--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বিশেষ মাছে  এতিয়া কৌতূহলৰ সৃষ্টি কৰিছে সমগ্ৰ পশ্চিমবংগতে। দীঘাৰ উপকূললৈ অনা  মাছটোৰ মুখখন দেখিবলৈ এখন কাঠ কটা কৰতৰ দৰে। ৫০০ কিলোগ্ৰাম ওজনৰ মাছটোকলৈ সেয়ে  কৌতূহলৰ সৃষ্টি হৈছে।

এক কথাত ক’বলৈ গ’লে দেখিবলৈ মাছৰ দৰে হ’লেও এয়া যেন  মাছ নহয়, কোনো দৈত্যহে! দেওবাৰে পুৱা বহুলোকে দীঘাৰ উপকূলত মাছটো চাবলৈ হেতাওপৰা লগায়।  মাছমৰীয়াসকলে কৈছে যে মাছটোৰ ওজন প্ৰায় ৫৫০ কিলোগ্ৰাম।

মাছটো হাঙৰৰ দৰেও  দেখাত।  স্থানীয় ভাষাত মাছটোৰ নাম হৈছে 'চিৰুণী ফালা মাছ'। দেওবাৰে, দীঘাত  মাছৰ বেষ্টনীত এই মাছটো দেখি  ব্যৱসায়ীসকলৰ মাজতো  কৌতূহল  হৈছিল। মাছ ব্যৱসায়ী অৰূপ কুমাৰ ভালে কয়, "এই মাছ সহজে  জালত নপৰে। এই মাছ বংগোপসাগৰত অতি গভীৰ অংশত পোৱা  যায়।" 

দীঘাৰ মাছ ব্যৱসায়ীসকলৰ মতে, এই মাছটোৰ মুখত থকা ফনীখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইয়াৰ দাম কম-বেছি হয়।  ফনী খন যিমানে ডাঙৰ হয় মাছটোৰ  মূল্যও সিমানে বেছি হয়। এই ফনী খন  জীৱন ৰক্ষাকাৰী ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় বুলি তেওঁলোকে কয়।

দৰাচলতে মাছটো হেনো  ওৰিশাৰ সাগৰতহে  ধৰা পৰিছিল। তাৰ পিছত মাছটো বিক্ৰীৰ বাবেহে  দীঘালৈ অনা হয়। মাছমৰীয়াসকলে কৈছে যে মাছটো কেইবা হাজাৰ টকাত বিক্ৰী কৰিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক