--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ব্যায়ামৰ অভাৱ, বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা, মানসিক উদ্বেগ—শৰীৰত শিপাই থকা কিছুমান সমস্যাৰ ভিতৰত উচ্চ ৰক্তচাপ আদি অন্তৰ্ভুক্ত। হৃদৰোগৰ দৰে সমস্যা এই ৰোগৰ পৰাই জন্ম হয়। উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ। এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছে। ভাৰতবৰ্ষত প্ৰতি বছৰে ১০ লাখতকৈ অধিক লোক এই ৰোগত আক্ৰান্ত হয়। উচ্চ ৰক্তচাপৰ বাবে ধমনীবোৰৰ ভিতৰৰ বেৰত থকা বিভিন্ন কোষৰ ক্ষতি হয়। ফলত শৰীৰত ধমনীৰ কাৰ্যকলাপত অস্বাভাৱিকতা দেখা যায়। উচ্চ ৰক্তচাপে মগজুতো প্ৰভাৱ পেলায়। ফলত পাছলৈ স্মৃতিশক্তি হেৰুওৱাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

 উচ্চ ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে দৈনন্দিন জীৱনত কিছু পৰিৱৰ্তন কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। খাদ্য খোৱাৰ ওপৰত থকা বাধাৰ উপৰি তেওঁক নিয়মিতভাৱে ব্যায়াম কৰিবলৈও কোৱা হয়। উচ্চ ৰক্তচাপৰ সমস্যা কম কৰিবলৈ অধিক পানী খাব লাগে বুলিও চিকিৎসকে কয়। এই ৰোগত শৰীৰ আৰ্দ্ৰ কৰি ৰখাটো প্ৰয়োজন। শৰীৰত পানীৰ অভাৱ হ’লে সমস্যাটো গুৰুতৰ হৈ উঠিব পাৰে। আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ মতে ৰক্তচাপৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অধিক পানী খোৱাতো প্ৰয়োজন। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে অধিক পানী খোৱাৰ উপৰি মানসিক চাপ কমোৱা, ধূমপান নকৰা, ওজন নিয়ন্ত্ৰণ আদিও ৰক্তচাপৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয়। কিন্তু উচ্চ ৰক্তচাপৰ সমস্যা কম কৰিবলৈ প্ৰতিদিনে কিমান পানী সেৱন কৰিব লাগে?

 হৃদৰোগ বিশেষজ্ঞৰ মতে উচ্চ ৰক্তচাপ ৰোগীয়ে দিনটোত কমেও ৭-৮ গিলাচ পানী খাব লাগে। পানীয়ে তেজ বিশুদ্ধ কৰাত সহায় কৰে। পানীয়ে তেজৰ পৰা বিভিন্ন আৱৰ্জনা আঁতৰাই পেলায়। পুষ্টিবিদসকলে অৱশ্যে পানী সেৱনৰ লগতে ৰক্তচাপ নিয়ন্ত্ৰণত ক্ৰেনবেৰীৰ ৰসৰ উপকাৰিতাৰ কথা উল্লেখ কৰে। ভিটামিন-চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই ফলবিধে বিভিন্ন প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ লগতে তেজৰ সোঁত উন্নত কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু