--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এতিয়া মাথোঁ বিয়াৰ বতৰ। এই বতৰতে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ঘোষণা কৰিলে এক বিয়াৰ খবৰ। ২৫ ডিচেম্বৰত খ্ৰীষ্টমাছৰ আনন্দ-উলাহৰ মাজতে মন্ত্ৰী ইৰাণীয়ে ঘোষণা কৰে যে তেওঁৰ কন্যা শ্যানেলৰ অৰ্জুন ভল্লাৰ সৈতে বাগদান সম্পন্ন হৈছে। স্মৃতিয়ে ইনষ্টাগ্ৰামত এই নৱ দম্পতীৰ ধুনীয়া ফটো এখন পোষ্ট কৰে। অৰ্জুন ভল্লা লণ্ডনৰ পৰা এমবিএ ডিগ্ৰীধাৰী। প্ৰথম ফটোখনত এক মনোৰম স্থানত অৰ্জুনে আঁঠু কাঢ়ি শ্যানেলক প্ৰস্তাৱ দিয়া দেখা গৈছে। দ্বিতীয় ফটোখনত শ্যানেল আৰু অৰ্জুনক ফটোৰ বাবে হাঁহি হাঁহি পজ দিয়া দেখা গৈছিল। স্মৃতি ইৰাণীয়ে ফটোৰ সৈতে এক হাস্যৰসেৰে ভৰপূৰ কেপশ্বনো লিখে।

কেপশ্বনটোত স্মৃতিয়ে লিখিছে- ''এই পোষ্টটো তেওঁৰ বাবে যিয়ে আমাৰ অন্তৰ জয় কৰিলে। অৰ্জুন ভাল্লা আমাৰ দৰে বলিয়া পৰিয়াল এটালৈ তোমাক স্বাগতম। তোমাক মই এইকাৰণেই আশীৰ্বাদ দিছো যে তুমি শহুৰ হিচাপে এজন পাগল ব্যক্তিক চম্ভালিব লাগিব আৰু তাতকৈও ওপৰত শাহু হিচাপে মোক(এয়া তোমালৈ সতৰ্কবাণী বুলি ধৰা)। ভগৱানে তোমাক মংগল কৰক।'' এই পোষ্টটোৰ মন্তব্য শাখা কেইবাজনো চেলিব্ৰিটি আৰু স্মৃতিৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰে।

উল্লেখ্য যে স্মৃতি ইৰাণীৰ স্বামীৰ নাম জুবিন ইৰাণী। জুবিন ইৰাণীৰ দ্বিতীয় পত্নী স্মৃতি ইৰাণী।শ্যানেল হৈছে জুবিন ইৰাণীৰ প্ৰথমা পত্নী মনা ইৰাণীৰ কন্যা। স্মৃতিৰ ফালৰ পৰা আছে দুটি সন্তান জোহৰ আৰু জইশ। স্মৃতি ইৰাণী হৈছে কেন্দ্ৰীয় বস্ত্ৰ আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী। একতা কাপুৰৰ দ্বাৰা পৰিচালিত 'কিউকি চাছ ভি কভী বহু থী' ধাৰাবাহিকত তুলসী চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল স্মৃতি ইৰাণী।তেওঁ আছিল মিছ ইণ্ডিয়া-১৯৯৮ৰ অন্যতম অংশগ্ৰহণকাৰী । ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়াৰে পৰা এগৰাকী শক্তিশালী নেত্ৰী হিচাপে নেতৃত্ব বহন কৰি আহিছে স্মৃতি ইৰাণীয়ে।

আৰু পঢ়কঃ ৰে’লৰ আগত পৰি আত্মহত্যা প্ৰেমিক-প্ৰেমিকাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ