেভিল’ত দেখা যাব। শেহতীয়াকৈ ‘কে ডি দ্য ডেভিল’ৰ হিন্দী টিজাৰ মুক্তিৰ সময়ত এক অনুষ্ঠানত সঞ্জয় দত্তই অধিকসংখ্যক চাউথ ছবিত কাম কৰাৰ কথা কৈছিল। ইয়াৰ লগতে তেওঁ কয় যে আজিৰ সময়ত বলীউডে দক্ষিণ উদ্যোগৰ পৰা বহু কথাই শিকিবলগীয়া আছে।

 টলীউডৰ প্ৰতি অধিক আগ্ৰহী সঞ্জয় দত্ত-

অনুষ্ঠানত সঞ্জয় দত্তই কয়, ‘মই কেজিএফত কাম কৰিছিলো আৰু এতিয়া পৰিচালক প্ৰেমৰ সৈতে কেডি-দ্যা ডেভিল শুনি আছো। মই ভাবো এতিয়া মই আৰু অধিক দক্ষিণ ভাৰতীয় ছবিত কাম কৰিবলৈ আগ্ৰহী। এইখিনিতে তেওঁ কয় যে মই কেজিএফ আৰু এছ এছ ৰাজামৌলিৰ সৈতে কাম কৰিছিলো। মই ভাবো বলীউডে কেতিয়াও নিজৰ শিপা পাহৰিব নালাগে আৰু এইবোৰ কথা দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ পৰা শিকিব লাগে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু ভানী কাপুৰৰ ছবি ‘শমশ্বেৰা’ত। তেওঁৰ নেতিবাচক চৰিত্ৰটোও এই ছবিখনত দেখা পোৱা গৈছিল। ‘শমশ্বেৰা’ বক্সঅফিচত বিশেষ একো দেখুৱাব নোৱাৰিলেও তেওঁৰ অভিনয়ে নিশ্চিতভাৱে দৰ্শকৰ হৃদয় জয় কৰিছিল।

 সঞ্জয় দত্তৰ আগন্তুক দক্ষিণৰ ছবি ‘কে ডি-দ্যা ডেভিল’ত মুখ্য চৰিত্ৰত দেখা যাব ধ্ৰুৱ সৰ্জাক। প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখন। ২০২৩ চনত কানাড়া, তামিল, মালয়ালম, তেলেগু আৰু হিন্দী ভাষাৰ ছবিগৃহত মুক্তি লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু