--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেৱী সৰস্বতীক অপমান কৰি বিপদত এগৰাকী শিক্ষয়িত্ৰী৷বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক অপমান কৰা আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত  ৰাজস্থানৰ বৰাণ জিলাত নিযুক্তিপ্ৰাপ্ত চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকক নিলম্বন কৰা হয়। শনিবাৰে এগৰাকী শিক্ষা বিষয়াই জনোৱা মতে, ৰাজস্থানৰ শিক্ষামন্ত্ৰী মদন দিলাৱাৰৰ নিৰ্দেশত শুকুৰবাৰে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হেমলতা বৈৰৱাক নিলম্বন কৰা হয়।

ৰাজস্থানৰ বিদ্যালয় শিক্ষামন্ত্ৰী মদন দিলাৱাৰে বৃহস্পতিবাৰে বৰাণ জিলাৰ কিষানগঞ্জ অঞ্চল ভ্ৰমণৰ সময়ত এখন ৰাজহুৱা সভাত ভাষণ দি কৈছিল যে, “কিছুমান মানুহে নিজকে ইমান গুৰুত্ব দিয়ে, আৰু তেওঁলোকে সোধে যে বিদ্যালয়ত দেৱী সৰস্বতীৰ অৱদান কি, এই ক্ষেত্ৰত যিয়েই এই কথা কয়, মই তেওঁক নিলম্বন কৰি দিওঁ।"

মন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ এদিন পাছতে শুকুৰবাৰে বৰাণৰ কিষানগঞ্জ অঞ্চলৰ লাকদৈ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিযুক্তিপ্ৰাপ্ত লেভেল ১ৰ শিক্ষয়িত্ৰী হেমলতা বৈৰৱাক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে। জিলাখনৰ শিক্ষা বিষয়াক শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ কথা বিবেচনা কৰিবলৈ কোৱা হৈছে। অৱশ্যে বৰাণ জিলা শিক্ষা বিভাগৰ বিষয়াগৰাকীয়ে দাবী কৰে যে বৈৰৱাৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত আৰু উচটনি দিয়াৰ প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতে নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে।

বৰাণ জিলা শিক্ষা (প্ৰাথমিক) বিষয়া পীয়ুষ কুমাৰ শৰ্মাই কয় যে শুকুৰবাৰে তেওঁক নিলম্বনৰ নিৰ্দেশ জাৰি কৰা হৈছে। কিষানগঞ্জ অঞ্চলৰ লাকাদিয়াত অৱস্থিত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ সময়ত দেৱী সৰস্বতীৰ ছবি মঞ্চত ৰখাৰ বিতৰ্কৰ প্ৰাৰম্ভিক তদন্তত শিক্ষয়িত্ৰীগৰাকীক স্থানীয় ৰাইজৰ ধৰ্মীয় আৱেগক আঘাত আৰু উত্তেজিত কৰাৰ বাবে দায়ী বুলি চিহ্নিত কৰা হয়৷

চলিত বৰ্ষৰ ২৬ জানুৱাৰীত বিদ্যালয়খনত গণৰাজ্য দিৱস উদযাপনৰ সময়ত প্ৰাথমিক শিক্ষক আৰু অন্যান্য গাঁওবাসীৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। এই অনুষ্ঠানত মহাত্মা গান্ধী আৰু ভীমৰাও আম্বেদকাৰৰ ছবিৰ লগতে দেৱী সৰস্বতীৰ ছবিখন মঞ্চত উলিয়াবলৈ বৈৰৱাই অস্বীকাৰ কৰাৰ বিপৰীতে স্থানীয় গাঁওবাসী দেৱী সৰস্বতীৰ ছবিখন মঞ্চত ৰখাত অটল আছিল।তেতিয়া শিক্ষয়িত্ৰীগৰাকী স্থানীয় ৰাইজক কয় যে দেৱী সৰস্বতীয়ে বিদ্যালয় আৰু শিক্ষাৰ ক্ষেত্ৰত একো অৱদান আগবঢ়োৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী