--°C
Loading...
Listen to Article
2 min read
80%

 

ডিজিটেল ডেস্কঃ গাড়ী বা অন্যান্য বিলাসী সামগ্ৰী, এটা পোহনীয়া ম’হৰ দাম ১০ কোটি টকা! অবিস্বাস্য হ’লেও হাৰিয়ানাৰ এটা ম’হৰ দাম ১০ কোটি টকালৈকে উঠিছে।

সম্প্ৰতি মধ্যপ্ৰদেশৰ মুৰেনাত তিনি দিনীয়াকৈ কৃষক মেলা চলি আছে। হাৰিয়ানাৰ পৰা নবীন সিংহ নামৰ এজন কৃষকে নিজৰ পোহনীয়া ম’হটো বিক্ৰী কৰিবলৈ আনিছে। ম’হটোৰ নাম গোলু-২।

কৃষক মেলাখনত গোলু-২ক চাবলৈ দৰ্শকে ভিৰ কৰিছে। ম’হটোৰ নামাকৰণও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ম’হটোৰ পালক নবীনে জনাইছে যে গোলু-২ৰ এজন ককাক আছিল। নামটো আছিল গোলু-১।

গোলু-১ৰ সন্তান আছিল যুৱৰাজ, শ্বাহেনশ্বাহ আৰু চুলতান। এই সন্তানকেইটাও কোটি টকাৰ দৰত বিক্ৰী হৈছিল। কিন্তু গোলু-১ৰ এতিয়া মৃত্যু হৈছে। ককাকৰ নামৰ স’তে সংগতি ৰাখিয়ে নাতিয়েকৰ নামো গোলু-২ ৰখা হৈছে।

গোলু-২ৰ ওজন ডেড় টন। ১২ জন বন্দুকধাৰীয়ে গোলু-২ক নিৰাপত্তাৰ দায়িত্বত থাকে। কৃষক মেলাখনতো স্থানীয় প্ৰশাসনে গোলু-২ৰ বাবে তিনিজনকৈ আৰক্ষী নিয়োগ কৰিছে।

গোলু-২ৰ খাদ্যও বিলাসী। দিনৰ আৰম্ভণিতেই ১০ কিলো খাদ্যশস্য খায় ম’হটোৱে। তাৰ ডেৰ ঘণ্টাৰ পাছত দেশী ঘিউ মিহলোৱা ৭ লিটাৰ গাখীৰ খায়। গাখীৰ খোৱাৰ পাছত ৰ’দত বান্ধি ৰখা হয় গোলু-২ক।

কেৱল সেয়াই নহয়, গোলু-২ৰ বাবে চুইমিং পুলো বনাইছে নবীনে। চুইমিং পুলত দুঘণ্টা গা ধুৱে গোলু-২ৱে। দুপৰীয়া সময়ত ১৫ কিলো ঘাঁহ খাবলৈ দিয়া হয়। দুঘণ্টাৰ পাছত পুনৰ ১৫ কিলো খাদ্যশস্য ভক্ষণ কৰে ম’হটোৱে। ইয়াৰোপৰি গাজৰ, মৌচুম্বী টেঙাৰ দৰে নানাধৰণৰ ফল গোলু-২ৱে খায়। দিনে ২০ লিটাৰ গাখীৰো খায় ম’হটোৱে।

গোলু-২ৰ বিষয়ে পালক নবীনৰ মন্তব্য এনেধৰণৰ- “গোলুক মই প্ৰতিখন পশু মেলালৈ লৈ যায়। সি মোৰ সন্তানৰ দৰে। মেলালৈ নিলেও তাক বিক্ৰী কৰাৰ ইচ্ছা নাই।”

বজাৰত গোলুৰ বীৰ্যৰ প্ৰচুৰ চাহিদা আছে বুলি দাবী কৰে নবীনে। এবাৰত ১৫০০-২০০০ ইউনিট বীৰ্য নিষ্কাষণ কৰা হয়। প্ৰতি ইউনিট বীৰ্য ৩০০ টকাত বিক্ৰী কৰা হয়। এই বীৰ্য বিক্ৰী কৰিয়েই প্ৰতি মাহে ১২ লাখ টকা আয় হয় বুলি নবীনে জনায়। মাহত ৩ লাখ টকা খৰচ কৰা হয় গোলুৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক