--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্কঃ গাড়ী বা অন্যান্য বিলাসী সামগ্ৰী, এটা পোহনীয়া ম’হৰ দাম ১০ কোটি টকা! অবিস্বাস্য হ’লেও হাৰিয়ানাৰ এটা ম’হৰ দাম ১০ কোটি টকালৈকে উঠিছে।

সম্প্ৰতি মধ্যপ্ৰদেশৰ মুৰেনাত তিনি দিনীয়াকৈ কৃষক মেলা চলি আছে। হাৰিয়ানাৰ পৰা নবীন সিংহ নামৰ এজন কৃষকে নিজৰ পোহনীয়া ম’হটো বিক্ৰী কৰিবলৈ আনিছে। ম’হটোৰ নাম গোলু-২।

কৃষক মেলাখনত গোলু-২ক চাবলৈ দৰ্শকে ভিৰ কৰিছে। ম’হটোৰ নামাকৰণও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ম’হটোৰ পালক নবীনে জনাইছে যে গোলু-২ৰ এজন ককাক আছিল। নামটো আছিল গোলু-১।

গোলু-১ৰ সন্তান আছিল যুৱৰাজ, শ্বাহেনশ্বাহ আৰু চুলতান। এই সন্তানকেইটাও কোটি টকাৰ দৰত বিক্ৰী হৈছিল। কিন্তু গোলু-১ৰ এতিয়া মৃত্যু হৈছে। ককাকৰ নামৰ স’তে সংগতি ৰাখিয়ে নাতিয়েকৰ নামো গোলু-২ ৰখা হৈছে।

গোলু-২ৰ ওজন ডেড় টন। ১২ জন বন্দুকধাৰীয়ে গোলু-২ক নিৰাপত্তাৰ দায়িত্বত থাকে। কৃষক মেলাখনতো স্থানীয় প্ৰশাসনে গোলু-২ৰ বাবে তিনিজনকৈ আৰক্ষী নিয়োগ কৰিছে।

গোলু-২ৰ খাদ্যও বিলাসী। দিনৰ আৰম্ভণিতেই ১০ কিলো খাদ্যশস্য খায় ম’হটোৱে। তাৰ ডেৰ ঘণ্টাৰ পাছত দেশী ঘিউ মিহলোৱা ৭ লিটাৰ গাখীৰ খায়। গাখীৰ খোৱাৰ পাছত ৰ’দত বান্ধি ৰখা হয় গোলু-২ক।

কেৱল সেয়াই নহয়, গোলু-২ৰ বাবে চুইমিং পুলো বনাইছে নবীনে। চুইমিং পুলত দুঘণ্টা গা ধুৱে গোলু-২ৱে। দুপৰীয়া সময়ত ১৫ কিলো ঘাঁহ খাবলৈ দিয়া হয়। দুঘণ্টাৰ পাছত পুনৰ ১৫ কিলো খাদ্যশস্য ভক্ষণ কৰে ম’হটোৱে। ইয়াৰোপৰি গাজৰ, মৌচুম্বী টেঙাৰ দৰে নানাধৰণৰ ফল গোলু-২ৱে খায়। দিনে ২০ লিটাৰ গাখীৰো খায় ম’হটোৱে।

গোলু-২ৰ বিষয়ে পালক নবীনৰ মন্তব্য এনেধৰণৰ- “গোলুক মই প্ৰতিখন পশু মেলালৈ লৈ যায়। সি মোৰ সন্তানৰ দৰে। মেলালৈ নিলেও তাক বিক্ৰী কৰাৰ ইচ্ছা নাই।”

বজাৰত গোলুৰ বীৰ্যৰ প্ৰচুৰ চাহিদা আছে বুলি দাবী কৰে নবীনে। এবাৰত ১৫০০-২০০০ ইউনিট বীৰ্য নিষ্কাষণ কৰা হয়। প্ৰতি ইউনিট বীৰ্য ৩০০ টকাত বিক্ৰী কৰা হয়। এই বীৰ্য বিক্ৰী কৰিয়েই প্ৰতি মাহে ১২ লাখ টকা আয় হয় বুলি নবীনে জনায়। মাহত ৩ লাখ টকা খৰচ কৰা হয় গোলুৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু