--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চস্বৰৰ সংগীতেই প্ৰাণ কাঢ়ি ল’লে এজন ব্যক্তিৰ৷ ওড়িশাৰ ৰৌৰকেলাৰ এজন ৫০ বছৰীয়া ব্যক্তিৰ সৰস্বতী মূৰ্তি বিসৰ্জনৰ সময়ত উচ্চস্বৰ সংগীতৰ ফলত  হোৱা হাৰ্ট এটেকত মৃত্যু হয়।ইতিমধ্যে বিসৰ্জন অনুষ্ঠানৰ সময়ত সংগীত বজোৱা ডিজেক আৰক্ষীয়ে আটক কৰিছে।


প্ৰেমনাথ বৰাভয়া নামৰ নিহত যুৱকজন চাহ ষ্টলৰ মালিক আছিল। মূৰ্তি বিসৰ্জনৰ বাবে শোভাযাত্ৰাৰ সময়ত এজন ডিজে-এ বজাই থকা উচ্চস্বৰৰ সংগীতৰ বাবেই ব্যক্তিজন হাৰ্ট এটেকত আক্ৰান্ত হয় বুলি অভিযোগ উঠিছে।


সূত্ৰৰ পৰা জানিব পৰা মতে, এই উপলক্ষে সংগীত বজাবলৈ ভদ্ৰক জিলাৰ পৰা এটা ব্যক্তিগত দল নিয়োগ কৰা হৈছিল।সংগীতৰ কোলাহলত বাৰাভয়া ঢলি পৰাৰ পাছত তেওঁক ৰৌৰকেলা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে।ব্যক্তিজনৰ মৃত্যুৰ পাছতে স্থানীয় ৰাইজে ৰঘুনাথপালী থানা ঘেৰাও কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু