--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া মাথোঁ বিয়াৰ বতৰ। এই বতৰতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ঘোষণা কৰিলে এক বিয়াৰ খবৰ। ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছৰ আনন্দ-উলাহৰ মাজতে মন্ত্ৰী ইৰাণীয়ে ঘোষণা কৰে যে তেওঁৰ কন্যা শ্যানেলৰ অৰ্জুন ভল্লাৰ সৈতে বাগদান সম্পন্ন হৈছে। স্মৃতিয়ে ইনষ্টাগ্ৰামত এই নৱ দম্পতীৰ ধুনীয়া ফটো এখন পোষ্ট কৰে। অৰ্জুন ভল্লা লণ্ডনৰ পৰা এমবিএ ডিগ্ৰীধাৰী। প্ৰথম ফটোখনত এক মনোৰম স্থানত অৰ্জুনে আঁঠু কাঢ়ি শ্যানেলক প্ৰস্তাৱ দিয়া দেখা গৈছে। দ্বিতীয় ফটোখনত শ্যানেল আৰু অৰ্জুনক ফটোৰ বাবে হাঁহি হাঁহি পজ দিয়া দেখা গৈছিল। স্মৃতি ইৰাণীয়ে ফটোৰ সৈতে এক হাস্যৰসেৰে ভৰপূৰ কেপশ্বনো লিখে।

কেপশ্বনটোত স্মৃতিয়ে লিখিছে- ''এই পোষ্টটো তেওঁৰ বাবে যিয়ে আমাৰ অন্তৰ জয় কৰিলে। অৰ্জুন ভাল্লা আমাৰ দৰে বলিয়া পৰিয়াল এটালৈ তোমাক স্বাগতম। তোমাক মই এইকাৰণেই আশীৰ্বাদ দিছো যে তুমি শহুৰ হিচাপে এজন পাগল ব্যক্তিক চম্ভালিব লাগিব আৰু তাতকৈও ওপৰত শাহু হিচাপে মোক(এয়া তোমালৈ সতৰ্কবাণী বুলি ধৰা)। ভগৱানে তোমাক মংগল কৰক।'' এই পোষ্টটোৰ মন্তব্য শাখা কেইবাজনো চেলিব্ৰিটি আৰু স্মৃতিৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰে।

উল্লেখ্য যে স্মৃতি ইৰাণীৰ স্বামীৰ নাম জুবিন ইৰাণী। জুবিন ইৰাণীৰ দ্বিতীয় পত্নী স্মৃতি ইৰাণী।শ্যানেল হৈছে জুবিন ইৰাণীৰ প্ৰথমা পত্নী মনা ইৰাণীৰ কন্যা। স্মৃতিৰ ফালৰ পৰা আছে দুটি সন্তান জোহৰ আৰু জইশ। স্মৃতি ইৰাণী হৈছে কেন্দ্ৰীয় বস্ত্ৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী। একতা কাপুৰৰ দ্বাৰা পৰিচালিত 'কিউকি চাছ ভি কভী বহু থী' ধাৰাবাহিকত তুলসী চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল স্মৃতি ইৰাণী।তেওঁ আছিল মিছ ইণ্ডিয়া-১৯৯৮ৰ অন্যতম অংশগ্ৰহণকাৰী । ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়াৰে পৰা এগৰাকী শক্তিশালী নেত্ৰী হিচাপে নেতৃত্ব বহন কৰি আহিছে স্মৃতি ইৰাণীয়ে।

আৰু পঢ়কঃ ৰে’লৰ আগত পৰি আত্মহত্যা প্ৰেমিক-প্ৰেমিকাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা