--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কাইলৈ ​​অৰ্থাৎ ১৮ আগষ্ট শুকুৰবাৰে অনুষ্ঠিত হ’ব। আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ছিৰিজত টিম ইণ্ডিয়াত বহু নতুন মুখ দেখা যাব। এই শৃংখলাৰ বাবে বেগী বলাৰ জশপ্ৰীত বুমৰাহক টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত প্ৰায় সকলো ছিনিয়ৰ খেলুৱৈকে জিৰণি দিয়া হৈছে। এই দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহ। একে সময়তে যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, শ্বাহবাজ আহমেদ, শিৱম ডুবে, জিতেশ শৰ্মাৰ দৰে যুৱ খেলুৱৈয়ো দলত সন্নিৱিষ্ট হৈছে।

এই ৩ খনমেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ অধিনায়ক হ’ব যশপ্ৰীত বুমৰাহ, যি পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ বহুদিনৰ মূৰত খেলপথাৰলৈ উভতি আহিবলৈ ওলাইছে। ইয়াৰ উপৰিও ৰিংকু সিং আৰু জিতেশ শৰ্মাকো এই টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ ছিৰিজৰ সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ভায়াকম-১৮য়ে। এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ টি-২০ শৃংখলা স্প’ৰ্টছ ১৮ত উপভোগ কৰিব পৰা যাব। এই মেচকেইখন ফেনকোড আৰু জিঅ’ চিনেমাতো চাব পাৰিব।

আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া - যশপ্ৰীত বুমৰাহ (অধিনায়ক), ঋতুৰাজ গাইকোৱাড (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, সঞ্জু চেমছন (উইকেটকীপাৰ), জিতেশ শৰ্মা (উইকেটকীপাৰ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণোই, প্ৰসিদ্ধ কৃষ্ণ,অৰ্শদীপ সিং, মুকেশ কুমাৰ আৰু আবেশ খান।

ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে আয়াৰলেণ্ডৰ দল : পল ষ্টাৰলিং (অধিনায়ক), এণ্ড্ৰু বালবিৰ্নি, মাৰ্ক আডাইৰ, ৰছ আডাইৰ, কাৰ্টিছ কেম্ফাৰ, গেৰেথ ডেলানি, জৰ্জ ডক্ৰেল, ফিয়ন হেণ্ড, জোছুয়া লিটল, বেৰী মেককাৰ্থী, হেৰী টেক্টৰ, লৰ্কেন টাকাৰ, থিও ভ্যান ভয়ৰ্কম , বেন হোৱাইট আৰু ক্ৰেগ ইয়ং।

ভাৰত-আয়াৰলেণ্ড টি-২০ ছিৰিজৰ সূচী

১৮ আগষ্ট - ১ম টি-২০ (ডাবলিন), ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত

২০ আগষ্ট - ২য় টি-২০ (ডাবলিন), ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত

২৩ আগষ্ট - তৃতীয় টি-২০ (ডাবলিন), ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত।












FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু