--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যায়ামৰ অভাৱ, বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, মানসিক উদ্বেগ—শৰীৰত শিপাই থকা কিছুমান সমস্যাৰ ভিতৰত উচ্চ ৰক্তচাপ আদি অন্তৰ্ভুক্ত। হৃদৰোগৰ দৰে সমস্যা এই ৰোগৰ পৰাই জন্ম হয়। উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ। এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। ভাৰতবৰ্ষত প্ৰতি বছৰে ১০ লাখতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হয়। উচ্চ ৰক্তচাপৰ বাবে ধমনীবোৰৰ ভিতৰৰ বেৰত থকা বিভিন্ন কোষৰ ক্ষতি হয়। ফলত শৰীৰত ধমনীৰ কাৰ্যকলাপত অস্বাভাৱিকতা দেখা যায়। উচ্চ ৰক্তচাপে মগজুতো প্ৰভাৱ পেলায়। ফলত পাছলৈ স্মৃতিশক্তি হেৰুওৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। খাদ্য খোৱাৰ ওপৰত থকা বাধাৰ উপৰি তেওঁক নিয়মিতভাৱে ব্যায়াম কৰিবলৈও কোৱা হয়। উচ্চ ৰক্তচাপৰ সমস্যা কম কৰিবলৈ অধিক পানী খাব লাগে বুলিও চিকিৎসকে কয়। এই ৰোগত শৰীৰ আৰ্দ্ৰ কৰি ৰখাটো প্ৰয়োজন। শৰীৰত পানীৰ অভাৱ হ’লে সমস্যাটো গুৰুতৰ হৈ উঠিব পাৰে। আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ মতে ৰক্তচাপৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অধিক পানী খোৱাতো প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে অধিক পানী খোৱাৰ উপৰি মানসিক চাপ কমোৱা, ধূমপান নকৰা, ওজন নিয়ন্ত্ৰণ আদিও ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয়। কিন্তু উচ্চ ৰক্তচাপৰ সমস্যা কম কৰিবলৈ প্ৰতিদিনে কিমান পানী সেৱন কৰিব লাগে?

 হৃদৰোগ বিশেষজ্ঞৰ মতে উচ্চ ৰক্তচাপ ৰোগীয়ে দিনটোত কমেও ৭-৮ গিলাচ পানী খাব লাগে। পানীয়ে তেজ বিশুদ্ধ কৰাত সহায় কৰে। পানীয়ে তেজৰ পৰা বিভিন্ন আৱৰ্জনা আঁতৰাই পেলায়। পুষ্টিবিদসকলে অৱশ্যে পানী সেৱনৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত ক্ৰেনবেৰীৰ ৰসৰ উপকাৰিতাৰ কথা উল্লেখ কৰে। ভিটামিন-চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই ফলবিধে বিভিন্ন প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ লগতে তেজৰ সোঁত উন্নত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক