--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱী সৰস্বতীক অপমান কৰি বিপদত এগৰাকী শিক্ষয়িত্ৰী৷বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক অপমান কৰা আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত  ৰাজস্থানৰ বৰাণ জিলাত নিযুক্তিপ্ৰাপ্ত চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকক নিলম্বন কৰা হয়। শনিবাৰে এগৰাকী শিক্ষা বিষয়াই জনোৱা মতে, ৰাজস্থানৰ শিক্ষামন্ত্ৰী মদন দিলাৱাৰৰ নিৰ্দেশত শুকুৰবাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হেমলতা বৈৰৱাক নিলম্বন কৰা হয়।

ৰাজস্থানৰ বিদ্যালয় শিক্ষামন্ত্ৰী মদন দিলাৱাৰে বৃহস্পতিবাৰে বৰাণ জিলাৰ কিষানগঞ্জ অঞ্চল ভ্ৰমণৰ সময়ত এখন ৰাজহুৱা সভাত ভাষণ দি কৈছিল যে, “কিছুমান মানুহে নিজকে ইমান গুৰুত্ব দিয়ে, আৰু তেওঁলোকে সোধে যে বিদ্যালয়ত দেৱী সৰস্বতীৰ অৱদান কি, এই ক্ষেত্ৰত যিয়েই এই কথা কয়, মই তেওঁক নিলম্বন কৰি দিওঁ।"

মন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ এদিন পাছতে শুকুৰবাৰে বৰাণৰ কিষানগঞ্জ অঞ্চলৰ লাকদৈ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত লেভেল ১ৰ শিক্ষয়িত্ৰী হেমলতা বৈৰৱাক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে। জিলাখনৰ শিক্ষা বিষয়াক শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰিবলৈ কোৱা হৈছে। অৱশ্যে বৰাণ জিলা শিক্ষা বিভাগৰ বিষয়াগৰাকীয়ে দাবী কৰে যে বৈৰৱাৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত আৰু উচটনি দিয়াৰ প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতে নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে।

বৰাণ জিলা শিক্ষা (প্ৰাথমিক) বিষয়া পীয়ুষ কুমাৰ শৰ্মাই কয় যে শুকুৰবাৰে তেওঁক নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে। কিষানগঞ্জ অঞ্চলৰ লাকাদিয়াত অৱস্থিত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ সময়ত দেৱী সৰস্বতীৰ ছবি মঞ্চত ৰখাৰ বিতৰ্কৰ প্ৰাৰম্ভিক তদন্তত শিক্ষয়িত্ৰীগৰাকীক স্থানীয় ৰাইজৰ ধৰ্মীয় আৱেগক আঘাত আৰু উত্তেজিত কৰাৰ বাবে দায়ী বুলি চিহ্নিত কৰা হয়৷

চলিত বৰ্ষৰ ২৬ জানুৱাৰীত বিদ্যালয়খনত গণৰাজ্য দিৱস উদযাপনৰ সময়ত প্ৰাথমিক শিক্ষক আৰু অন্যান্য গাঁওবাসীৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। এই অনুষ্ঠানত মহাত্মা গান্ধী আৰু ভীমৰাও আম্বেদকাৰৰ ছবিৰ লগতে দেৱী সৰস্বতীৰ ছবিখন মঞ্চত উলিয়াবলৈ বৈৰৱাই অস্বীকাৰ কৰাৰ বিপৰীতে স্থানীয় গাঁওবাসী দেৱী সৰস্বতীৰ ছবিখন মঞ্চত ৰখাত অটল আছিল।তেতিয়া শিক্ষয়িত্ৰীগৰাকী স্থানীয় ৰাইজক কয় যে দেৱী সৰস্বতীয়ে বিদ্যালয় আৰু শিক্ষাৰ ক্ষেত্ৰত একো অৱদান আগবঢ়োৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু