--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বলীউডৰ ছবিৰ নায়কৰ পৰা খলনায়কলৈকে প্ৰতিটো চৰিত্ৰতে নিজৰ চমৎকাৰী অভিনয়ৰে অনুৰাগীৰ হৃদয়ত স্থান পাইছিল সঞ্জয় দত্তই। ছাউথৰ ছবিত তেওঁৰ দখলো অতি দ্ৰুত আছিল। শেহতীয়াকৈ সঞ্জয় দত্তই ছুপাৰষ্টাৰ যশৰ ছবি ‘কেজিএফ-২’ত নেতিবাচক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাহিৰেও সঞ্জু বাবাক আৰু বহুতো টলীউডৰ ছবিত দেখা পোৱা যাব। দক্ষিণ চিনেমাত তেওঁৰ বাবে ব্যাপক জনপ্ৰিয়তাৰ বিপৰীতে টলীউডৰ ছবিজগতলৈ তেওঁ যথেষ্ট আগ্ৰহী।

 বলীউডক লৈ কি ক’লে সঞ্জয় দত্ত-

অতিশীঘ্ৰেই সঞ্জয় দত্তক তামিল ছবি ‘থালাপাথী-৬৭’ আৰু কানাড়া ছবি ‘কে ডি দ্যা ডেভিল’ত দেখা যাব। শেহতীয়াকৈ ‘কে ডি দ্য ডেভিল’ৰ হিন্দী টিজাৰ মুক্তিৰ সময়ত এক অনুষ্ঠানত সঞ্জয় দত্তই অধিকসংখ্যক চাউথ ছবিত কাম কৰাৰ কথা কৈছিল। ইয়াৰ লগতে তেওঁ কয় যে আজিৰ সময়ত বলীউডে দক্ষিণ উদ্যোগৰ পৰা বহু কথাই শিকিবলগীয়া আছে।

 টলীউডৰ প্ৰতি অধিক আগ্ৰহী সঞ্জয় দত্ত-

অনুষ্ঠানত সঞ্জয় দত্তই কয়, ‘মই কেজিএফত কাম কৰিছিলো আৰু এতিয়া পৰিচালক প্ৰেমৰ সৈতে কেডি-দ্যা ডেভিল শুনি আছো। মই ভাবো এতিয়া মই আৰু অধিক দক্ষিণ ভাৰতীয় ছবিত কাম কৰিবলৈ আগ্ৰহী। এইখিনিতে তেওঁ কয় যে মই কেজিএফ আৰু এছ এছ ৰাজামৌলিৰ সৈতে কাম কৰিছিলো। মই ভাবো বলীউডে কেতিয়াও নিজৰ শিপা পাহৰিব নালাগে আৰু এইবোৰ কথা দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ পৰা শিকিব লাগে। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু ভানী কাপুৰৰ ছবি ‘শমশ্বেৰা’ত। তেওঁৰ নেতিবাচক চৰিত্ৰটোও এই ছবিখনত দেখা পোৱা গৈছিল। ‘শমশ্বেৰা’ বক্সঅফিচত বিশেষ একো দেখুৱাব নোৱাৰিলেও তেওঁৰ অভিনয়ে নিশ্চিতভাৱে দৰ্শকৰ হৃদয় জয় কৰিছিল।

 সঞ্জয় দত্তৰ আগন্তুক দক্ষিণৰ ছবি ‘কে ডি-দ্যা ডেভিল’ত মুখ্য চৰিত্ৰত দেখা যাব ধ্ৰুৱ সৰ্জাক। প্ৰকৃত ঘটনাৰ আধাৰত নিৰ্মিত এই ছবিখন। ২০২৩ চনত কানাড়া, তামিল, মালয়ালম, তেলেগু আৰু হিন্দী ভাষাৰ ছবিগৃহত মুক্তি লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক