--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত তিনিখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন খেল কাইলৈ ​​অৰ্থাৎ ১৮ আগষ্ট শুকুৰবাৰে অনুষ্ঠিত হ’ব। আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ছিৰিজত টিম ইণ্ডিয়াত বহু নতুন মুখ দেখা যাব। এই শৃংখলাৰ বাবে বেগী বলাৰ জশপ্ৰীত বুমৰাহক টিম ইণ্ডিয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত প্ৰায় সকলো ছিনিয়ৰ খেলুৱৈকে জিৰণি দিয়া হৈছে। এই দলৰ অধিনায়ক যশপ্ৰীত বুমৰাহ। একে সময়তে যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, শ্বাহবাজ আহমেদ, শিৱম ডুবে, জিতেশ শৰ্মাৰ দৰে যুৱ খেলুৱৈয়ো দলত সন্নিৱিষ্ট হৈছে।

এই ৩ খনমেচৰ টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দলৰ অধিনায়ক হ’ব যশপ্ৰীত বুমৰাহ, যি পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ বহুদিনৰ মূৰত খেলপথাৰলৈ উভতি আহিবলৈ ওলাইছে। ইয়াৰ উপৰিও ৰিংকু সিং আৰু জিতেশ শৰ্মাকো এই টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে।

ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ ছিৰিজৰ সম্প্ৰচাৰৰ অধিকাৰ লাভ কৰিছে ভায়াকম-১৮য়ে। এনে পৰিস্থিতিত প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়া আৰু আয়াৰলেণ্ডৰ টি-২০ শৃংখলা স্প’ৰ্টছ ১৮ত উপভোগ কৰিব পৰা যাব। এই মেচকেইখন ফেনকোড আৰু জিঅ’ চিনেমাতো চাব পাৰিব।

আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে টিম ইণ্ডিয়া - যশপ্ৰীত বুমৰাহ (অধিনায়ক), ঋতুৰাজ গাইকোৱাড (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, তিলক বাৰ্মা, ৰিংকু সিং, সঞ্জু চেমছন (উইকেটকীপাৰ), জিতেশ শৰ্মা (উইকেটকীপাৰ), শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণোই, প্ৰসিদ্ধ কৃষ্ণ,অৰ্শদীপ সিং, মুকেশ কুমাৰ আৰু আবেশ খান।

ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে আয়াৰলেণ্ডৰ দল : পল ষ্টাৰলিং (অধিনায়ক), এণ্ড্ৰু বালবিৰ্নি, মাৰ্ক আডাইৰ, ৰছ আডাইৰ, কাৰ্টিছ কেম্ফাৰ, গেৰেথ ডেলানি, জৰ্জ ডক্ৰেল, ফিয়ন হেণ্ড, জোছুয়া লিটল, বেৰী মেককাৰ্থী, হেৰী টেক্টৰ, লৰ্কেন টাকাৰ, থিও ভ্যান ভয়ৰ্কম , বেন হোৱাইট আৰু ক্ৰেগ ইয়ং।

ভাৰত-আয়াৰলেণ্ড টি-২০ ছিৰিজৰ সূচী

১৮ আগষ্ট - ১ম টি-২০ (ডাবলিন), ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত

২০ আগষ্ট - ২য় টি-২০ (ডাবলিন), ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত

২৩ আগষ্ট - তৃতীয় টি-২০ (ডাবলিন), ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭:৩০ বজাত।












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক